কোকৰাঝাৰ,18 জুলাইঃ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত টিপকাইত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

কোকৰাঝাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত টিপকাইৰ দুলিগাঁৱত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) বেদান্ত বৰকাকতিৰ নেতৃত্বত চলাই এক অভিযান । আৰক্ষীৰ এই অভিযানত এটা একে চিৰিজৰ ৰাইফল,দুটা মেগজিন,৩০ জাঁই সজীৱ গুলী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা অস্ত্ৰখিনি কোনো দুৰ্বৃত্তই পলিথিনেৰে বান্ধি বাঁহনিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে । ইতিমধ্যে উক্ত ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক- চিৰাঙত গৰাখহনীয়াৰ কাল ৰূপ