মৰাণ, 30 মে’ : ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত 1 নং মাধকলী গাঁৱত শনিবাৰে এটা ঘৰৰ ভিতৰত গাঁতত পুতি থোৱা অৱস্থাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, খোৱাঙৰ 1 নং মাধকলী গাঁৱৰ দেৱলাল কালিন্দীৰ পুত্ৰ অভিজিৎ কালিন্দী যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল । পৰিয়ালৰ লোকে সন্ধান চলায় যদিও কিশোৰটিৰ সন্ধান উলিয়াব পৰা নাছিল । শনিবাৰে হঠাৎ কিশোৰটিৰ ঘৰৰ নিচেই কাষতে দুজন যুৱকে বাস কৰা ঘৰটোৰ পৰা অস্বাভাৱিক গোন্ধ বিয়পি অহাত ওচৰ-চুবুৰীয়াৰ কেইজনমান লোকে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি গাঁতৰ ভিতৰত পুতি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে কিশোৰটিৰ মৃতদেহ ।
ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দলে উদ্ধাৰ কৰে মৃতদেহটো । আনহাতে ঘৰটোত বাস কৰা দুইজন যুৱক ক্ৰমে পৰমেশ কেওঁট আৰু ৰমেশ কেওঁটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে । আনহাতে কিশোৰটিৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে, নিজ পৰিয়ালৰ পৰা অকলশৰে বাস কৰা এই দুইজন যুৱক মানসিকভাৱে ভাৰসাম্যহীন । আৰক্ষীয়ে কিশোৰটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: নাওবৈচাৰ বানবিধস্ত অঞ্চলত বান সাহায্য প্ৰদান আজমল ফাউণ্ডেচনৰ