ETV Bharat / jagte-raho

ধুবুৰীত ঘৰুৱা বিবাদৰ ফলত এজনক মৰিয়াই মৰিয়াই হত্যা ! - পাগলাহাট আৰক্ষী

ধুবুৰী জিলাৰ তামাৰহাটৰ পাগলাহাটত প্ৰতিবেশীয়ে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ ঘৰুৱা কাজিয়াক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত হোৱা মাৰপিটৰ ফলতে হত্যাৰ বলি হয় লোকজন ৷ ঘটনাক লৈ পাগলাহাটৰ উত্তৰ কাচখানাত প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷

ধুবুৰীত ঘৰুৱা বিবাদৰ ফলত এজনক মৰিয়াই মৰিয়াই হত্যা

author img

By

Published : May 29, 2020, 11:50 PM IST

ধুবুৰী, 29 মে' : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পাগলাহাট আৰক্ষী চকীৰ উত্তৰ কাচখানা গাঁৱত শুকুৰবাৰে সংঘটিত হয় এক নৃশংস হত্য়াকাণ্ড ৷ পাৰিবাৰিক কাজিয়াক কেন্দ্ৰ কৰি হৰি ৰায় নামৰ এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰে এচাম লোকে ।

এজনক মৰিয়াই মৰিয়াই হত্যা

হৰি ৰায় আৰু যোগেন ৰায়ৰ পৰিয়ালৰ মাজত প্ৰথমে সামান্য কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয় ৷ পৰৱৰ্তী সময়ত দুইপক্ষৰ মাজৰ কাজিয়াই উগ্ৰ ৰূপ ধাৰণ কৰে আৰু দহ-বাৰ জনীয়া দল এটাই হৰি ৰায়ৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি লাঠী-জোং লৈ আক্ৰমন কৰি মূৰত গুৰুতৰভাৱে আঘাত কৰে । হৰিৰ অৱস্থা সংকটজনক দেখি হৰিৰ দেউতাক আৰু দুই এজনে কোনোমতে ঘটনাস্থলীৰ পৰা হৰিক উদ্ধাৰ কৰি ১০৮ মৃত্যুঞ্জয় সেৱাৰে ধুবুৰী লৈ পঠায় যদিও ধুবুৰী চিকিৎসালয় পোৱাৰ আগতে হৰি ৰায়ৰ মৃত্যু হয় । ইফালে হৰিৰ পত্নী সুমিত্ৰা ৰায়ে ঘটনাৰ লগত জৰিত এঘাৰজন আচামীৰ নামত পাগলাহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

ধৃত যোগেন ৰায় আৰু অশ্বিনী ৰায়
ধৃত যোগেন ৰায় আৰু অশ্বিনী ৰায়

এজাহাৰৰ ভিত্তিত পাগলাহাট আৰক্ষীয়ে ১১৪/২০ নম্বৰ গোচৰ ৰুজু কৰি ১৪৭/ ১৪৮/ ১৪৯/ ৪৪৮/ ৩০২ ধাৰাত যোগেন ৰায় আৰু অশ্বিনী ৰায়ক আটক কৰি ধুবুৰী জেল হাজোত লৈ প্ৰেৰণ কৰে । অধিক তথ্যৰ বাবে আৰু বাকী অভিযুক্তক কৰায়ক্ত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.