ডিফু, 14 জুলাই : যিটো সময়ত সমগ্ৰ বিশ্বই মহামাৰীৰ সৈতে যুঁজ দি আছে, চিকিৎসকসকলক ভগৱান বুলি সেৱা কৰা হৈছে, তেনে সময়তে চিকিৎসকৰ দ্বাৰা সংঘটিত কাৰ্যই সচেতন মহলৰ চকু কপালত তুলিছে ৷ এনে এক ঘৃণনীয় কাণ্ড সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ ডিফুত ৷ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এগৰাকী ইএনটি চিকিৎসকে এগৰাকী মহিলাক চিকিৎসাৰ চলেৰে শালীনতা নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ লম্পট চিকিৎসকগৰাকীয়ে ডিঙিৰ চিকিৎসা কৰিবলৈ অহা এগৰাকী মহিলা ৰোগীৰ গুপ্তাংগত স্পৰ্শ কৰাৰ লগতে এয়া চিকিৎসাৰ বাবে কৰা হৈছে বুলি উল্লেখ কৰে ৷
প্ৰাপ্ত খবৰ অনুসৰি চিকিৎসা কৰিবলৈ অহা এগৰাকী 24 বছৰীয়া বিবাহিতা মহিলাক শালীনতা হানি কৰে চিকিৎসকজনে ৷ ডিফুৰ অঞ্জলী মেডিকেল হলৰ প্ৰাইভেট চেম্বাৰত এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ইএনটি বিভাগৰ চিকিৎসক ডাঃ এছ কে দাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷
ডিফু টিচাৰ্ছ কলনিৰ ভুক্তভোগী বিবাহিতা মহিলাগৰাকীয়ে চিকিৎসকগৰাকীৰ ওচৰত দীৰ্ঘ দিনৰ ডিঙিৰ পৰা বেমাৰৰ চিকিৎসা কৰাই আছিল ৷ যোৱা 7 জুলাইত প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে অঞ্জলী মেডিকেল হলত চিকিৎসা কৰিবলৈ যাওঁতে চিকিৎসকগৰাকীয়ে মহিলাগৰাকীৰ গোপন স্থানত স্পৰ্শ কৰি শালীনতা নষ্ট কৰিছিল বুলি অভিযোগ কৰে যদিও চিকিৎসাৰ বাবে চিকিৎসকে এনে কৰিছিল বুলি ভাবিছিল মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীক চিকিৎসকজনে আল্ট্ৰা চাউণ্ড কৰিবলৈ পৰামৰ্শ দি পুনৰ আহিবলৈ কৈছিল ৷
সেই মৰ্মে মঙলবাৰে সন্ধিয়া পুনৰ মহিলাগৰাকী চিকিৎসকগৰাকীৰ ওচৰত যায় ৷ চিকিৎসকগৰাকীয়ে পুনৰ একে আচৰণ কৰি মহিলাগৰাকীক একেদৰে শালীনতা নষ্ট কৰে বুলি মহিলা গৰাকীয়ে জনায় ৷ চিকিৎসকগৰাকীয়ে চিকিৎসা কৰা সময়ত কোনো নাৰ্ছ সহায়িকা নাছিল ৷ এই সন্দৰ্ভত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত 130/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 354 ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে চিকিৎসকগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ বাৰ বছৰৰ ভিতৰত এইবাৰ বৰষুণৰ মাত্ৰা সৰ্বাধিক কিয় ?