ETV Bharat / international

Qantas plane lands safely : সৰ্তকতাজনিত ফোনৰ পাচতে কোৱান্টাছ বিমানৰ নিৰাপদ অৱতৰণ - নিৰাপদ অৱতৰণ কৰে কোৱান্টাছৰ বিমানে

বুধবাৰে সাগৰৰ ওপৰেৰে নিৰাপদ অৱতৰণ কৰে কোৱান্টাছৰ বিমানে (Qantas plane lands safely)৷ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ জনবহুল চহৰসমূহৰ মাজত ৩.৫ ঘণ্টাৰ বিমান যাত্ৰাৰ অন্তত নিউজিলেণ্ডৰ অকলেণ্ডৰ পৰা ছিডনী বিমানবন্দৰত অৱতৰণ কৰে কোৱান্টাছৰ ১৪৪ নং বিমানখনে ৷

Qantas plane lands safely
নিৰাপদ অৱতৰণ কৰিলে কোৱান্টাছৰ বিমানে
author img

By

Published : Jan 18, 2023, 3:39 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 18 জানুৱাৰী : বিপদৰ পৰা বাচিল কোৱান্টাছৰ বিমান ৷ ৰেডিঅ’ যোগে লাভ কৰা এক সতৰ্কবাণীৰ পাচতেই সাৱধানতা অৱলম্বন কৰে কোৱান্টাছৰ বিমান কৰ্তৃপক্ষই ৷ জানিব পৰা মতে, ৰেডিঅ’ যোগে কোৱান্টাছৰ বিমান কৰ্তৃপক্ষই লাভ কৰিছিল এক সৰ্তক বাৰ্তা ৷ ইয়াৰ পাচতেই সাগৰৰ ওপৰেৰে নিৰাপদ অৱতৰণ কৰে কোৱান্টাছৰ বিমানে (Qantas plane lands safely) ৷

বুধবাৰে প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে নিউজিলেণ্ডৰ পৰা ছিডনীলৈ যোৱা কোৱান্টাছৰ এখন বিমানে ৰেডিঅ’যোগে লাভ কৰে সৰ্তকতাজনিত ফোন কল ৷ সৰ্তকতামূলক ফোন কলটো পোৱাৰ পাচতে নিউজিলেণ্ডৰ পৰা ছিডনী অভিমুখী বিমানখনে নিৰাপদে অৱতৰণ কৰে । চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ জনবহুল চহৰসমূহৰ মাজত ৩.৫ ঘণ্টাৰ বিমান যাত্ৰাৰ অন্তত নিউজিলেণ্ডৰ অকলেণ্ডৰ পৰা ছিডনী বিমানবন্দৰত অৱতৰণ কৰে কোৱান্টাছৰ ১৪৪ নং বিমানখনে (Qantas Flight 144 landed at Sydney Airport from Auckland) ।

অষ্ট্ৰেলিয়ান ব্ৰ’ডকাষ্টিং কৰ্প’ৰেশ্যনক কোৱাণ্টাছে এক বিবৃতিযোগে জানিবলৈ দিয়ে যে, ছিডনীৰ পৰা প্ৰায় এঘণ্টাৰ দূৰত্বত থকা অৱস্থাত বয়িং ৭৩৭ বিমানখনৰ দুটা ইঞ্জিনৰ এটাত সমস্যাই দেখা দিয়ে । সম্ভাব্য সহায়ৰ প্ৰয়োজন অনুভৱ কৰি বিমানখন অৱতৰণ কৰাৰ আগতেই মে’ডে’ক পেনলৈ হ্ৰাস কৰা হৈছিল বুলি জানিবলৈ দিয়ে বিমান কৰ্তৃপক্ষই ৷

নিউ চাউথ ৱেলছ এম্বুলেন্সৰ চিকিৎসা কৰ্মীসকলে তথা পেৰামেডিকেল সকলে ৰেডিঅ’ যোগে লাভ কৰা এক সৰ্তকতামূলক বাৰ্তাৰ প্ৰতি সঁহাৰি আগবঢ়োৱা বুলি জানিব পৰা গৈছে । এয়াৰ চাৰ্ভিচেছ অষ্ট্ৰেলিয়াই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, যেতিয়া এখন বিমান গুৰুতৰ আৰু অচিৰেই বিপদত পৰে আৰু তাৎক্ষণিক সহায়ৰ প্ৰয়োজন হয় তেতিয়া ৰেডিঅ’ যোগে জাৰি কৰা হয় সৰ্তকতবাণী । এ পিয়ে কোৱান্টাছৰ বিমানক মন্তব্য প্ৰকাশৰ বাবে অনুৰোধ জনাইছিল যদিও কোৱাণ্টাছ কৰ্তৃপক্ষই তৎক্ষণাত কোনো সঁহাৰি নিদিলে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Families deprived of flood relief: আমাৰো খবৰ ল’ব ছাৰ সোনকালে, মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান বানাক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.