ETV Bharat / jagte-raho

লকডাউনৰ নিয়ম অমান্য কৰি মছজিদলৈ যোৱা 30 গৰাকীক গ্ৰেপ্তাৰ - মহামাৰী ৰোগ

কেৰালাত প্ৰায় 30গৰাকী লোকক লকডাউনৰ নিয়ম অমান্য কৰি বিভিন্ন ৰাজহুৱা স্থানত একগোট হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে ৷

লকডাউনৰ নিয়ম অমান্য কৰি মছজিদলৈ যোৱা 30 গৰাকীক গ্ৰেপ্তাৰ

author img

By

Published : Apr 5, 2020, 10:30 AM IST

নিউজ ডেস্ক, 5 এপ্ৰিলঃ সমগ্ৰ দেশতে চলি থকা লকডাউনৰ নিয়ম অমান্য কৰি বিপদত পৰিল বহুকেইজন ৷ কেৰালাত সংঘটিত হোৱা এক ঘটনাৰ পিচতে ৰাজ্যখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 30জনকৈ লোকক ৷ এইসকল লোকে লকডাউনৰ নিয়ম অমান্য কৰি মছজিদত একত্ৰিত হৈছিল যাৰ বাবেই এইদৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ‘বলগীয়া হয় ৷

ৰাজ্যখনৰ থ্ৰীছুৰ জিলাৰ কাজিকোড়ে আৰু চাভাক্কাড় তথা তীৰুৱন্তপুৰম জিলাৰ পেৰিংমালা চহৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 30জন লোকক ৷ এইসকল লোকে লকডাউনৰ নিয়ম অমান্য কৰি এইদৰে মছজিদত একত্ৰিত হৈছিল ৷

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰী কৰা তথ্য অনুসৰি, 14গৰাকী লোকৰ বিৰুদ্ধে লকডাউনৰ নিয়ম অমান্য কৰি মছজিদত একগোট হোৱাৰ বাবে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ একেদৰেই তীৰুৱন্তপুৰমতো জাম্মা-আথ কমিটীৰ সভাপতি, সম্পাদককে ধৰি 11 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ থ্ৰীছুৰত আৰক্ষীয়ে 5গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৷

কেৰালাত ইতিমধ্যে 1.69 লাখ লোকক 706 খন চিকিৎসালয়ত কোভিড-19 মহামাৰীৰ বাবে নিৰীক্ষণত ৰখা হৈছে ৷ ৰাজ্যখনত 251 গৰাকী লোকক কোভিড-19ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে চিকিৎসা আগবঢ়াই থকা হৈছে আৰু 14 গৰাকীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.