ETV Bharat / international

Kabul suicide bomb blast : কাবুলত আত্মঘাতী বিস্ফোৰণ, ৬ গৰাকী নিহত

কাবুলৰ বৈদেশিক মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ সমীপত আত্মঘাতী বোমা বিস্ফোৰণ (Suicide bomb blast in Kabul)। বিস্ফোৰণত ৬ গৰাকী লোক নিহত, কেইবাজনো আহত । বিস্ফোৰণ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই । বিস্ফোৰণৰ পাছতে তালিবানী নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰিছে তদন্ত ।

author img

By

Published : Mar 27, 2023, 7:59 PM IST

Kabul suicide bomb blast
কাবুলত আত্মঘাতী বিস্ফোৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ মাৰ্চ : আফগানিস্তানৰ কাবুলত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ (Suicide bomber attack in Kabul)। বিস্ফোৰণত নিহত ৫ জন লোক । কাবুলৰ বৈদেশিক মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ সমীপতে এই বিস্ফোৰণ । বিস্ফোৰণত আন কেইবাজনো লোক আহত হয় । এইবছৰতে মন্ত্ৰালয়ৰ সমীপত এয়া দ্বিতীয়টো আক্ৰমণ (Blast near foreign ministry in Kabul)।

এতিয়ালৈ কোনো সংগঠনে এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ২০২১ চনত তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পাছতে ইছলামিক ষ্টেট গোটৰ আঞ্চলিক সহযোগী সংগঠনটোৱে আক্ৰমণ বৃদ্ধি কৰিছে । আইএছয়ে তালিবান বিষয়া আৰু তহলদাৰীসকলক লক্ষ্য কৰি লোৱা দেখা গৈছে । দেশখনৰ সংখ্যালঘু চিয়াসকলৰ সদস্যসকলকো লক্ষ্য কৰি লৈছে সংগঠনটোৱে ।

কাবুল আৰক্ষী প্ৰধানৰ এগৰাকী বিষয়া খালিদ জাদৰানে জনোৱা মতে, তালিবান সুৰক্ষা বাহিনীয়ে মন্ত্ৰালয়ৰ সমীপত মালিক আচগৰ চাৰিআলিৰ এটা চেকপইণ্টত উপস্থিত হোৱাৰ পূৰ্বেই বোমাৰুজনক দেখা গৈছিল । তাৰ পাছতে আক্ৰমণকাৰীজনে বিস্ফোৰণ ঘটায় । য'ত ৬ গৰাকী নাগৰিক নিহত হয় (6 death in Kabul blast)। আক্ৰমণত আহতসকলৰ ভিতৰত তালিবান সুৰক্ষা বাহিনীৰ ৩ জন সদস্যও আছিল ।

আনহাতে কাবুলৰ হাস্পতাল এখনে প্ৰকাশ কৰা মতে বিস্ফোৰণৰ ফলত দুগৰাকী লোকৰ মৃত্যু হৈছে আৰু এটা শিশুসহ ১২ গৰাকী আহত হৈছে । ইফালে জানুৱাৰীৰ মাজভাগত মন্ত্ৰালয়ৰ সমীপত আই এছৰ আক্ৰমণত প্ৰায় ৫ গৰাকী লোক নিহত হৈছিল । চেকপইণ্টৰ পৰা মন্ত্ৰালয়লৈ যোৱা এটা সুৰক্ষিত পথ আছে । যিটো ৰাষ্ট্ৰপতিৰ প্ৰাসাদলৈ যোৱা এটা পথত অৱস্থিত । ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে ।

ইছলামিক ষ্টেট গোটে কাবুলত শেহতীয়াকৈ হোৱা আন এক আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে (Islamic State group attack in Kabul)। চহৰখনৰ সামৰিক বিমানবন্দৰৰ এটা চেকপইণ্টৰ সমীপত বোমা বিস্ফোৰণ হৈছিল । য'ত কেইবাজনো লোক নিহত আৰু আহত হৈছিল । ডিচেম্বৰৰ মাজভাগতো কাবুলৰ এখন হোটেলত সংগঠনটোৱে আক্ৰমণ কৰিছিল ।

লগতে পঢ়ক :Deprived of education: আফগানিস্তানত মহিলাৰ বাবে পুনৰ বিদ্যালয় খুলিবলৈ তালিবানক আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.