ETV Bharat / science-and-technology

Aditya-L1 : পৃথিৱী আৰু চন্দ্ৰৰ ফটো তুলিলে আদিত্য এল-১ৰ কেমেৰাই - Aditya L1 camera takes pictures of Earth and Moon

আদিত্য এল-১ত কেমেৰাই মহাকাশৰ পৰাই সংগ্ৰহ কৰিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো । মহাকাশযানখনে ছেলফিত ভিইএলচি আৰু চুইট দেখা গৈছে ।

Aditya-L1
পৃথিৱী আৰু চন্দ্ৰৰ ফটো তুলিলে আদিত্য এল-১ৰ কেমেৰাই
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 4:50 PM IST

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ : সূৰ্য অন্বেষণৰ বাবে যোৱা ইছৰোৰ আদিত্য এল-১ য়ে মহাকাশত ল'লে ছেলফি । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে বৃহস্পতিবাৰে আদিত্য এল-১ সৌৰ মিছন মহাকাশযানত কেমেৰাৰ দ্বাৰা লোৱা পৃথিৱী আৰু চন্দ্ৰৰ এখন চেলফি আৰু ফটো মুকলি কৰিছে । আদিত্য এল-১ হৈছে দেশৰ প্ৰথম সৌৰ অভিযান । কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই আদিত্য এল-১ উৎক্ষেপণ কৰা হৈছিল । দেশৰ তৃতীয় চন্দ্ৰ অভিযানৰ সফলতাৰ পাছতে আদিত্য এল-১ অভিযানকলৈও বিভিন্ন আশা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আদিত্য এল-১ৰ সফলতাৰ বাবে ইছৰোক অভিনন্দন জনাইছে ।

বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে এক্সত লিখিছে, "সূৰ্য-পৃথিৱী এল ১ পইণ্টৰ বাবে নিৰ্ধাৰিত আদিত্য এল-১য়ে পৃথিৱী আৰু চন্দ্ৰৰ এখন চেলফি আৰু ফটো লৈছে ।"

ফটোবোৰত ভিইএলচি (দৃশ্যমান নিৰ্গমন ৰেখা কৰোনাগ্ৰাফ) আৰু চুইট (সৌৰ অতিবেঙুনীয়া ইমেজাৰ) সঁজুলিবোৰ দেখুওৱা হৈছে । আদিত্য এল-১ৰ কেমেৰাই ৪ ছেপ্টেম্বৰত এই ফটোবোৰ লৈছিল । ইছৰোৱে সেই পৃথিৱী আৰু চন্দ্ৰৰ ফটোবোৰ শ্বেয়াৰ কৰিছে । ৩ ছেপ্টেম্বৰত ইছৰোৱে জনাইছিল যে আদিত্য ১ অভিযানৰ উপগ্ৰহটোৰ অৱস্থা সুস্থিৰ আৰু সুন্দৰভাৱে কাম কৰি আছে । আনহাতে আদিত্য এল-১ মহাকাশযানক ২৩৫x১৯,৫০০ কিলোমিটাৰ উপবৃত্তাকাৰ কক্ষপথত সুমুৱাই দিয়া হৈছে যিটো পিএছএলভিৰ দ্বাৰা অতি সঠিকভাৱে কৰা হৈছে ।

উল্লেখ্য যে যোৱা ২ ছেপ্টেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সফলতাৰে আদিত্য এল-১ উৎক্ষেপণ কৰিছিল ।

লগতে পঢ়ক :Earth like Planet Nine: নেপচুনৰ পিছফালে লুকাই আছে পৃথিৱীসদৃশ আন এটা গ্ৰহ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.