ETV Bharat / jagte-raho

নগাঁৱৰ ননৈ আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

author img

By

Published : Jul 28, 2020, 10:12 PM IST

এইবাৰ নগাঁৱত সংঘটিত হৈছে চাইবাৰ ক্ৰাইম ৷ তিনি বন্ধুৱে মিলি সংঘটিত কৰে এই কাণ্ড ৷ আৰক্ষীৰ জালত অপৰাধী ৷

নগাঁৱৰ ননৈ আৰক্ষীৰ জালত চাইবাৰ অপৰাধী
নগাঁৱৰ ননৈ আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

নগাঁও,28 জুলাই : নগাঁৱৰ ননৈ আৰক্ষীৰ জালত পৰিছে চাইবাৰ অপৰাধী । তিনি বন্ধুৱে মিলি বন্ধুৰ পিতৃৰ একাউণ্টৰ পৰা সৰকালে তিনি লক্ষাধিক টকা ।

নগাঁৱৰ ননৈ আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

নগাঁৱত পুনৰ সংঘটিত হ'ল চাইবাৰ অপৰাধৰ ঘটনা । এইবাৰ তিনি বন্ধুৱে মিলি বন্ধুৰ পিতৃৰ একাউন্টৰ পৰা সৰকাই নিলে তিনি লক্ষাধিক টকা । তিনি বন্ধু ক্ৰমে সোণজ্যোতি কলিতা,দিব্যজ্যোতি শইকীয়া আৰু পাৰ্থপ্ৰতিম বৰাৰ মাজত আছিল ঘনিষ্ঠ সম্পৰ্ক । বন্ধু পাৰ্থপ্ৰতিম বৰাৰ অজ্ঞাতে পাৰ্থপ্ৰতিমৰ পিতৃ পদ্মকান্ত বৰাৰ একাউন্টৰ পৰা গুগল পে'ৰ জৰিয়তে ধন সৰকাই নিয়াৰ অভিযোগ দুই বন্ধু সোণজ্যোতি কলিতা আৰু দিব্যজ্যোতি শইকীয়াৰ বিৰুদ্ধে । অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মকান্ত বৰাৰ একাউন্টৰ পৰা ধন সৰকাই নিয়া সন্দৰ্ভত নগাঁৱৰ ননৈ আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে অভিযুক্ত সোণজ্যোতি কলিতাক । বন্ধুত্বৰ সুযোগ লৈ চাইবাৰ অপৰাধ সংঘটিত কৰি ধন সৰকাই নিয়া ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।

লগতে পঢ়কঃ বঙাইগাঁৱত কোভিড-19 আক্ৰান্তই জন্ম দিলে সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.