ETV Bharat / science-and-technology

টিকটকৰ ওপৰত ট্ৰাম্প প্ৰশাসনৰ হেঁচা : অৰেকলে চম্ভালিব টিকটকৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ৰিয়াকলাপ - হোৱাইট হাউচ

টিকটকৰ ওপৰত ট্ৰাম্প প্ৰশাসনৰ হেঁচা ৷ টিকটকৰ মাৰ্কিন ক্ৰিয়াকলাপ অৰেকলে পৰিচালনা কৰাৰ সম্ভাৱনা ৷ টিকটকৰ ওপৰত নিষেধাজ্ঞা আৰোপ অথবা বিক্ৰিৰ বাবে সময় বঢ়াই নিটিয়ে ট্ৰাম্প প্ৰশাসনে ৷ অৰেকলে টিকটক কিনা সিদ্ধান্তক সমৰ্থন কৰিব বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ ৷

টিকটকৰ মাৰ্কিন ক্ৰিয়াকলাপ অৰেকলে পৰিচালনা কৰাৰ সম্ভাৱনা

author img

By

Published : Sep 14, 2020, 7:06 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

নেশ্যনেল ডেস্ক, 14 চেপ্তেম্বৰ: দ্য নিউ ইয়ৰ্ক টাইমছ ত প্ৰকাশিত এক বাতৰি অনুযায়ী টিকটকে অৰেকলক নিজৰ প্ৰযুক্তিৰ অংশীদাৰ হিছাপে পচন্দ কৰাক লৈ এই কথা অস্পষ্ট আছিল যে "অৰেকল সামাজিক মাধ্যমৰ এপটোৰো সিংহভাগ মালিকীস্বত্বৰ অধিকাৰী হব ৷" প্ৰকাশ্য বিক্ৰিৰ পৰা ই পৃথক আৰু দেখা গৈছে যে অৰেকলে ইয়াৰ ক্লাউড টেকন'লজীৰ সহায়ত টিকটক ক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কামসমূহ পৰিচালনাত সহায় কৰিব ৷ এক আনুষ্ঠানিক বিজ্ঞপ্তিত মাইক্ৰছফ্টে মাৰ্কিন যুক্তৰাষ্ট্ৰত টিকটকৰ পৰিচালনা বাতিল কৰাৰ কথা উল্লেখ কৰিছিল ৷ "ডান্সে আজি আমাক জানিবলৈ দিছিল যে তেওঁলোকে টিকটকৰ মাৰ্কিন ক্ৰিয়াকলাপ মাইক্ৰচফট্ ৰ হাতত বিক্ৰী নকৰে ৷ আমাৰ বিশ্বাস যে জাতীয় সুৰক্ষা ৰক্ষাৰ স্বাৰ্থত আমাৰ প্ৰস্তাৱ টিকটক ব্যৱহাৰকাৰী সকলৰ বাবে ভাল পৰিগনিত হ'ব," মাইক্ৰচফ্টে কয় ৷

উল্লেখ্য যে বিগত জুন মাহত ভাৰতত অন্য 58 টা চীনা এপৰ সৈতে টিকটকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে, টিকটকৰ ওপৰত ট্ৰাম্প প্ৰশাসনে হেঁচা দিয়া আৰম্ভ কৰিছিল ৷ ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে বাইট ডান্সৰ মালিকাধীন মঞ্চখনক চেপ্তেম্বৰৰ মধ্যভাগৰ ভিতৰত মাৰ্কিন অপাৰেশ্যনৰ ওচৰত বিক্ৰী কৰিবলৈ অন্যথা নিষেধাজ্ঞা ৰ সন্মুখীন হবলৈ সাজু থাকিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল ৷ এই সময়তে টিকটকৰ মাৰ্কিন ক্ৰিয়াকলাপ অৰেকলে পৰিচালনা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

এন ৱাই টি ৰ মতে অৰেকলে ট্ৰাম্প প্ৰশাসনৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছে আৰু ইয়াৰ সংস্থাপক লেৰী এলিচনে ট্ৰাম্পৰ বাবে এই বছৰ এক পুঁজি সংগ্ৰহৰ কাৰ্য গ্ৰহন কৰিছিল ৷ আকৌ মুখ্য কাৰ্যবাহী চাফ্ৰা কেট্জেও প্ৰায়েই হোৱাইট হাউচত ভুমুকি মাৰিছে ৷ যোৱাটো মাহত ট্ৰাম্পেও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল যে অৰেকলে টিকটক কিনা কাৰ্যক তেওঁ সমৰ্থন কৰিব আৰু ইয়াৰ নিষেধাজ্ঞা আৰোপৰ ক্ষেত্ৰত সময় বঢ়াই দিয়া নহয় ৷ ইফালে টিকটক বিক্ৰিৰ বাবে ট্ৰাম্পে সময়সীমা বান্ধি দিয়া কাৰ্যক চীনে বলপূৰ্বক ডকাইটি আখ্যা দিছে ৷

লগতে পঢ়ক: চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !

Last Updated : Feb 16, 2021, 7:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.