নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ দিল্লী আৰক্ষীয়ে লকডাউনৰ নিয়ম অমান্য কৰাৰ বাবে লক্ষ্মী নগৰৰ পৰা এগৰাকী গাড়ীচালকক গ্ৰেপ্তাৰ কৰে । দুগুণ ভাড়া লৈ দিল্লীৰ পৰা এটা পৰিয়ালক জম্মু-কাশ্মীৰলৈ নিবলৈ ওলোৱা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এম্বুলেন্সৰ গাড়ীচালকগৰাকীক । ধৃত গাড়ীচালকগৰাকী বীৰেন্দ্ৰ লুথৰা বুলি জনাইছে দিল্লী আৰক্ষীয়ে ।
আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে লক্ষ্মীনগৰত এম্বুলেন্সখনৰ ভিতৰত ৭গৰাকী লোকসহ গাড়ীখন জব্দ কৰে আৰক্ষীয়ে । পৰৱৰ্তী তদন্তৰ সময়ত লোককেইজন একেটা পৰিয়ালৰে আৰু তেওঁলোকৰ ঘৰ জম্মু-কাশ্মীৰত বুলি নিশ্চিত হয় আৰক্ষী । এইমছলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অহা পৰিয়ালটোৱে লকডাউনৰ সময়ত এইদৰে দিল্লীত আৱদ্ধ হৈ পৰিছিল ।
পৰৱৰ্তী সময়ত পৰিয়ালটোৱে লুথৰাৰ সৈতে চিনাকী হয় আৰু প্ৰতিকিলোমিটাৰৰ ২০ টকাকৈ দিবলৈ মান্তি হয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়কঃ ভুৱা বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ সাংবাদিক