ETV Bharat / international

Turkey Earthquake : নিজৰ জীৱন বিপন্ন কৰি নৱজাতকৰ সুৰক্ষা তুৰ্কী নাৰ্ছৰ

author img

By

Published : Feb 12, 2023, 8:18 PM IST

তুৰস্কৰ দুগৰাকী নাৰ্ছৰ মানৱীয়তাৰ অমূল্য উদাহৰণ । নিজৰ জীৱন পণ কৰি নৱজাতকৰ জীৱন সুৰক্ষাৰ বাবে নিজক সমৰ্পণ কৰাৰ এক আদৰ্শনীয় ঘটনা । চিচি টিভি ফুটেজত পোহৰলৈ আহিছে এই ঘটনা । গাজিয়ানটেপৰ এখন চিকিৎসালয়ত নৱজাতকসকলক বচাবলৈ নিজৰ জীৱনক বিপদত পেলোৱা দেখা গৈছে নাৰ্ছকেইগৰাকীক (Nurses risk lives to protect newborns in Turkey) ।

Turkey
Turkey

ইণ্টাৰনেচনেল ডেস্ক, ১২ ফেব্ৰুৱাৰী : অভিশপ্ত সোমবাৰত তুৰস্ক-ছিৰিয়াত ধ্বংসযজ্ঞ । লগতে মৃতদেহৰ মিছিল । যোৱা সোমবাৰে তুৰস্কত সংঘটিত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ২৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈ নিহত হৈছে (earthquake in Turkey) । প্ৰতি নিয়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈয়ে আছে । লগতে দেশখন বিপুলভাৱে ক্ষতিগ্ৰস্ত হৈছে । কিন্তু তাৰ মাজতে এটা দৃশ্যই সকলোৰে নয়ন ভৰাই পেলাইছে ।

শেহতীয়াভাৱে দুগৰাকী তুৰ্কী নাৰ্ছৰ চিচি টিভি ফুটেজ পোহৰলৈ আহিছে । তাত দেখা গৈছে নাৰ্ছকেইগৰাকীয়ে নৱজাতকসকলক সুৰক্ষা প্ৰদান আৰু উদ্ধাৰৰ বাবে বাহিৰলৈ উলিয়াই লৈ গৈছে (Nurses risk lives to protect newborns in Turkey) । উল্লেখ্য, গাজিয়ানটেপৰ এই চিকিৎসালয়খনো ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিৰ কবলত পৰে (nurses rescued infants from Gaziantep hospital) ।

  • Sağlıkçılarımız şahane insanlar👏#GaziantepBüyükşehir İnayet Topçuoğlu Hastanemiz yenidoğan yoğun bakım ünitesinde, 7.7'lik #deprem esnasında minik bebekleri korumak için Hemşire Devlet Nizam ve Gazel Çalışkan tarafından gösterilen gayreti anlatacak kelime var mı?

    🌹🌼💐👏👏👏 pic.twitter.com/iAtItDlOwb

    — Fatma Şahin (@FatmaSahin) February 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভিডিঅ'টো তুৰ্কীৰ ৰাজনীতিবিদ ফাতেমা চাহিনে টুইটাৰত পোষ্ট কৰিছে । তাত নাৰ্ছসকলক ভূমিকম্পৰ মাজতে আইচিইউলৈ দৌৰি যোৱা দেখা গৈছে । তাৰ পিচত দুয়োগৰাকী নাৰ্ছে বেবী ইনকিউবেটৰবোৰ সাৱধানে ধৰি ৰাখিছে আৰু কম্পনৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈ বেবী ইনকিউবেটৰবোৰ তাৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই অনাৰ দৃঢ়তা প্ৰদৰ্শন কৰিছে । এই নাৰ্ছ দুগৰাকীক ডেৱলেট নিজাম আৰু গাজৱল কেলিস্কান বুলি চিনাক্ত কৰা হৈছে । আনহাতে, নেটিজেনসকলে ভৱনটোৰ পৰা বাহিৰলৈ দৌৰি ওলাই গৈ নিজৰ জীৱন ৰক্ষা কৰাৰ সলনি নৱজাতকসকলক বচাবলৈ গ্ৰহণ কৰা তেওঁলোকৰ সিদ্ধান্তক প্ৰশংসা কৰিছে ।

