ETV Bharat / jagte-raho

অবৈধ সম্পৰ্কক বৈধতা দিবৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীসহ দুই কন্যাক

ধুবুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ স্বামীয়ে হত্যা কৰিলে পত্নী আৰু দুই কন্যাক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সমীৰ বসাকক ৷

author img

By

Published : Dec 25, 2020, 5:28 PM IST

sensational-murder-in-dhubri-bilashipara
অবৈধ সম্পৰ্কক বৈধতা দিবৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নী সহ দুই কন্যাক

ধুবুৰী, 25 ডিচেম্বৰ : পৰকীয়া প্ৰেমৰ পৰিণতিত চাঞ্চল্যকৰ হত্যাকাণ্ডই জোঁকাৰি গৈছে ধুবুৰী জিলাত ৷ অবৈধ প্ৰেমৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নী আৰু দুই কন্যাক ৷

ঘটনাৰ বিৱৰণ অনুসৰি, ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনা ৷ মহকুমাটোৰ আটানীৰ নিৱাসী সমীৰ কুমাৰ বসাক নামৰ লোকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বিলাসীপাৰা চহৰৰ 3 নম্বৰ ৱাৰ্ডৰ দুৰ্গাবাৰীৰ ৰাখী বসাকে ৷ বিবাহসূত্ৰে তেওঁলোকৰ ছুমি বসাক আৰু অনিশা বসাক নামৰ দুগৰাকী কন্যা সন্তান আছিল ৷

লগতে পঢ়ক : পুনৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

অভিযোগ অনুসৰি, সমীৰ বসাকে নিজৰ খুলশালী এগৰাকীৰে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷ এই অবৈধ সম্পৰ্কই এটা সময়ত বিবাহপাশত আৱদ্ধ হোৱাৰ পণ লয় ৷ কিন্তু তেওঁলোকৰ সম্পৰ্কৰ মাজত পত্নী আৰু দুগৰাকী কন্যা থকাৰ বাবে বাধাৰ সন্মুখীন হ'ব লগা হৈছিল ৷ যাৰবাবে অবৈধ সম্পৰ্কক বৈধতা দিবৰ বাবে পত্নী আৰু দুই কন্যাক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আটানী আৰক্ষীয়ে অভিযুক্ত সমীৰ বসাকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

শুকুৰবাৰে অভিযুক্ত সমীৰ বসাৰে কেনেকৈ পত্নী আৰু কন্যাক হত্যা কৰিছিল তাৰ সকলো কথা আৰক্ষীৰ সন্মুখত বিৱৰি কয় ৷ অভিযুক্তৰ ভাষ্য অনুসৰি, ডিঙি চেপি হত্যা কৰি গৌৰাং নৈত উটুৱাই দিছিল পত্নী-কন্যাক ৷

উল্লেখ্য যে, স্বামীয়ে পত্নী আৰু কন্যাক হত্য়া কৰাৰ ঘটনাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : আজি পবিত্ৰ বৰদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.