নেশ্যনেল ডেস্ক,২৩ জুলাই : ৰাছিয়াৰ মস্কো চহৰত শোকাবহ ঘটনা । গৰম পানীৰ পাইপ বিস্ফোৰণ হৈ ৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দুৰ্ঘটনাটোৰ ফলত প্ৰায় ৭০ গৰাকী লোক আহত হয় । শনিবাৰে পশ্চিম মস্কোৰ এটা শ্বপিং মলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় মেয়ৰে এই ঘটনাক লৈ শোকপ্ৰকাশ কৰাৰ লগতে নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাইপ ডাল বিস্ফোৰণ হোৱাৰ পাছত গৰম পানীয়ে মলটোৰ এটা অংশ প্লাৱিত কৰে । যাৰ ফলত কমেও ৭০ গৰাকী লোক আহত হয় আৰু প্ৰায় ২০ জন লোক আৱদ্ধ হৈ পৰে । জানিব পৰা মতে গৰম পানীৰ ফলত প্ৰায় ১০ গৰাকী লোকৰ শৰীৰৰ বিভিন্ন অংশ জ্বলি গৈছে । তাৰ ভিতৰত ৯ গৰাকীক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সামাজিক মাধ্যমত শ্বপিং মলটো এটা ভিডিঅ' প্ৰকাশ পাইছে । য'ত দেখা গৈছে কেনেদৰে চিৰিৰ ওপৰৰ এখন দেৱালত এটা ফুটা হৈছে যিটোৰে গৰম পানী ওলাই আছিল ।
আন এটা ভিডিঅ'ত দেখা গৈছে চিকিৎসকসকলে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত গ্ৰাহক আৰু মলৰ কৰ্মচাৰীসকলৰ চিকিৎসা কৰিছে । ইফালে মলৰ ভৱনটোৰ দুৱাৰেৰেও গৰম বতাহ অহৰহ ওলাই থকা দেখা গৈছিল ।
আৰক্ষীয়ে জনোৱা মতে অনুসন্ধান সমিতিয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । সমিতিয়ে ৪ জন লোকৰ মৃত্যুক লৈ এটা অপৰাধমূলক গোচৰো ৰুজু কৰিছে । ৰাছিয়ান ফেডাৰেচনৰ ফৌজদাৰী আইনৰ অনুচ্ছেদ ২৩৮ৰ অংশ ৩-ৰ অধীনত এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । জৰুৰীকালীন সেৱা বিভাগে জনোৱা মতে ভ্ৰেমেনা গোডা (ছিজন) মলৰ তলৰ মহলাত গৰম পানীৰ পাইপ ফাটি গৈছিল । উদ্ধাৰকাৰী দলে ৪ টা মৃতদেহ উদ্ধাৰ কৰিছে ।
সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । এই দুৰ্ঘটনাৰ পাছত মল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে একাংশ লোকে ।
লগতে পঢ়ক :Russian Strikes in Ukraine : ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত নিহত কমেও ৮ নাগৰিক