উল্লেখ্য, সোমবাৰে সংঘটিত ভূমিকম্পৰ পিচত তুৰস্ক আৰু ছিৰিয়াত মৃত্যুৰ সংখ্যা শনিবাৰে (স্থানীয় সময় অনুসৰি) ২৮,১৯২ জনলৈ বৃদ্ধি পাইছে বুলি চিএনএনৰ বাতৰি অনুসৰি জানিব পৰা গৈছে (earthquake in Turkey and Syria) । আনহাতে, তুৰস্কৰ উপ-ৰাষ্ট্ৰপতি ফুৱাট অকটেয়ে এক সংবাদমেলত জনায় যে, তুৰস্কৰ মৃত্যুৰ সংখ্যা ২৪,৬১৭-লৈ বৃদ্ধি পাইছে (death toll climbed in Turkey and Syria earthquake) ।

ইফালে হোৱাইট হেলমেটছ অসামৰিক প্ৰতিৰক্ষা গোটৰ মতে, ছিৰিয়াত নিশ্চিত মৃত্যুৰ মুঠ সংখ্যা হৈছে ৩,৫৭৫ জন । যাৰ ভিতৰত উত্তৰ-পশ্চিমৰ বিদ্ৰোহী অধিকৃত অঞ্চলত ২,১৬৭ জনৰ মৃত্যু হৈছে । দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে, চৰকাৰ নিয়ন্ত্ৰিত অঞ্চলসমূহত অতিৰিক্ত ১,৪০৮-টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে ।

ইফালে, ৬ ফেব্ৰুৱাৰীত তুৰস্কত সংঘটিত ভূমিকম্পৰ পিচত সন্ধানহীন হোৱা এজন ভাৰতীয় নাগৰিকক মালাটিয়াৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ তলত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি তুৰস্কৰ ভাৰতীয় দূতাবাসে শনিবাৰে এক টুইটযোগে জানিবলৈ দিয়ে । বিজয় কুমাৰ নামৰ নিহত ব্যক্তিজন তুৰস্কলৈ ব্যৱসায়িক ভ্ৰমণত গৈছিল । "আমি শনিবাৰে এখন প্ৰতিবেদন পাওঁ যে তেওঁৰ বয়বস্তু আৰু পাছপোৰ্ট পোৱা গৈছ । কিন্তু তাত মৃতদেহটো নাছিল । আমি তেওঁৰ সুস্থতাৰ আশা কৰি আছিলোঁ যে, তেওঁ হয়তো এই মৃত্যুৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰিছে । তেওঁৰ পিতৃৰ প্ৰায় এমাহ আগতে মৃত্যু হৈছিল আৰু বৰ্তমান এইটো ঘটিছে ।" বিজয় কুমাৰৰ আত্মীয় গৌৰৱ কালাই এনেদৰে কয় ।

আনহাতে, কুমাৰৰ পৰিয়ালৰ সদস্যসকলে এই কৰুণ খবৰটোৰ পোৱাৰ লগে লগে গভীৰ শোকত ভাগি পৰে । শোকাতুৰ পৰিয়ালটোৱে হিয়াঢাকুৰি কান্দে । মৃত্যুৰ সময়ত কুমাৰে তেওঁৰ মাতৃ, পত্নী আৰু এটি ছয় বছৰীয়া সন্তানক ইহসংসাৰত এৰি থৈ গৈছে । উল্লেখ্য যে, তেওঁ প্ৰায় ডেৰ মাহ পূৰ্বে পিতৃহাৰা হৈছিল । "আমি আবেলি দূতাবাসৰ পৰা এটা ফোন পাইছিলোঁ । তেওঁলোকে চিনাক্তকৰণৰ বাবে নিশ্চিতি বিচাৰিছিল । সেয়েহে আমি তেওঁলোকক বাঁওহাতত থকা এটা চিহ্নৰ বিষয়ে কৈছিলোঁ । তেওঁ বেংগালুৰুৰ এটা কোম্পানীত কাম কৰিছিল আৰু ২২ জানুৱাৰীত ইয়াৰ পৰা গুচি গৈছিল । তেওঁ ২০ ফেব্ৰুৱাৰীত উভতি অহাৰ কথা আছিল ।" কালাই লগতে কয় । উল্লেখ্য, তুৰস্কৰ ভাৰতীয় দূতাবাসে শনিবাৰে জনাইছিল যে কুমাৰৰ নশ্বৰ দেহ লাভ কৰা হৈছে ।

লগতে পঢ়ক :Turkey Earthquake: কুৰি হাজাৰ অতিক্ৰম কৰিলে ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.