নিউজ ডেস্ক, 25 আগষ্টঃ ভাৰতৰ বিভিন্ন স্থানত সন্ত্ৰাসমূলক কাৰ্যকলাপৰ অভিসন্ধি ৰচিছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ অৱনতিৰ পিচতে ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছিল এই তথ্য ৷ শেহতীয়াকৈ শ্ৰীলংকাৰ পৰা সাগৰীয় পথেৰে ভাৰতৰ ভূমিত ছয়জনীয়া লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ দল তামিলনাডুত প্ৰৱেশ কৰাৰ প্ৰামাণিক তথ্য লাভ কৰিছিল ভাৰতীয় চোৰাংচোৱা সংস্থাই ৷
ভাৰতীয় চোৰাংচোৱাই লাভ কৰা তথ্যৰ ভিত্তিতে তামিলনাডুত গ্ৰেপ্তাৰ হয় দুগৰাকী লোক ৷ আনহাতে নিৰাপত্তাজনিত কাৰণত ৰাজ্যখনৰ বিশেষ অনুসন্ধানকাৰী দলে (Special Investigation Team) গ্ৰেপ্তাৰ কৰা লোকদুজনৰ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ উল্লেখ্য যে, এদিন পূৰ্বেই কেৰালা আৰক্ষীয়ে কইম্বাতোৰৰ পৰা সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল কেদাৰ ৰহিম নামৰ এগৰাকী লোকক ৷ কেদাৰ ৰহিমৰ ওপৰত চলোৱা জেৰাৰ পিচতে কেৰালা আৰক্ষীয়ে লাভ কৰিছিল কেতবোৰ বিশেষ তথ্য ৷ উক্ত তথ্যৰ ওপৰত ভিত্তি কৰিয়ে দেওবাৰে তামিলনাডু আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে গ্ৰেপ্তাৰ কৰে আন দুগৰাকী লোকক ৷
তিনিগৰাকীকৈ লোকৰ গ্ৰেপ্তাৰৰ পিচতে দুয়োখন ৰাজ্যতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ দুয়োখন ৰাজ্যৰে উপকূলৱৰ্তী অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰিছে আৰক্ষীয়ে ৷ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে বিভিন্ন স্থানত আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হোৱাৰ লগতে দেশৰ অন্য ৰাজ্যৰ আৰক্ষীৰ সৈতেও যোগাযোগ ৰাখিছে দুয়োখন ৰাজ্যৰ আৰক্ষী বিভাগে ৷ কেৰেলাৰ কইম্বাতোৰ আৰক্ষী আয়ুক্ত সুমিত চৰনে প্ৰকাশ কৰা তথ্য অনুসৰি, ইতিমধ্যে দেশৰ স্থলসেনা, নৌসেনা আৰু বায়ুসেনাক সকলো তথ্য প্ৰদান কৰিছে আৰক্ষীয়ে ৷ দুয়োখন ৰাজ্যতে আৰক্ষীৰ 10টাকৈ কিউআৰটি (Quick Reaction Teams) নিয়োজিত কৰাৰ লগতে 2000ৰো অধিক আৰক্ষী জোৱান নিয়োজিত কৰি ৰখা হৈছে ৷