ETV Bharat / sitara

অমিতাভ বচ্চনে কিয় ক্ষমা খুজিলে কবি প্ৰষোণ যোশীক ?

author img

By

Published : Aug 7, 2020, 10:48 PM IST

অলপতে এটি কবিতাৰ কৃতিত্ব দেউতাকৰ নামৰে ভূল ভাৱে প্ৰকাশ কৰিছিল বলিউড চুপাৰ ষ্টাৰ অমিতাভ বচ্চনে । প্ৰকৃততে এই কবিতাটিৰ ৰচক আছিল গীতিকাৰ প্ৰষোণ যোশী । অৱশেষত অমিতাভ বচ্চনে এক টুইট যোগে এই ভূলৰ বাবে ক্ষমা প্ৰাৰ্থনাৰ লগতে প্ৰকৃত ৰচক গৰাকীক দিলে ইয়াৰ কৃতিত্ব ।

Big B wrongly gives credit to father for Prasoon Joshi's poem, seeks apology
অমিতাভ বচ্চনে কিয় ক্ষমা খুজিলে কবি প্ৰষোণ যোশীক

নিউজ ডেস্ক,৭আগষ্ট: অলপতে বলিউড চুপাৰ ষ্টাৰ অমিতাভ বচ্চনে আন এগৰাকী কবিৰ এটি কবিতাৰ কৃতিত্ব দেউতাক হৰিবংশ ৰায় বচ্চনক দিয়াৰ পিছতে নিজৰ ভুল স্বীকাৰ কৰি টুইটাৰ যোগে খুজিলে ক্ষমা প্ৰাৰ্থনা । লগতে কবিতাটিৰ প্ৰকৃত ৰচক প্ৰষোণ যোশীক দিলে ইয়াৰ মূল কৃতিত্ব ।

  • T 3617 -
    तू न रुकेगा कभी ; यू ना मुड़ेगा कभी ; तू ना झुकेगा कभी ;
    कर शपथ कर शपथ कर शपथ ;
    अग्निपथ अग्निपथ अग्निपथ !! pic.twitter.com/hNkFUIIw9K

    — Amitabh Bachchan (@SrBachchan) August 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

৭৭বছৰীয়া এই গৰাকী বৰ্ষীয়ান অভিনেতাই অলপতে টুইটাৰত এটি অনুপ্ৰেৰণা দায়ক কবিতা প্ৰকাশ কৰি দেউতাক হৰিবংশ ৰায় বচ্চনৰ নামেৰে কবিতাটিৰ কৃতিত্ব প্ৰদান কৰিছিল ।

ইয়াৰ পিছত নিজৰ ভুল স্বীকাৰ কৰি এটি শুধৰণি প'ষ্টৰ জড়িয়তে টুইটাৰত লিখিলে এনে ধৰণে, যোৱাকালি মোৰ টুইটাৰ একাউণ্টত যিটো কবিতা প্ৰকাশ কৰা হৈছিল, সেই কবিতাটোৰ লিখক প্ৰকৃততে দেউতা নাছিল । সেয়া ভুল আছিল । কবিতাটোৰ ৰচনা কৰিছিল কবি প্ৰষোণ যোশীয়েহে । ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থী ।

  • CORRECTION : कल T 3617 pe जो कविता छपी थी , उसके लेखक , बाबूजी नहीं हैं । वो ग़लत था । उसकी रचना , कवि प्रसून जोशी ने की है ।
    इसके लिए मैं क्षमा प्रार्थी हूँ । 🙏🙏
    उनकी कविता ये है - pic.twitter.com/hZwgRq32U9

    — Amitabh Bachchan (@SrBachchan) August 6, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে অভিনেতা গৰাকীয়ে কবিতা পুথিত উল্লেখিত কবিতাটি ছপা থকা এটা পৃষ্ঠা তুলি ধৰি প্ৰষোণ যোশীক কবিতাটিৰ মূল কৃতিত্ব দিবলৈ চেষ্টা কৰিলে ।

কভিড-১৯ত আক্ৰান্ত হৈ সুস্থ হোৱাৰ সময়তে অভিনেতা গৰাকীয়ে ফটোশ্বপত নিজৰ এখন ফটো অভিনেতা পুত্ৰ অভিষেকৰ ৰূপত সজাই টুইটাৰত শ্বেয়াৰ কৰিছিল । ফটোখনৰ লগত তেওঁ লিখিছিল, "তুমি কেতিয়াও ৰৈ নিদিয়া, তুমি কেতিয়াও পিছলৈ নোচোৱা, তুমি কেতিয়াও হাৰ নামানা । ল শপত… ল শপত… ল শপত ; অগ্নিপথ…অগ্নিপথ…অগ্নিপথ ।"

উল্লেখ্য যে, ২আগষ্টত বলিউড চুপাৰ ষ্টাৰ গৰাকী ক'ভিডমুক্ত হৈ ঘৰলৈ ওভতিছিল । আনহাতে পুত্ৰ অভিষেক বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.