ETV Bharat / science-and-technology

Cyber Crime in Panipat: Sim Swappingৰ জৰিয়তে প্ৰৱঞ্চকে লুটি নিলে ধন

author img

By

Published : Dec 25, 2022, 6:36 PM IST

চাইবাৰ অপৰাধীয়ে এতিয়া বিচাৰি পাইছে প্ৰৱঞ্চনাৰ এক নতুন পদ্ধতি । Sim Swapping Fraudৰ নতুন উপায় বিচাৰি উলিয়াইছে চাইবাৰ অপৰাধীয়ে । চিম শ্বোৱেপিঙৰ জৰিয়তে পানিপটত প্ৰৱঞ্চকে লুটি নিলে এজন লোকৰ সাঁচতীয়া ধন ৷

sim-swapping-fraud-cyber-fraud-prevention-online-fraud
Sim Swappingৰ জৰিয়তে প্ৰৱঞ্চকে লুটি এজন ব্যক্তিৰ সাঁচতীয়া ধন

নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ: ডিজিটেল বিপ্লৱে আমাৰ জীৱনটোক যিমানেই সহজ কৰি তুলিছে, সিমানেই বহু প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে । দেশত ক্ৰমান্বয়ে চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে (Cyber ​​Crime in Panipat)৷ তেনে এক ঘটনা সংঘটিত হ'ল পানিপটত ৷ পানিপটৰ নিবাসী এজন ব্যক্তিৰ কষ্টোপাৰ্জিত ধন তেওঁৰ একাউণ্টৰ পৰা ক্ষন্তেকতে সৰকাই নিলে চাইবাৰ অপৰাধীয়ে(cyber fraud prevention) ।

বৰ্তমান সময়ত চাইবাৰ অপৰাধীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি মানুহক লুটি আহিছে । বহু সময়ত এই চাইবাৰ প্ৰৱঞ্চকে আপোনাৰ পৰা OTP লৈ আপোনাৰ একাউণ্টৰ পৰা টকা চুৰি কৰি আহিছে, কিন্তু এতিয়া এই অপৰাধী সকল আৰু এখোজ আগুৱাই গৈছে (Sim Swapping Fraud) আৰু কোনো OTP নোহোৱাকৈ আপোনাৰ একাউণ্টৰ পৰা টকা নোহোৱা কৰি পেলাইছে(online fraud)।

চাইবাৰ জালিয়াতিৰ এই নতুন পদ্ধতিৰ নাম হৈছে চিম শ্বোৱেপিং। অ' টি পি শ্বেয়াৰ নকৰাৰ বিষয়ে মানুহ সচেতন হোৱাৰ লগে লগে চাইবাৰ অপৰাধীয়ে ইয়াৰ পৰা বিৰতি লৈছিল । প্ৰৱঞ্চকে চিম শ্বোৱেপিঙৰ জৰিয়তে ব্যক্তিজনৰ চিমত পোনপটীয়াকৈ আক্ৰমণ কৰে । একে নম্বৰৰ আন এখন চিম লৈ তেওঁলোকে অ’টিপি আৰু তাত অহা গোপনীয় তথ্য লাভ কৰে । যাৰ জৰিয়তে তেওঁলোকে ব্যক্তিজনৰ একাউণ্টৰ পৰা ধন উৰুৱাই দিয়ে ।

ছিম শ্বোৱেপিং দৰাচলতে কি (what is sim swapping)?

যেতিয়া প্ৰৱঞ্চকে আপোনাৰ নিজৰ নম্বৰৰ নতুন চিম কাৰ্ড ক্ৰয় কৰে তেতিয়া ইয়াক চিম শ্বোৱেপিং বুলি কোৱা হয় । বহু সময়ত প্ৰৱঞ্চকে প্ৰৱঞ্চনাৰে আপোনাৰ আইডি কাৰ্ড, মোবাইল নম্বৰকে ধৰি বহু ব্যক্তিগত তথ্য সেৱা প্ৰদানকাৰীক দি আপোনাৰ নিজৰ নম্বৰত নতুন চিম কাৰ্ড লৈ যায় । প্ৰৱঞ্চকে নতুন চিম কাৰ্ডখন মোবাইলত সোমোৱাৰ লগে লগে পুৰণি চিমটো স্বয়ংক্ৰিয়ভাৱে ব্লক হৈ যায় । ইয়াৰ পিছত তেওঁ অ’ টি পিৰ দৰে বাকী গোপনীয় তথ্য লাভ কৰে ।

চিম শ্বোৱেপিংৰ বিষয়ে কেনেকৈ জানিব ?

