চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: ২০০৮ চনৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা মেজৰ সন্দীপ উৰ্ণীকৃষ্ণনৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত 'মেজৰ' ছবিখনে অহা ২ জুলাইত মুক্তি লাভ কৰিব । দক্ষিণ ভাৰতীয় ছবি জগতৰ অভিনেতা আদিৱী ছেশে টুইটযোগে এই কথা প্ৰকাশ কৰে । শশী কিৰণে নিৰ্দেশনা কৰা ছবিখনত মেজৰ সন্দীপ উৰ্ণীকৃষ্ণনৰ চৰিত্ৰ ৰূপায়ণ কৰিছে অভিনেতাগৰাকীয়ে । আদিৱী ছেশে ছবিখনৰ এখন পোষ্টাৰো টুইটযোগে শ্বেয়াৰ কৰে ।
-
The power of courage.
— Adivi Sesh (@AdiviSesh) January 29, 2021 " class="align-text-top noRightClick twitterSection" data="
My DREAM Project#MajorTheFilm reporting for duty
2 July, 2021
THEATERS WORLDWIDE#MajorOnJuly2@sobhitaD @saieemmanjrekar @sonypicsfilmsin @sonypicsindia @GMBents @urstrulyMahesh @AplusSMovies @SashiTikka @vivekkrishnani @majorthefilm @prakashraaj pic.twitter.com/vrpoNx4XCq
">The power of courage.
— Adivi Sesh (@AdiviSesh) January 29, 2021
My DREAM Project#MajorTheFilm reporting for duty
2 July, 2021
THEATERS WORLDWIDE#MajorOnJuly2@sobhitaD @saieemmanjrekar @sonypicsfilmsin @sonypicsindia @GMBents @urstrulyMahesh @AplusSMovies @SashiTikka @vivekkrishnani @majorthefilm @prakashraaj pic.twitter.com/vrpoNx4XCqThe power of courage.
— Adivi Sesh (@AdiviSesh) January 29, 2021
My DREAM Project#MajorTheFilm reporting for duty
2 July, 2021
THEATERS WORLDWIDE#MajorOnJuly2@sobhitaD @saieemmanjrekar @sonypicsfilmsin @sonypicsindia @GMBents @urstrulyMahesh @AplusSMovies @SashiTikka @vivekkrishnani @majorthefilm @prakashraaj pic.twitter.com/vrpoNx4XCq
মেজৰ সন্দীপ উৰ্ণীকৃষ্ণন এগৰাকী সাহসী এন এছ জি কামাণ্ডো আছিল । তেওঁ ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইৰ তাজ হোটেলত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ সময়ত বহু লোকক উদ্ধাৰ কৰিছিল । দেশৰ জনতাক সুৰক্ষা দিবলৈ গৈ প্ৰাণ আহুতি দিছিল সন্দীপ উৰ্ণীকৃষ্ণনে । সাহসেৰে কৰ্তব্য পালন কৰা জোৱানগৰাকীক ভাৰতীয় সেনাৰ সৰ্বোচ্চ সামৰিক সন্মান অশোক চক্ৰৰে সন্মানিত কৰা হৈছিল । তেওঁৰ জীৱন কাহিনীৰ ভিত্তিত নিৰ্মিত ছবিখনত ছ'ভিতা ধুলিপালা, ছায়ী মাঞ্জৰেকাৰ, প্ৰকাশ ৰাজ, ৰেৱতি আৰু মুৰালী শৰ্মায়ো অভিনয় কৰিছে ।
লগতে পঢ়ক:'ছাব্বাছ মিথু' ছবিৰ বাবে তাপছী পান্নুৰ প্ৰশিক্ষণ আৰম্ভ