ETV Bharat / sitara

Birthday Special: কৰীণাৰ 5 টা Bold Look আজিও চৰ্চিত অনুৰাগীৰ মাজত

আজি বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানৰ(Kareena Kapoor Khan) জন্মদিন ৷ 20 বছৰীয়া অভিনয়ৰ যাত্ৰাত অভিনয়ৰ লগতে নিজৰ বোল্ড(Bold) লুকেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছে বেবোৱে ৷

birthday of kareena kapoor khan
কৰীণা কাপুৰ খানৰ জন্মদিন
author img

By

Published : Sep 21, 2021, 8:53 AM IST

চিটাৰা ডেস্ক, 21 ছেপ্তেম্বৰ : 41 বছৰীয়া হ’ল বলীউডৰ বেবো(Bebo) ৷ 1980 চনৰ আজিৰ দিনটোতে বলীউডৰ প্ৰথমটো পৰিয়াল তথা বৃহত্তৰ কাপুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানে(Kareena Kapoor Khan) ৷ অভিনেতা ৰণধীৰ কাপুৰ আৰু ববীতাৰ কনিষ্ঠ কন্যা কৰীণা ৷

বলীউডৰ 20 বছৰীয়া যাত্ৰাত কৰীণাই দৰ্শকৰ হৃদয় স্পৰ্শ কৰি অন্যতম জনপ্ৰিয় অভিনেত্ৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ চামেলী(Chameli)ৰ পৰা উড়তা পাঞ্জাৱ(Udta Punjab)লৈকে প্ৰতিটো চৰিত্ৰই নিখুঁতভাৱে ৰূপায়ন কৰি দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হয় বেবোৱে ৷ চুপাৰষ্টাৰ কৰীণাৰ অভিনয়ৰ লগতে বোল্ড(Bold) লুকে দৰ্শকৰ মনত অন্য এক স্থান লাভ কৰে ৷

‘চামেলী’ ছবিখনৰ সৈতে বলীউডৰ কেৰিয়াৰ আৰম্ভ কৰা কৰীণাৰ অভিনয় যাত্ৰা সহজ নাছিল ৷ বহু প্ৰত্যাহ্বানক নেওচি, বহু সমালোচনাৰ মুখামুখি হৈ অভিনয় জগতত সফলতা লাভ কৰিছে কৰীণাই ৷ অভিনেত্ৰীগৰাকীৰ ওপজা দিনত আহক আলোচনা কৰো তেওঁৰ পাঁচটা বোল্ড লুকৰ বিষয়ে...

চামেলী(Chameli): 2004 চনত মুক্তি লাভ কৰা ‘চামেলী’(Chameli) ছবিখনত কৰীণাৰ বোল্ড লুকে খলকনি তুলিছিল বলীউডত ৷ অভিনয়ৰ উপৰিও কৰীণাৰ লুকটো পছন্দ কৰিছিল দৰ্শকে ৷ ছবিখনৰ বাবে কৰীণাই সেই বছৰতে এক বিশেষ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

kareena in chameli
চামেলীত কৰীণা

দেৱ(Dev): ছবিখনত কৰীণাই ৰূপায়ন কৰা ‘আলিয়া’ৰ চৰিত্ৰটোৱে নেটিজেনছক ইমানেই প্ৰভাৱিত কৰিছিল যে, বহু সময়ত কৰীণাই চৰিত্ৰটোৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল ৷ লগতে ছবিখনত কৰা কৰীণাৰ অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধও কৰিছিল ৷ ‘দেৱ’ ছবিখনৰ বাবে কৰীণাই ফিল্মফেয়াৰত ’শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ বঁটা লাভ কৰিছিল ৷

kareena in dev
দেৱত কৰীণা

ওমকাৰা(Omkara): ‘দেৱ’ ছবিখনৰ পাচত ‘ওমকাৰা’ ছবিখনত পুনৰ বোল্ড চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে বেবোৱে ৷ ছবিখনত অভিনেতা অজয় দেৱগনৰ সৈতে কৰীণাই কৰা অন-স্ক্ৰীণ ৰোমেন্স অনুৰাগীসকলৰ মাজত চৰ্চিত হৈ পৰিছিল ৷ ওমকাৰাৰ বাবে পুনৰ এবাৰ ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ শিতানত ফিল্মফেয়াৰ বঁটা আজুৰি আনে অভিনেত্ৰীগৰাকীয়ে ৷

kareena in omkara
ওমকাৰাত কৰীণা

হিৰ’ইন(Heroine): ওমকাৰাৰ পাচত 2012 চনত মুক্তি লাভ কৰা ‘হিৰ’ইন’ ছবিখনত অভিনয় কৰি বাস্তৱতো বলীউডৰ হিৰ’ইনৰ প্ৰতিষ্ঠা লাভ কৰিছিল কৰীণাই ৷ কিয়নো এই চৰিত্ৰটো আছিল অতি প্ৰত্যাহ্বানমূলক ৷ চৰিত্ৰটোৰ বাবে বহুকেইগৰাকী অভিনেত্ৰীৰ নাম চৰ্চালৈ আহিছিল যদিও ছবি নিৰ্মাতাই কৰীণাক এই প্ৰত্যাহ্বানমূলক চৰিত্ৰটোৰ বাবে বাচনি কৰিছিল ৷ এই ছবিখনৰ বাবে বহু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল বেবোৱে ৷

kareena in heroine
হিৰ’ইনত কৰীণা

উড়তা পাঞ্জাৱ(Udta Punjab): বোল্ড চৰিত্ৰৰে এক সফলতা অৰ্জন কৰাৰ পাচত কৰীণাই 2016 চনত মুক্তি লাভ কৰা ‘উড়তা পাঞ্জাৱ’ ছবিখনত অন্য এক চৰিত্ৰত অভিনয় কৰিও জনপ্ৰিয়তা লাভ কৰিছিল ৷ ছবিখনত ড্ৰাগছৰ অপব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি অহা এগৰাকী চিকিৎসক ডাঃ প্ৰীত চাহনীৰ চৰিত্ৰত অভিনয় কৰিছিল কৰীণাই । প্ৰীতৰ বাস্তৱবাদী অৱতাৰটোৱে পুনৰবাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ।

kareena in udta punjab
উড়তা পাঞ্জাৱত কৰীণা

কৰীণাৰ 20 বছৰীয়া অভিনয়ৰ কেৰিয়াৰে এইটো প্ৰমাণ কৰিছে যে, অভিনয়ৰ ক্ষেত্ৰত সদায় প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ সাজু এইগৰাকী অভিনেত্ৰী ৷ তেওঁৰ এই সাহসী গুণে নিশ্চয়কৈ নৱাগতা অভিনেত্ৰীসকলক অনুপ্ৰেৰণা যোগাব ৷ অভিনেত্ৰী কৰীণা কাপুৰ খানলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল অলেখ শুভকামনা ৷

লগতে পঢ়ক: ৰাজ কুন্দ্ৰাৰ জামিন লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.