যদি আপোনাৰ নম্বৰত নিজেই নতুন চিম কাৰ্ড সক্ৰিয় হয়, তেন্তে সেই কোম্পানীটোৰ চিম কাৰ্ডৰ নেটৱৰ্ক আপোনাৰ ফোনত যায় । আপুনি নেটৱৰ্ক এৰিয়াত আছে, তথাপিও নেটৱৰ্কৰ সংকেত নাহে। এইটোৱেই হৈছে চিম শ্বোৱেপিঙৰ আটাইতকৈ ডাঙৰ সতৰ্কবাণী। কেতিয়াবা বাৰ্তাটোও অহা বন্ধ হৈ যায় । আপুনি আপোনাৰ ফোনত ইণ্টাৰনেটৰ পৰা কোনো ধৰণৰ সুবিধা ল’ব নোৱাৰিব । আপোনাৰ নম্বৰৰ দ্বিতীয়টো চিম তেওঁৰ ফোনত আৰম্ভ হোৱাৰ লগে লগে তেওঁ আপোনাৰ ব্যক্তিগত তথ্য লৈ আপোনাৰ একাউণ্টৰ পৰা টকা নোহোৱা কৰি দিয়ে ।

চিম শ্বোৱেপিং কেনেকৈ এৰাই চলিব - পানীপট চাইবাৰ পুলিচৰ DSP সন্দীপ সিঙে জনাইছে যে, আপোনাৰ নথি-পত্ৰৰ ব্যক্তিগত তথ্য কাৰো সৈতে শ্বেয়াৰ নকৰিব আৰু আপোনাৰ নথি-পত্ৰ কাকো অনলাইনত প্ৰেৰণ নকৰিব । যদি আপুনি আপোনাৰ দস্তাবেজৰ হাৰ্ড কপিটো অসাৰ বুলি ভাবি পেলাইছে, তেন্তে ইয়াক ধ্বংস কৰক আৰু পেলাই দিয়ক । Coronaৰ সময়ত দিয়া ভেকচিনৰ প্ৰমাণ পত্ৰ কাৰো লগত শ্বেয়াৰ নকৰিব । আপোনাৰ ফোনত এটা শক্তিশালী পাছৱৰ্ড ৰাখক । ইয়াৰ উপৰিও ফোনটো নেটৱৰ্কৰ পৰা ওলাই যোৱাৰ লগে লগে আপোনাৰ সেৱা প্ৰদানকাৰী কোম্পানীটোৰ সৈতে কথা পাতক আৰু তেওঁলোকক আপোনাৰ চিমটো তৎক্ষণাত ব্লক কৰিবলৈ কওক ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰৱঞ্চকে দক্ষিণ দিল্লীত বাস কৰা এজন ব্যক্তিৰ বেংক একাউণ্টৰ পৰা ৫০ লাখ টকা হৰলুকি কৰি লৈ যায় । তথ্য অনুসৰি 12 ডিচেম্বৰৰ তাৰিখে সন্ধিয়া ব্যক্তিগৰাকীলৈ ৭ বজাৰ পৰা নিশা ৮.৪৫ বজালৈ কিছু ব্লেংক আৰু মিছড ফোনকল আহিছিল ৷ এই ভুক্তভোগীগৰাকীয়ে কিছুমান ফোন ৰিচিভ কৰিছিল যদিও সন্মুখৰ পৰা কোনো শব্দ নোহোৱাত কলটো কাটি দিছিল, আনহাতে কিছুমান ফোনক আওকাণ কৰা হৈছিল ।

কিছুদিনৰ পাছত দিল্লীত বাস কৰা এই ব্যক্তিজনে যেতিয়া তেওঁৰ মোবাইল ফোনত পোৱা মেছেজটো চাই, তেতিয়া তেওঁ হতভম্ব হৈ উঠে, মেছেজটোত লিখা আছিল যে, RTGSৰ জৰিয়তে একাউণ্টৰ পৰা প্ৰায় ৫০ লাখ টকা ট্ৰেন্সফাৰ হৈছে । ইয়াৰ পিছতে এই ব্যক্তিগৰাকীয়ে লগে লগে তেওঁৰ সৈতে হোৱা এই জালিয়াতিৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ গোচৰ ৰুজু কৰি আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Miss Call Fraud: সাৱধান ! OTP নিবিচৰাকৈয়ে লুটি নিলে ৫০ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.