হোজাই, 26 আগষ্ট : লংকা বন বিভাগৰ দ্বাৰা চলোৱা এক অভিযানত জব্দ হয় চোৰাং কাঠসহ মালবাহী মেজিক গাড়ী । বিশেষ সূত্ৰৰ পম খেদি, লংকা বন বিভাগৰ লোকে বুধবাৰে 54নং ৰাষ্ট্ৰীয় ঘাইপথৰ কপাঁহবাৰী অঞ্চলৰ পৰা জব্দ কৰে চোৰাং কাঠ সৰবৰাহ কৰা টাটা মেজিক গাড়ী ।
বন বিভাগে লগতে আটক কৰে গাড়ীখনৰ চালক আব্দুল মান্নানক ।
উল্লেখ্য যে, লংকা বন বিভাগৰ লোকে চোৰাং কাঠৰ গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথেৰে শংকৰদেৱ নগৰৰ পৰা পিছে পিছে খেদি গৈ কপাঁহবাৰী অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় । ৰাষ্ট্ৰীয় ঘাইপথেৰে লংকাৰ মাৰ্কেটিঙৰ পৰা ডৱকালৈ গৈ আছিল টাটা মেজিক গাড়ীখন । জব্দ কৰা গাড়ীখনৰ নম্বৰ AS 02 BC 3103 । পিছত টাটা মেজিক গাড়ীসহ চালকজনক লৈ অহা হয় লংকা আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়লৈ ।
লগতে পঢ়ক : পত্নীক ডিঙি চেপি হত্যা, আৰক্ষী থানাত আত্মসমৰ্পন দোষীৰ