চিটাৰা ডেস্ক,24 জুনঃ অনুষ্কা শৰ্মাৰ নিজৰ প্ৰডাকচনত নিৰ্মিত অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ডিজিটেল ছবি বুলবুল আজি মুক্তি লাভ কৰিলে ডিজিটেল প্লেটফৰ্ম নেটফ্লিক্সত ৷ ভৌতিকধৰ্মী ছবি বুলবুলৰ মুক্তি উপলক্ষে অভিনেত্ৰী গৰাকীয়ে এখন বিশেষ ফটো শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম যোগে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ফটোখনৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখে যে, "গোটেই চহৰখনৰ আকাশ আজি ৰঙা ৰঙেৰে পেইন্ট কৰা হৈছে ৷ যি আহি আছে তাৰ বাবে বাৰু আপোনালোক সাজু নে ? বুলবুল আজি মুক্তি পালে, কেৱল নেটফ্লিক্সত ৷"
- " class="align-text-top noRightClick twitterSection" data="
">
নেটফ্লিক্স ইণ্ডিয়াৰ অৰিজিনেল ছবিখনত তৃপ্তি ডিমৰী, ৰাহুল বৌচ আৰু অবিনাশ তিৱাৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷
অনবিতা দত্তৰ দ্বাৰা নিৰ্দেশিত পিৰিয়ড হৰৰ ড্ৰামাখন অনুষ্কা শৰ্মাই নিজৰ প্ৰডাকচন কোম্পানী ক্লিন স্লেট ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰিছে ৷
লগতে পঢ়কঃদীপিকাৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহী সিদ্ধান্ত চৰ্তুবেদী