নিউজ ডেস্ক, ৭ জুলাই: কিংবদন্তী অভিনেতা দিলীপ কুমাৰ, যিয়ে তেওঁৰ প্ৰায় ৬ দশক জোৰা দীঘলীয়া অভিনয় জীৱনত এখনৰ পাছত আনখন হিট ছবিত অভিনয় কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰূপালী পৰ্দাত এক প্ৰকাৰ ৰাজত্ব কৰিছিল । আনকি ভাৰতৰ বাহিৰৰ দৰ্শককো অপ্লুত কৰিছিল অভিনয়েৰে । পেছাৱৰত জন্মগ্ৰহণ কৰা অভিনেতাজন ধৰ্মনিৰপেক্ষ ভাৰতৰ এক জীৱন্ত প্ৰতীক স্বৰূপ আছিল । ইউছুফ ছৰৱাৰ খান এগৰাকী সফল ফল ব্যৱসায়ীৰ ১৩ টা সন্তানৰ ভিতৰত পঞ্চমটো সন্তান আছিল, যি অৰ্থনৈতিক কাৰণৰ পৰিৱৰ্তে চিকিৎসাৰ বাবে মুম্বাই আৰু নাছিকলৈ আহিছিল ।

পিতৃৰ ফল বিক্ৰীৰ ব্যৱসায়ত জড়িত হোৱাৰ আগতে ইউছুফ ছৰৱাৰ খান মুম্বাইত বিদ্যালয় আৰু প্ৰাৰম্ভিক মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল । ব্যৱসায়ৰ কামৰ সংক্ৰান্তত নাইনিতাললৈ যাওতে দেৱীকা ৰাণীক সাক্ষাৎ কৰাৰ সুযোগ পায় ইউছুফ ছৰৱাৰ খানে । এই সাক্ষাতৰ ফলস্বৰূপে ব'ম্বে টকিজৰ কাৰ্যালয়ত এক চমু সাক্ষাৎকাৰ আৰু ১৯৪৩ চনত দিলীপ কুমাৰৰ হিন্দী ছবি জগতত প্ৰৱেশৰ পথ প্ৰশস্ত হয় ।
১৯৪৪ চনত "জোৱাৰ ভাটা"ৰ শীৰ্ষক ছবিখনৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰা আকৰ্ষণীয় আৰু সুন্দৰ ব্যক্তিত্বৰ অভিনেতাজনে এক ব্যতিক্ৰমী শৈলীৰ অভিনয় কৰা অভিনেতা হিচাপে বলীউডত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী ৬ দশকত তেওঁ প্ৰায় ৫৭ খন ছবিত অভিনয় কৰে । ইয়াৰ ভিতৰত আছে দুখন বাংলা ছবি । আনহাতে আন চাৰিখন ছবিত তেওঁ অতিথি শিল্পী হিচাপে কাম কৰে ।

দিলীপ কুমাৰ ১৯৪০ৰ দশকৰ আৰম্ভণিতে হিন্দী ছবিত এজন লাজকুৰীয়া স্বভাৱৰ নৱাগত অভিনেতা হিচাপে জনাজাত আছিল । ব্যতিক্ৰমী অভিনয় শৈলী, কঠোৰ পৰিশ্ৰম আৰু কেতিয়াও হাৰ মানিব নোখোজা মনোভাৱেৰে তেওঁ অতি কম সময়ৰ ভিতৰতে এগৰাকী আগশাৰীৰ তাৰকা হিচাপে জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল দিলীপ কুমাৰে । ৫৭ খন ছবিত তেওঁ অভিনয় কৰিছিল আৰু নিজৰ দক্ষতাৰ বলতে ৮ বাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰি অভিলেখ ৰচিছিল দিলীপ কুমাৰে ।
