ETV Bharat / international

Chief Twit Elon Musk: টুইটাৰৰ দায়িত্ব গ্ৰহণ এলন মাস্কৰ, CEO পৰাগ আগৰৱালাক বৰ্খাস্ত - Vijaya Gadde sacked from Twitter

বিভিন্ন জল্পনা কল্পনাৰ অন্তত এলন মাস্কে সমাপ্ত কৰিলে টুইটাৰ ক্ৰয় কৰাৰ ৪৪ বিলিয়ন আমেৰিকান ডলাৰৰ চুক্তি । শুকুৰবাৰে তেওঁ টুইটাৰৰ দায়িত্ব গ্ৰহণ কৰিয়ে বৰ্খাস্ত কৰে মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু আন তিনিজন শীৰ্ষ বিষয়াক (Twitter CEO Parag Agarwal sacked)। সাধাৰণ পৰামৰ্শদাতা ছিন এজেটকো বৰ্খাস্ত ।

Chief Twit Elon Musk
টুইটাৰৰ দায়িত্ব গ্ৰহণ এলন মাস্কৰ
author img

By

Published : Oct 28, 2022, 12:48 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ অক্টোবৰ : অৱশেষত টুইটাৰৰ দায়িত্ব ল'লে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে (Elon Musk takes charge of Twitter)। টুইটাৰ অধিগ্ৰহণ চুক্তিৰ এক শৃংখলাবদ্ধ নাটকীয় অধ্যায়ৰ সমাপ্তি ঘটায় শুকুৰবাৰে চীফ টুইট হিচাপে দায়িত্ব ল'লে মাস্কে । দায়িত্ব লৈয়ে তেওঁ প্ৰথমটো টুইট কৰিছিল,"The bird is freed"

ইফালে দায়িত্ব লোৱাৰ পাছতে তেওঁ বৰ্খাস্ত কৰিলে টুইটাৰৰ পূৰ্বৰ কেইবাজনো বিষয়াক । তেওঁলোকৰ ভিতৰত আছে পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু আন তিনিজন শীৰ্ষ বিষয়া (CEO Parag Agarwal sacked)। অৱশ্যে তেওঁ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে টুইটাৰত ৭৫ শতাংশ কৰ্মচাৰীক তেওঁ বৰ্খাস্ত নকৰে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাটাও সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল আৰু বিত্ত প্ৰধান নেড চেগালে কোম্পানীৰ চান ফ্ৰাঞ্চিস্কো মুখ্য কাৰ্যালয় ত্যাগ কৰিছে (Finance chief Ned Segal have left Twitter)। আইনী নীতি, বিশ্বাস আৰু সুৰক্ষাৰ মুৰব্বী বিজয়া গাড্ডেকো বৰ্খাস্ত কৰা হৈছে (Vijaya Gadde sacked from Twitter)।

মাস্কে বৃহস্পতিবাৰে টুইটাৰ ক্ৰয় কৰাৰ ৪৪ বিলিয়ন আমেৰিকান ডলাৰৰ চুক্তি সমাপ্ত কৰে (Musk closed the USD 44 billion deal to buy Twitter)। তাৰ পাছতে মাস্কে টুইটাৰৰ পূৰ্বৰ কৰ্মচাৰীৰ ছাটাই অভিযান আৰম্ভ কৰিছে । সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি সাধাৰণ পৰামৰ্শদাতা ছিন এজেট হৈছে চতুৰ্থ শীৰ্ষ কাৰ্যবাহী যাক আগৰৱালা, চেগাল আৰু গাড্ডেৰ সৈতে বৰ্খাস্ত কৰা হৈছে ।

উল্লেখ্য যে এলন মাস্ক আৰু টুইটাৰৰ মাজৰ চুক্তি আৰম্ভ হোৱাৰে পৰা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালৰ সৈতে মাস্কৰ মত-বিৰোধ দেখিবলৈ পোৱা গৈছিল । বিভিন্ন বিষয়ক লৈ দুয়োগৰাকীৰে মাজত মতানৈক্যৰ সৃষ্টি হৈছিল । যাৰ পৰিণতি স্বৰূপে সম্ভৱত আজি চাকৰি হেৰুৱালে আগৰৱালাই ।

উল্লেখ্য যে ছ'চিয়েল মিডিয়া ছাইটৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চে পদত্যাগ কৰাৰ পাছত আগৰৱালক যোৱা বছৰ নৱেম্বৰত টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল । আইআইটি বোম্বাই আৰু ষ্টেনফৰ্ডৰ প্ৰাক্তন ছাত্ৰ আগৰৱালে এক দশকৰ পূৰ্বে টুইটাৰত যোগদান কৰিছিল যেতিয়া কোম্পানীটোত ১,০০০ তকৈও কম কৰ্মচাৰী আছিল । বৰ্খাস্ত হোৱা বিজয়া গাড্ডেও বিভিন্ন সময়ত বিতৰ্কত আছিল । বিগত বছৰ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট স্থায়ীভাৱে নিলম্বিত হোৱাৰ লগে লগে হায়দৰাবাদত জন্মগ্ৰহণ কৰা গাড্ডেৰ বিৰুদ্ধে ট্ৰাম্পৰ সমৰ্থকে বিদ্ৰোহৰ চেষ্টা কৰিছিল ।

উল্লেখ্য যে মাস্কে বুধবাৰে ছান ফ্ৰান্সিস্কোত কোম্পানীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল আৰু অভিযন্তা আৰু বিজ্ঞাপন বিষয়াসকলৰ সৈতে বৈঠক মিলিত হৈছিল । ৫১ বছৰীয়া মাস্কে কিছুমান নিয়ম শিথিল কৰি, সমগ্ৰ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি আৰু সদস্যতা ব্যৱসায় ৰক্ষা কৰি, লগতে একাংশ কৰ্মচাৰীক ছাটাই কৰি টুইটাৰক পৰিৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

লগতে পঢ়ক :Elon Mask at Twitter HQ : হাতত চিংক লৈ টুইটাৰৰ মুখ্য কাৰ্যালয়ত এলন মাস্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.