নিউজ ডেস্ক, 3 নৱেম্বৰ : পশ্চিমবংগত পুনৰ ৰাজনৈতিক নেতাৰ ওপৰত সংঘটিত গুলিচালনাৰ ঘটনা ৷ ৰাজ্যখনৰ দক্ষিণ 24 পাৰগণা জিলাৰ জিৱানটালাত সংঘটিত হয় এই ঘটনা ৷
জানিব পৰা মতে, পশ্চিমবংগৰ শাসনাধিষ্ঠ তৃণমুল কংগ্ৰেছৰ তিনিগৰাকীকৈ স্থানীয় নেতাক লক্ষ্য কৰি অচিনাক্ত বন্দুকধাৰীয়ে মঙলবাৰে ধাৰাসাৰ গুলিচালনা কৰে ৷ ঘটনাৰ পিচতেই তিনিওগৰাকী নেতাক কলকাতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে, তিনিওগৰাকী নেতাৰে অৱস্থা বৰ্তমানে সংকটজনক ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, গুলিচালনাৰ বলি হোৱা তিনিওগৰাকী নেতা কুতুবুদ্দিন শ্বেইখ, মছলেম আলি মোল্লা আৰু আলমগিৰ গাজি বুলি জানিব পৰা গৈছে ৷ তিনিওগৰাকী নেতাই স্থানীয় অঞ্চলটোত কিছুমান বহিৰাগত লোকে স্থান লোৱা বুলি জানিব পাৰে ৷ ইয়াৰ পিচতেই তিনিও উক্ত স্থানত উপস্থিত হৈ ঘটনাৰ বুজ ল'ব চেষ্টা কৰে ৷ কিন্তু এনে অৱস্থাতে দুষ্কৃতিকাৰীয়ে তিনিওলৈ বুলি ধাৰাসাৰ গুলিচালনা কৰে ৷ গুলিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা তিনিওগৰাকী নেতাক প্ৰথমে কেনিং মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱা বাবে কলকাতালৈ স্থানান্তৰ কৰা হয় ৷
ঘটনাৰ পিচতে অঞ্চলটোত পুনৰ উত্তেজনাই বিৰাজ কৰিছে ৷
লগতে পঢ়ক : ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজ C-452 মুকলি