কিংবদন্তী অভিনেতাগৰাকীক ১৯৯১ চনত পদ্মভূষণ, ১৯৯৩ চনত ফিল্মফেয়াৰ ৰাজ কাপুৰ লাইফ টাইম এচিভমেণ্ট বঁটা, ১৯৯৫ চনত দাদাচাহেব ফাল্কে বঁটা, ১৯৯৭ চনত পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক বঁটা নিশান-ই-ইমতিয়াজৰ উপৰিও আন বহুকেইটা বঁটা প্ৰদান কৰা হৈছিল । দিলীপ কুমাৰে নিজে গ্ৰহণ কৰা সিদ্ধান্তক লৈ অনুশোচনা কৰা নাছিল । কিন্তু তেওঁ অভিনয়ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা তিনিখন ছবি ভাৰতীয় ছবি উদ্যোগৰ ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছিল । সেই ছবিকেইখন হৈছে মেহবুব খানৰ "মাদাৰ ইণ্ডিয়া", গুৰু দত্তৰ "প্যাছা" আৰু ৰাজ কাপুৰৰ "সংগম" ।

কেৱল বলীউডৰ আইকনিক ছবিয়েই নহয়, দিলীপ কুমাৰে ডেভিদ লীনৰ "লৰেন্স অৱ আৰৱীয়া"ত অভিনয় কৰাৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল । পৰণতিত ওমৰ শ্বৰীফ এগৰাকী বিশ্ব তাৰকা হিচাপে জনপ্ৰিয় হৈ পৰিছিল । দিলীপ কুমাৰে স্পষ্টভাৱে প্ৰস্তাৱটো অস্বীকাৰ কৰাৰ কাৰণ আছিল যে, তেওঁ আশংকা কৰিছিল যে, তেওঁ দৃশ্যগ্ৰহণস্থলীত বহিৰাগত যেন অনুভৱ কৰিব । প্ৰতিটো চৰিত্ৰ ব্যতিক্ৰমী ৰূপত দাঙি ধৰিছিল অভিনেতাগৰাকীয়ে ।
অৱশ্যে, সেই সময়ত এনে এটা ধাৰণাও আছিল যে, ভাৰতৰ ৰূপালী পৰ্দাৰ ট্ৰেজেডী কিঙে সদায় সীমিত পৰিসৰৰ পৰিসৰৰ ভিতৰতে কাম কৰে । দিলীপ কুমাৰৰ কলা প্ৰশংসা কৰি অহা মতিলালে এবাৰ কৈছিল যে, "মই দিলীপৰ অভিনয় 'জোৱাৰ ভাটা'ৰ ছবিখনৰ পৰা এতিয়ালৈ কেইবাখনো ছবিত চাইছো আৰু মই ইয়াৰ পৰা অনুভৱ কৰিছো যে, দিলীপ কুমাৰ এটা নিৰ্দিষ্ট শৈলী অনুসৰণ কৰিছে আৰু এয়া এক অভ্যাস সদৃশ হৈ পৰিছে । এই ক্ষেত্ৰত দিলীপ মোৰ সৈতে সন্মত হ'ব । তেওঁ নিশ্চিতভাৱে এগৰাকী মহান প্ৰেমিক । কিন্তু ইয়াৰ উপৰিও তেওঁ আৰু কি ? তেওঁ নিজৰ সকলো ছবিত নিপুণভাৱে আৱেগিক চৰিত্ৰ ৰূপায়ণ কৰে । কিন্তু এনে কাৰ্যই তেওঁৰ চৰিত্ৰবোৰ একঘেয়ামী কৰি তুলিছে । তেওঁ আজি যি স্থানত আছে একেটা স্থানতে সদায় থাকিব বিচাৰিলে একে ধৰণৰ অভিনয় শৈলী এৰাই চলিব লাগিব । তেওঁ নিজকে বহুমুখী অভিনেতা হোৱাৰ সুযোগ দিব লাগিব ।"

