ETV Bharat / international

Hamas attack on Israel : ইজৰাইলত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা জেলেনস্কিৰ

ইজৰাইলত হামাছৰ ভয়ংকৰ আক্ৰমণত ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । এই আক্ৰমণক ভয়ংকৰ আখ্যা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ । সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ'বলৈ আহ্বান ৰাষ্ট্ৰপতিগৰাকীৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 5:29 PM IST

Hamas attack on Israel
ইজৰাইলত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা জেলেনস্কিৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ : ইজৰাইলত হামাছৰ ভয়ংকৰ আক্ৰমণক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে । বিভিন্ন দেশে এই আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়েও হামাছৰ আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ইজৰাইলৰ ওপৰত এই আক্ৰমণক জেলেনস্কিয়ে 'ভয়ংকৰ বাতৰি' বুলি দাবী কৰি কয় যে বিশ্বত সন্ত্ৰাসৰ কোনো স্থান থাকিব নালাগে । জেলেনস্কিয়ে কয় যে এনে সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ জীৱনক গুৰুত্ব দিয়া সকলোৱে একতাৰে থিয় দিব লাগিব । নিসন্দেহে ইজৰাইলীৰ আত্মৰক্ষাৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰে ।

এক্সৰ এটা পোষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আঁৰত থকা সকলক জবাবদিহি কৰিবলৈ দাবী জনায় । তেওঁ কয় যে যিয়ে সন্ত্ৰাসবাদৰ আশ্ৰয় ল'ব আৰু সন্ত্ৰাসৰ বাবে বিত্ত যোগান কৰিব তেওঁ বিশ্বৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰে । তেওঁ এই আক্ৰমণক গৰিহণা দি সন্ত্ৰাসবাদীসকলক পৰাজিত কৰা হ'ব বুলিও আশা প্ৰকাশ কৰে ।

  • Today, the entire world saw horrifying videos from Israel. Terrorists humiliate women and men, detain even the elderly, and show no mercy.

    In the face of such a terrorist strike, everyone who values life must stand in solidarity.

    We in Ukraine have a special feeling about… pic.twitter.com/AnBgVO2X0J

    — Volodymyr Zelenskyy / Володимир Зеленський (@ZelenskyyUa) October 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ সকলো বিৱৰণ প্ৰকাশ কৰিব লাগিব যাতে বিশ্বই এই আক্ৰমণটো সংঘটিত কৰাত সমৰ্থন আৰু সহায় কৰা সকলোকে জানিব পাৰে আৰু জবাবদিহি কৰিব পাৰে ।

  • Horrible news from Israel. My condolences go out to everyone who lost relatives or close ones in the terrorist attack. We have faith that order will be restored and terrorists will be defeated.

    Terror should have no place in the world, because it is always a crime, not just…

সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জেলেনস্কিয়ে কয় যে বিপদাশংকা ক্ষেত্ৰত থকা ইউক্ৰেইনৰ সকলো নাগৰিকে স্থানীয় সুৰক্ষা সেৱাৰ দ্বাৰা জাৰী কৰা সকলো আদেশ সাৱধানে পালন কৰিব লাগিব আৰু সতৰ্ক থাকিব লাগিব । তেওঁ লগতে কয় যে ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ইজৰাইলত থকা ইউক্ৰেইনৰ দূতাবাস যিকোনো পৰিস্থিতিত সহায় কৰিবলৈ সাজু আছে । ইজৰাইলত থকা ইউক্ৰেইনৰ নাগৰিকসকলক সমৰ্থন কৰিবলৈ এক কাৰ্যকৰী মুখ্য কাৰ্যালয় স্থাপন কৰাৰ কথাও তেওঁ ঘোষণা কৰে ।

লগতে পঢ়ক :Israel crisis : হামাছৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাবুকি ইজৰাইলৰ, গাজাত ভয়ংকৰ আক্ৰমণৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.