গুৱাহাটী,28 নৱেম্বৰঃ আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বায়ুমণ্ডলৰ অস্থিৰতাৰ পৰা মুক্ত; ক্ষুদ্ৰ পোহৰ ব্যৱহাৰ কৰি সাজি উলিয়াইছে এটি ‘free-space optical communication system’ ৷ গৱেষকৰ দলটোৱে ধমুহাৰ মাজতো এই প্ৰযুক্তি ব্যৱহাৰ কৰি সফলভাৱে কেইবা কিলোমিটাৰ আঁতৰলৈকে মেছেজ আৰু ছবি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ৷
Nature Publishing Group ৰ Communications Physics নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰৱন্ধ অনুসৰি, এই প্ৰযুক্তিৰ ব্যৱহাৰেৰে কোনো অট্টালিকাৰ ভিতৰত নাইবা বাহিৰত থকা দুগৰাকী ব্যক্তিৰ মাজত উচ্চ ক্ষমতাসম্পন্ন আৰু নিৰ্ভৰযোগ্য যোগাযোগ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷
গৱেষক সকলে আৰু কয় যে, এই ব্যৱস্থা হেকিং আৰু ইন্টাৰলুপিঙৰ পৰাও মুক্ত, যাৰ ফলত ই অন্য তথাকথিত অনাতাঁৰ যোগাযোগ ব্যৱস্থা সমূহৰ তুলনাত অধিক সুৰক্ষিত ৷ গৱেষকৰ এই দলটোৰ নেতৃত্ব প্ৰদান কৰিছে আছে আই আই টি গুৱাহাটীৰ পদাৰ্থবিজ্ঞান বিভাগৰ বসন্ত ৰঞ্জন বৰুৱা আৰু অভয়াপুৰী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শান্তনু কোঁৱৰ ৷
free-space communicationৰ জৰিয়তে অপটিকেল ফাইবাৰৰ সলনি পোহৰৰ মাধ্যমেৰে ভইচ, টেক্সট আৰু ছবি প্ৰেৰণ কৰিব পৰা ক্ষমতাই যোগাযোগৰ উন্নত প্ৰযুক্তিক প্ৰতিনিধিত্ব কৰিব ৷ free-space communicationৰ ক্ষেত্ৰত বিগত বছৰসমূহত যথেষ্ট উন্নয়ন কৰিবলৈ সক্ষম হৈছে প্ৰযুক্তিবিদ্যাই ৷
বিশ্বব্যাপী যোগাযোগৰ বাবে ব্যৱহাৰ কৰা সৰহ সংখ্যক free-space communication ব্যৱস্থাত ডাটা এনকোড কৰাৰ বাবে এক প্ৰকাৰৰ পাতল ৰশ্মি ব্যৱহাৰ কৰা হয় যাক ঘূৰ্ণীয় ৰশ্মি বোলা হয় ৷ কিন্তু এইক্ষেত্ৰত সমস্যাটো হ’ল ঘূৰ্ণীয় ৰশ্মিৰ ব্যৱহাৰ হ’লে ই বায়ুমণ্ডলৰ অস্থিৰতাৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব পাৰে ৷ প্ৰকৃতাৰ্থত পাতল ৰশ্মি ব্যৱহাৰ কৰি অনাতাঁৰভাৱে প্ৰসাৰিত ডাটা বায়ুমণ্ডলৰ অস্থিৰতাৰ মাধ্যমেৰে প্ৰেৰণ কৰিলে প্ৰদূষিত হ’ব পাৰে ৷
এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আই আই টি গুৱাহাটীৰ গৱেষকৰ দলটোৱে ডাটা এনটোড কৰাৰ বাবে orthogonal spatial light mode ব্যৱহাৰ কৰে যাক Zernike mode বুলিও কোৱা হয় ৷
এই যোগাযোগ ব্যৱস্থাত এক অনন্য প্ৰক্ৰিয়া প্ৰয়োগ কৰা হৈছে; যি বায়ুমণ্ডলৰ অস্থিৰতাৰ প্ৰভাৱৰ ক্ষতিপূৰণ দিব পাৰে ৷ যাতে ব্যৱহাৰকাৰীয়ে তথ্য অস্থিৰতাৰ মাজতো প্ৰেৰণ কৰিব পাৰে ৷ যাৰ ফলত তথ্য গ্ৰহণকাৰীয়ে তথ্য লাভ কৰাত নূন্যতম ত্ৰূটি থকাৰ সম্ভাৱনা থাকে ৷
ইয়াৰ উপৰিও তথ্য সঞ্চাৰৰ ক্ষেত্ৰত অন্যান্য অনাতাঁৰ মাধ্যমসমূহৰ বিপৰীতে, তথ্য গ্ৰহণকাৰীৰ দিশে কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হয় য’ত সঞ্চাৰৰ সুৰক্ষাক জড়িত কৰি ৰখি সকলো দিশতে তথ্য প্ৰসাৰিত কৰিব পাৰি ৷
লগতে পঢ়ক-প্ৰতিকুল বতৰৰ বাবে SpaceX এ বাতিল কৰিলে ষ্টাৰলিংকৰ প্ৰক্ষেপন