দিলীপ কুমাৰে কিছুমান আকৰ্ষণীয় কৌতুক চৰিত্ৰত অভিনয় কৰি নিজৰ আন এক প্ৰতিভাৰ বিকাশ কৰাৰ চেষ্টা কৰিছিল । কহিনুৰ, লীডাৰ, গোপী, আজাদ, ৰাম ঔৰ শ্যাম আৰু ছাগিনা আদি ছবিত তেওঁ এক নতুন ৰূপত দেখা গৈছিল । দৰাচলতে, এগৰাকী ব্ৰিটিছ মনোৰোগ বিশেষজ্ঞই তেওঁৰ অভিনয় শৈলী কৌতুক অভিনেতাৰ দৰে সলনি কৰিবলৈ পৰামৰ্শ দিছিল । কিয়নো বহু দিন ধৰি আৱেগিক চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে তেওঁৰ মনত এক বিৰূপ প্ৰভাৱ পৰিছিল ।
তেওঁ এগৰাকী হস্তক্ষেপকাৰী অভিনেতা হিচাপেও পৰিচিত আছিল । তেওঁৰ এই হস্তক্ষেপে ছবিৰ ভালৰ দিশটোহে নিশ্চিত কৰিছিল যদি একাংশ ছবি নিৰ্মাতাই ইয়াক আন ধৰণে লৈছিল । এই ঘটনাৰো প্ৰমাণ পোৱা যায় তেওঁ চুক্তিবদ্ধ হোৱা ১৩ খনকৈ ছবিত । এই ছবিকেইখনৰ বিষয়ে ঘোষণা কৰা হৈছিল আৰু দৃশ্যগ্ৰহণো আৰম্ভ কৰা হৈছিল ।
কিন্তু পৰৱৰ্তী সময়ত কুমাৰৰ অবাঞ্ছিত সৃষ্টিশীল ইনপুটকে ধৰি বিভিন্ন কাৰণত ছবিৰ কাম বন্ধ কৰি দিয়া হৈছিল । অভিনেতা হিচাপে শেষবাৰৰ বাবে তেওঁক ১৯৯৮ চনত "কিলা" নামৰ ছবিখনত দেখা গৈছিল । ছবি উদ্যোগটোত চলা চৰ্চা অনুসৰি, হিন্দী ছবি জগতৰ ট্ৰেজেডী কিং হিচাপে পৰিচিত অভিনেত্ৰীগৰাকীৰ হৃদয়ত কেইবাগৰাকীও আগশাৰীৰ অভিনেত্ৰীয়ে স্থান পাইছিল । সেয়েহে নিৰ্মাতাসকলে অভিনেত্ৰীকেইগৰাকীক তেওঁৰ ছবিত বাৰে বাৰে চুক্তিবদ্ধ কৰাৰো উদাহৰণ আছে ।

তেওঁৰ ৪৫ খন ছবিত কেৱল ১১ গৰাকী অভিনেত্ৰীৰ সৈতে তেওঁক অভিনয় কৰা দেখা পোৱা গৈছে । জানিব পৰা মতে, তিনিগৰাকী সহ-অভিনেত্ৰীৰ প্ৰেমত পৰিছিল দিলীপ কুমাৰ । বাস্তৱ জীৱনত দিলীপ কুমাৰ ৪০ বছৰ বয়সলৈকে এজন অপ্ৰত্যাশিত প্ৰেমিক হৈ আছিল । দিলীপ কুমাৰৰ প্ৰথম প্ৰেম ৰূপে সদায়ে নাম চৰ্চালৈ অহা কামিনী কৌশল আৰু তেওঁৰ মহান প্ৰেমে কেতিয়াও স্বীকৃতি পোৱা নাছিল ।
কিয়নো, কামিনী কৌশল বিবাহিতা আছিল । সেই সময়ৰ এগৰাকী মোহময়ী অভিনেত্ৰী মধুবালায়ো দিলীপ কুমাৰৰ হৃদয়ত ঠাই পাইছিল । তেওঁ আনকি এবাৰ কৈছিল, "জব তক ম্যে জিন্দা হু তব তক ম্যে মধুবালা চে প্যাৰ কৰুংগা"। অৱশ্যে, তেওঁলোকৰ প্ৰেম কাহিনী বৰ বেয়া ধৰণে সমাপ্ত হৈছিল ।
বি আৰ চোপ্ৰাৰ বিৰুদ্ধে মধুবালাই ছবিৰ চুক্তি ভংগৰ গোচৰ ৰুজু কৰাৰ পিছত দিলীপ কুমাৰে চৌপ্ৰাৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপিত হৈছিল । ইয়াৰ পিছতে দুয়োৰে সম্পৰ্কত ফাঁট মেলিছিল । পৰিস্থিতি ইমানেই বেয়া হৈছিল যে, মধুবালা প্ৰযোজিত "ঢাকে কি মলমল"ত দিলীপ কুমাৰক আঁতৰাই কিশোৰ কুমাৰক চুক্তিবদ্ধ কৰা হৈছিল । কামিনী আৰু মধুবালাৰ পিছত বৈজয়ন্তীমালাৰ সৈতেও দিলীপ কুমাৰৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ উৰাবাতৰি ওলাইছিল ।

