ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ জুলাই : ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুক সাক্ষাৎ কৰে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে । ক'ভিড-১৯ মহামাৰীৰ পাছত বিদেশী অতিথিৰ সৈতে এয়া কিমৰ প্ৰথম বৈঠক । উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যমে বৃহস্পতিবাৰে এই বৈঠকৰ তথ্য প্ৰকাশ কৰে । কিম জং উন আৰু শোইগুৱে প্ৰতিৰক্ষা, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় পাৰস্পৰিক উদ্বেগৰ বিষয় আলোচনা কৰে ।
উত্তৰ কোৰিয়াৰ চৰকাৰী নাম ডেমক্ৰেটিক পিপলছ ৰিপাব্লিক অৱ কোৰিয়াৰ সংক্ষিপ্ত ৰূপ উল্লেখ কৰি চৰকাৰী কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেঞ্চিয়ে (কেচিএনএ) কয় যে দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠক নতুন শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি কৌশলগত আৰু পৰম্পৰাগত ডিপিআৰকে-ৰাছিয়া সম্পৰ্ক অধিক বিকাশ কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ হ'ব ।
-
North Korea is hosting senior Chinese and Russian delegations for 70th anniversary commemorations of the Korean War https://t.co/yvPlA2NyA1 pic.twitter.com/PQeVDhRZ8x
— Reuters (@Reuters) July 26, 2023 " class="align-text-top noRightClick twitterSection" data="
">North Korea is hosting senior Chinese and Russian delegations for 70th anniversary commemorations of the Korean War https://t.co/yvPlA2NyA1 pic.twitter.com/PQeVDhRZ8x
— Reuters (@Reuters) July 26, 2023North Korea is hosting senior Chinese and Russian delegations for 70th anniversary commemorations of the Korean War https://t.co/yvPlA2NyA1 pic.twitter.com/PQeVDhRZ8x
— Reuters (@Reuters) July 26, 2023
সংবাদ মাধ্যনে উল্লেখ কৰা মতে শোইগুৱে কিমক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন পত্ৰও প্ৰদান কৰে । আনহাতে কিমে শোইগুৰ নেতৃত্বত প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ বাবে পুটিনক ধন্যবাদ জ্ঞাপন কৰে । শোইগুৰ পিয়ংইয়ং ভ্ৰমণ ৩ বছৰৰ ভিতৰত এগৰাকী বিদেশী নেতাৰ প্ৰথম ভ্ৰমণ হিচাপে বিবেচিত হৈছে । উত্তৰ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কাং চানৰ সৈতেও তেওঁ আলোচনা কৰে ।
উত্তৰ কোৰিয়াই বৰ্তমান ১৯৫০-৫৩ চনৰ কোৰিয়ান যুদ্ধৰ সমাপ্তি ঘটাই যুদ্ধবিৰতিৰ ৭০ তম বাৰ্ষিকী উদযাপন কৰি আছে । চীনা কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰ' সদস্য লি হংঝংকে ধৰি চীনৰ এটা প্ৰতিনিধি দলেও অনুষ্ঠানটোৰ বাবে পিয়ংইয়ং ভ্ৰমণ কৰে ।
যুদ্ধবিৰতিৰ ৭০ তম বাৰ্ষিকী উপলক্ষ্যে ৰাজধানীত এক বৃহৎ সামৰিক কুচকাৱাজ অনুষ্ঠিত হ'ব । উত্তৰ কোৰিয়াত শাসকীয় পৰিয়ালৰ তৃতীয় প্ৰজন্ম কিমে পূৰ্বেও এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি তেওঁৰ শাসনৰ শেহতীয়া অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰিছিল । ইফালে উত্তৰ কোৰিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা কেইখনমান দেশৰ ভিতৰত ৰাছিয়া আৰু চীন অন্যতম । পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰৰ পৰীক্ষাৰ বাবে উত্তৰ কোৰিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাষৰীয়া হৈ আছে ।
লক্ষণীয়ভাৱে উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াক সমৰ্থন কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন প্ৰশাসনে কিম চৰকাৰৰ বিৰুদ্ধে ইউক্ৰেইনত ৰাছিয়াৰ বাহিনীক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে । অৱশ্যে কিম প্ৰশাসনে ইয়াক অস্বীকাৰ কৰিছে ।
লগতে পঢ়ক :Russia America Conflict: ছিৰিয়াত ৰাছিয়াৰ যুঁজাৰু বিমানৰ আমেৰিকান ড্ৰোণত আক্ৰমণ