ETV Bharat / international

গাজাত বন্দী ২৪০ গৰাকী লোকৰ মুক্তিৰ দাবীত জেৰুজালেমত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:14 AM IST

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কঁপালে জেৰুজালেমৰ ৰাজপথ । হামাছে বন্দী কৰা লোকসকলক শীঘ্ৰে ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইজৰাইল চৰকাৰক হেঁচা প্ৰতিবাদকাৰীৰ । প্ৰতিবাদকাৰীৰ সৈতে আলোচনাৰ বাবে সন্মত হোৱা নাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী ।

Jerusalem protest
গাজাত বন্দী ২৪০ গৰাকী লোকৰ মুক্তিৰ দাবীত জেৰুজালেমত প্ৰতিবাদ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : গাজাত বন্দী হৈ থকা প্ৰায় ২৪০ গৰাকী লোকৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত আছে । বন্দী লোকসকলৰ পৰিয়ালৰ সদস্য আৰু সমৰ্থকসকলে জেৰুজালেমত এইবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । হাজাৰ হাজাৰ লোকে ৰাজপথত প্ৰতবাদী সমদল উলিয়ায় । হামাছৰ সৈতে যুদ্ধ অব্যাহত ৰখা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুকো সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে । আনহাতে শীঘ্ৰে লোকসকলক ঘৰলৈ ঘূৰাই অনাৰ বাবেও চৰকাৰক অনুৰোধ জনায় পৰিয়ালৰ সদস্য তথা প্ৰতিবাদকাৰীসকলে ।

তেল আভিভৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদকাৰীসকলে সমদল আৰম্ভ কৰে । উল্লেখ্য যে ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ ফলত ইজৰাইলত প্ৰায় ১,২০০ গৰাকী লোক নিহত হৈছিল । ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে যুদ্ধ ঘোষণা কৰে আৰু যোৱা ৬ সপ্তাহত ১১,৫০০ তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । হামাছ সন্ত্ৰাসবাদীয়ে বহু লোকক বন্দী কৰি লৈ গৈছিল ।

কিন্তু এতিয়ালৈ বন্দী লোকসকলক মুকলি কৰি দিয়া নাই হামাছে । যাৰ বাবে শংকিত হৈ পৰিছে পৰিয়ালৰ লোকসকলে । ইজৰাইলে যুদ্ধ বন্ধ নকৰিলে তেওঁলোক বিপদত পৰিব বুলিও আশংকা কৰিছে পৰিয়ালৰ লোকসকলে । সেয়ে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী হাজাৰ হাজাৰ লোকে ইজৰাইলৰ পতাকা আৰু বন্দী লোকসকলৰ ফটো লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে জেৰুজালেমলৈ প্ৰায় ৭০ কিলোমিটাৰ খোজ কাঢ়ি যায় আৰু লাহে লাহে নেতান্যাহুৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হয় ।

অৱশ্যে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে এতিয়াও তেওঁলোকক সাক্ষাৎ কৰিবলৈ সন্মত হোৱা নাই । যাৰ ফলত প্ৰতিবাদকাৰীসকলৰ মাজত ক্ষোভৰো সৃষ্টি হৈছে । ইয়াৰ মাজতে ইজৰাইলৰ যুদ্ধ কেবিনেটৰ আন সদস্য প্ৰাক্তন বিৰোধী নেতা বেনি গাণ্টজ আৰু প্ৰাক্তন সেনা প্ৰধান গাদি আইজেনকোটে শনিবাৰে সন্ধিয়া ভুক্তভোগী পৰিয়ালৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰিবলৈ সাজু হৈছে ।

ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই প্ৰতিবাদৰ মাজতে যুদ্ধ কেবিনেটে বন্দীসকলৰ মাজত মহিলা আৰু শিশুসকলৰ মুক্তিৰ বাবে কাটাৰী-মধ্যস্থতাকাৰী চুক্তিৰ কথা বিবেচনা কৰি আছে । ইয়াৰ বিনিময়ত ইজৰাইলে কেইবাদিনো যুদ্ধবিৰতিৰ বাবে সন্মত হ'ব আৰু পেলেস্তাইনী বন্দীসকলৰো একাংশক মুক্তি কৰি দিব ।

লগতে পঢ়ক : ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত ৩ সন্ত্ৰাসবাদীসহ ৫ পেলেষ্টাইনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.