ETV Bharat / sitara

ফিল্ম ফেয়াৰত ইৰফান খানক স্মৰণ আয়ুস্মানৰ

author img

By

Published : Mar 28, 2021, 1:27 PM IST

ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত এইবাৰ বিশিষ্ট অভিনেতা প্ৰয়াত ইৰফান খানলৈ মৰণোত্তৰভাৱে 'অংৰেজি মিডিয়াম' ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আৰু 'জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰা হয় । বিশিষ্ট অভিনেতাগৰাকীক স্মৰণ কৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট শ্বেয়াৰ কৰিলে বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই ।

ফিল্ম ফেয়াৰত দুটাকৈ সন্মানৰ অধিকাৰী ইৰফানক স্মৰণ আয়ুস্মানৰ

চিটাৰা ডেস্ক,২৮ মাৰ্চ: মুম্বাইত শনিবাৰে অনুষ্ঠিত হয় ৬৬ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড । এইবাৰ বিশিষ্ট অভিনেতা প্ৰয়াত ইৰফান খানলৈ মৰণোত্তৰভাৱে 'অংৰেজি মিডিয়াম' ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আৰু 'জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰা হয় । প্ৰয়াত অভিনেতাগৰাকীক এই বিশেষ মুহুৰ্তত সকলোৱে স্মৰণ কৰা দেখা গৈছে । বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই ইনষ্টাগ্ৰামত বিশেষভাৱে স্মৰণ কৰে ইৰফান খানক । ফিল্ম ফেয়াৰ অনুষ্ঠানত প্ৰয়াত অভিনেতাগৰাকীৰ পুত্ৰ বাবিলক লগ পাইছিল আৰু তাৰ পিছতে ইনষ্টাগ্ৰামত ইৰফানৰ খানৰ এখন ফটো শ্বেয়াৰ কৰে আয়ুস্মানে ।

ইনষ্টাগ্ৰামত তেওঁ উল্লেখ কৰে যে ইৰফান খান শাৰীৰিকভাৱে নাথাকিলেও বান্দ্ৰাৰ কোনোবা এটা স্থানত আছে, কৰবাত শান্তিত তেওঁ বিশ্ৰাম কৰি আছে আৰু দুটাকৈ বিশেষ সন্মান লাভ কৰি হয়তো কৰবাত উদযাপন কৰি আছে ! ইনষ্টাগ্ৰামত তেওঁ উল্লেখ কৰা মতে ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত বাবিলক প্ৰথমবাৰৰ বাবে লগ পাইছিল আৰু বাবিলৰ উজ্জ্বল ভৱিষ্যতৰ বাবেও প্ৰাৰ্থনা কৰে অভিনেতা আয়ুস্মান খুৰানাই ।

শিল্পীৰ জীৱনৰ বিষয়ে এটা চুটি কবিতাও লিখি তেওঁ লগতে কয় যে, "আমি শিল্পীসকল এক অনন্য প্ৰজাতিৰ । আমাৰ কিছুমান দুৰ্বলতা, কল্পনা আৰু তত্ব আছে । আমি পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰো । জীয়াই থাকিও চেলুলইড অথবা মঞ্চত আমাৰ হাজাৰবাৰ মৃত্যু হয় । কিন্তু সেই প্ৰদৰ্শনৰ শক্তিয়ে আমাক অমৰ কৰি তোলে" ৷

উল্লেখ্য যে 'অংৰেজি মিডিয়াম' ছবিখন ২০২০ চনৰ ১৩ মাৰ্চত মুক্তি লাভ কৰিছিল আৰু এইখনে আছিল ইৰফান খানৰ অন্তিম ছবি । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে ছবিখনৰ সম্প্ৰচাৰ সঠিক ৰূপত হ'ব পৰা নাছিল । অভিনেতাগৰাকীয়েও অসুস্থতাৰ বাবে ছবিখনকলৈ সক্ৰিয়ভাৱে প্ৰচাৰ চলাব পৰা নাছিল ।

লগতে পঢ়ক:COVID-১৯ত আক্ৰান্ত অভিনেতা পৰেশ ৰাৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.