নিউজ ডেস্ক, 4 আগষ্টঃ কেৰালাৰ থিৰুৱন্তপুৰমত শনিবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে ৷ স্থানীয় মিউজিয়াম আৰক্ষী চকীৰ সন্মুখত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ সকলো দৃশ্য আৰক্ষী চকীৰ বাহিৰত লগোৱা চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় ৷ দুৰ্ঘটনাটোত কেৰালাৰ এগৰাকী প্ৰতিভাশালী যুৱ সাংবাদিক কেএম বছীৰ থিতাতে নিহত হয় ৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰিছিল সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া শ্ৰীৰাম ভেংটকৰমণে ৷ আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শী আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিছে আইএএছ বিষয়া শ্ৰীৰাম ভেংকটৰমণক ৷ ভেংকটৰমণৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে এক জামিনবিহীন গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
কেৰালাঃ সাংবাদিকৰ সৈতে হোৱা দুৰ্ঘটনাত জড়িত আইএএছ বিষয়াক গ্ৰেপ্তাৰ - জামিনবিহীন গোচৰ
কেৰালাৰ বিশিষ্ট যুৱ সাংবাদিক কেএম বছীৰৰ দুৰ্ঘটনাৰ সৈতে জড়িত থকা জ্যেষ্ঠ আইএএছ বিষয়া শ্ৰীৰাম ভেংকটৰমণক গ্ৰেপ্তাৰ কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে ৷ অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই সংঘটিত হোৱা দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছিল সাংবাদিকগৰাকীয়ে ৷