অৱশেষত ১৯৬৬ চনত তেওঁ চাইৰা বানুক বিয়া কৰায় । সেই সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ আৰু চাইৰা বানুৰ বয়স আছিল মাত্ৰ ২২ বছৰ । অৱশ্যে, চাইৰা-দিলীপৰ প্ৰেম কাহিনীতো বহু সমস্য়া আহিছিল । ছাইৰা বানুৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলি থকাৰ সময়তে হায়দৰাবাদী সুন্দৰী আছমা ৰহমানৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিছিল দিলীপ কুমাৰৰ ।
দিলীপ কুমাৰৰ দ্বিতীয় বিবাহে তেওঁৰ প্ৰথমা পত্নী চাইৰা বানুৰ হৃদয় থান-বান কৰিছিল । দ্য ছাবষ্টেন্স এণ্ড দ্য শ্বেড' শীৰ্ষক তেওঁৰ আত্মজীৱনীত দিলীপ কুমাৰে এই কথা পোনপটীয়াকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল । আছমাৰ সৈতে তেওঁৰ বিবাহক দুৰ্ভাগ্যজনক বুলি আখ্যা দিছিল আৰু কৈছিল যে, তেওঁ জীৱনৰ সেই সময়খিনি পাহৰিব বিচাৰে ।
"ঠিক আছে, মোৰ জীৱনৰ এটা খণ্ড যিটো মই পাহৰিব বিচাৰো আৰু যিটো আমি অৰ্থাৎ ছাইৰা আৰু মই চিৰদিনৰ বাবে নিজৰ পৰা আঁতৰাই ৰাখিছো সেয়া হৈছে আছমা ৰহমান নামৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰি মই কৰা এক গুৰুতৰ ভুল । আছমাক মই হায়দৰাবাদৰ এখন ক্ৰিকেট খেলত লগ পাইছিলো ।" আত্মজীৱনীখনৰ এটা অংশত এই কথা দিলীপ কুমাৰে অকপটে স্বীকাৰ কৰিছে । বিবাহৰ দুবছৰৰ ভিতৰতে আছমাৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হয় ।
আছমাই পূৰ্বৰ স্বামীৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰি তেওঁক প্ৰতাৰণা কৰিছে বুলি অৱগত হোৱাৰ পিছতে তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় । অৱশ্যে, আছমাৰ পৰা পৃথক হোৱাৰ পিছত ছাইৰাই তেওঁৰ 'কহিনুৰ'(দিলীপ কুমাৰক তেওঁ মৰমতে মাতিছিল)ৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় । পাছত বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰা ৯৮ বছৰীয়া কিংবদন্তি অভিনেতাগৰাকীক ৭ জুলাইত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰাৰ সময়লৈকে সংগ দিয়ে ।
লগতে পঢ়ক: ট্ৰেজেডী কিঙৰ দেহাৱসান