চিটাৰা ডেস্ক,5 নৱেম্বৰঃ শেহতীয়াকৈ চুবুৰীয়া দেশ ভূটানত আছে তাৰকা দম্পতি বিৰাট কোহলি আৰু অনুষ্কা শৰ্মা ৷ ভূটানৰ সুন্দৰ পৰিৱেশ উপভোগ কৰাৰ লগতে দুয়োৱে কটাইছে কিছু নিৰিবলি সময় ৷ ভূটানত 8.5 কিলোমিটাৰ পৰ্যন্ত ট্ৰেকিং কৰিছে জনপ্ৰিয় দম্পতিহালে ৷

এইখিনিতে আকৰ্ষণীয় কথাটো হৈছে,দুয়োৱে ট্ৰেকিং কৰি থকাৰ মাজতে ভূটানৰ এখন গাঁৱত উপস্থিত হয় য'ত তেওঁলোকে 4 মহীয়া এটা গৰু পোৱালিক খাদ্য দিবৰ বাবে ৰয় ৷ তেতিয়া গৰু পোৱালিটোৰ মালিকে দুয়োকে চাহৰ যোগান ধৰে ৷

কিন্তু তেওঁলোকে নাজানে দুয়োৰে পৰিচয় ৷ দুয়োকে কেৱল ভাগৰুৱা ট্ৰেকাৰ বুলি ভাবি সেৱা শুশ্ৰুষা কৰে পৰিয়ালটোৱে ৷ দুয়োগৰাকীয়ে তেওঁলোকৰ সৈতে কথা পাতি বহু সময় কটায় ৷ এই কথাখিনিয়ে দুয়োকে যথেষ্ট আহ্লাদিত কৰি তোলে ৷ দুয়োৰে বাবে এই স্মৃতি স্মৰণীয় হৈ ৰ'ব বুলি দুয়োৱে প্ৰকাশ কৰে চ'ছিয়েল মিডিয়া যোগে ৷

