চিটাৰা ডেস্ক,27 এপ্ৰিল: তামিল ছবিত জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী ৰশ্মিকা মন্দনাই এইবাৰ বলীউডত সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে ৷ অতি কম সময়ৰ ভিতৰতে তিনিখন হিন্দী ছবিত নিজৰ অভিনয়ৰ প্ৰতিভা দাঙি ধৰিছে ৰশ্মিকাই ৷
- " class="align-text-top noRightClick twitterSection" data="
">
সোমবাৰে এক ইনষ্টাগ্ৰাম লাইভযোগে মন্দনাই কয় যে, তেওঁ বলীউডৰ তৃতীয়খন ছবিত কাম কৰিবলৈ সাজু হৈছে ৷ উল্লেখ্য যে, প্ৰথম ছবিখনৰ টিজাৰ মুকলিৰ পূৰ্বেই মন্দনাই দ্বিতীয়খন ছবিত স্বাক্ষৰ কৰিছিল ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উচানা অমিত, জনিতা গান্ধী, যুৱান শংকৰ ৰাজা আৰু বাদশ্বাহৰ ‘টপ টাকাৰ’ গীতটিত অভিনয় কৰি যথেষ্ট চৰ্চা লাভ কৰিছে ৰশ্মিকাই ৷
- " class="align-text-top noRightClick twitterSection" data="
">
স্পাই থ্ৰীলাৰ ছবি ‘মিছন মজনু’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব ৰশ্মিকাই ৷ আনহাতে তেওঁৰ দ্বিতীয়খন হিন্দী ছবি হৈছে বিগ বি অমিতাভ বচ্চনৰ সৈতে অভিনীত ‘গুডবাই’ ।
লগতে পঢ়ক : অনিৰ্দিষ্টকাললৈ স্থগিত কেটৰীণা-বিজয়ৰ ছবিৰ দৃশ্যগ্ৰহণ