ETV Bharat / jagte-raho

অল-হিন্দ আইছিছ গোচৰত নিয়াৰ ৩ লাখৰ পুৰস্কাৰ ঘোষণা - ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই বেংগালুৰু অল-হিন্দ আইছিছ গোচৰত ৩ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।

অল-হিন্দ আইছিছ গোচৰত নিয়াৰ ৩ লাখৰ পুৰস্কাৰ ঘোষণা

author img

By

Published : May 13, 2020, 10:39 PM IST

নিউজ ডেস্ক, ১৩ মে' : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই বুধবাৰে বেংগালুৰুৰ আইছিছ গোটৰ সন্ধান দিওঁতালৈ ৩ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে । পলাই থকা অভিযুক্ত আব্দুল মাথিনৰ নামত এই পুৰস্কাৰ ঘোষণা কৰিছে নিয়াই ।

কৰ্নাটকৰ ছিমোগাৰ বাসিন্দা ২৬ বৰ্ষীয় মাথিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু হৈ আছে । নিয়াই প্ৰকাশ কৰা অনুসৰি, তামিলনাডুৰ এগৰাকী হিন্দু নেতাৰ হত্যাত জড়িত মাথিনৰ লগতে মেহবুব পাছা, খাজা মইদিন আৰু বহুকেইজনে সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰিছিল । ইয়াৰ ভিতৰত পাছাই ২০১৯ চনত বেংগালুৰুস্থিত বাসভৱনত বহুকেইখন গোপন আলোচনাত মিলিত হৈছিল আৰু ধৰ্মীয় মৌলবাদ প্ৰচাৰ কৰি, আফগানিস্তান আৰু ছিৰিয়াত আইছিছত যোগদান কৰিবলৈ বহুকেইজন যুৱকক অনুপ্ৰেৰণা দিছিল ।

এই ঘটনাৰ পিচতে নিয়াই ১২ জন অভিযুক্ত ক্ৰমে, পাছা, ইমৰান, মহম্মদ হানিফ খান, মহম্মদ মানছুৰ আলি খান, চলিম খান, হুছেইন শ্বৰীফ, ইজাজ পাছা, জাবিউল্লাহ, ছৈয়দ আজমাথুল্লা, ছৈয়দ ফাছিউৰ ৰেহমান, মহম্মদ জেইদ আৰু চাদিক বাছাক ইতিমধ্যে আটক কৰিছে ।

মাথিন হৈছে চলিম খান আৰু মহম্মদ জেইদৰ বন্ধু, যিয়ে পাছাৰ অল-হিন্দ ট্ৰাষ্টত মুখামুখি হয় । ইয়াৰ পিচতেই মাথিনে এইটো সংগঠনৰ সকলো বৈদেশিক নিধি চোৱাচিতা কৰাৰ লগতে সন্ত্ৰাসবাদমুলক কাৰ্যকলাপত নিয়োজিত হৈ পৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.