ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল : উত্তৰ কোৰিয়াৰ অবিসম্বাদী নেতা কিম জং-উনে (North Korean leader Kim Jong un) শুকুৰবাৰে কয় যে শেহতীয়াকৈ দেশখনে কৰা নতুন কঠিন ইন্ধনচালিত "Hwasong-18" আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলৰ (intercontinental ballistic missile, ICBM) উৎক্ষেপণে দেশখনৰ পাৰমাণৱিক স্থিতি যথেষ্ট শক্তিশালী কৰিছে । শুকুৰবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি ইয়োনহাপ সংবাদ সংস্থাই এই কথা প্ৰকাশ কৰিছে ।
উত্তৰ কোৰিয়াৰ চৰকাৰী কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেঞ্চিয়ে (Korean Central News Agency, KCNA) ৰাজ্যিক সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে বৃহস্পতিবাৰৰ এই উৎক্ষেপণৰ তত্ত্বাৱধান কিমে নিজে কৰে । তাৰ পিচত তেওঁ কয় যে নতুন আইচিবিএমে ইয়াৰ পাৰমাণৱিক প্ৰতিক্ৰিয়াৰ ভঙ্গীৰ কাৰ্যকৰিতাক আমুল প্ৰচাৰ কৰিব আৰু ইয়াৰ আক্ৰমণাত্মক সামৰিক ৰণনীতিৰ ব্যৱহাৰিকতাত পৰিৱৰ্তন আনিব (North Korea tested new Hwasong 18 ICBM) ।
KCNA-য়ে কয়, ‘‘পৰীক্ষামূলক উৎক্ষেপণৰ উদ্দেশ্য আছিল বহু-স্তৰীয় মিছাইলৰ বাবে উচ্চ গতি সম্পন্ন কঠিন ইন্ধন ইঞ্জিনৰ প্ৰদৰ্শন আৰু stage-jettisoning প্ৰযুক্তি আৰু বিভিন্ন কাৰ্যকৰী নিয়ন্ত্ৰণ প্ৰণালীৰ নিৰ্ভৰযোগ্যতা নিশ্চিত কৰা ।’’ বিবৃতিটো অনুসৰি, ‘‘পৰীক্ষামূলক উৎক্ষেপণে প্ৰমাণ কৰিলে যে নতুন কৌশলগত অস্ত্ৰ প্ৰণালীৰ সকলোবোৰ মাপকাঠি ডিজাইনটোৰ প্ৰয়োজনীয়তাৰ সৈতে শুদ্ধতাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মিল খাইছে ।’’
খবৰ অনুসৰি, উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে এটা মধ্যৱৰ্তী বা দীঘলীয়া দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰে । দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে জনোৱা অনুসৰি, ই পূব সাগৰত স্পৰ্শ কৰাৰ পূৰ্বে ১,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে । উল্লেখ্য যে উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে জাপানৰ পূব সাগৰৰ ফালে এক অনিৰ্দিষ্ট বেলিষ্টিক মিছাইল নিক্ষেপ কৰে । ইয়োনহাপ সংবাদ সংস্থাই দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰে ।
আনহাতে, বৃহস্পতিবাৰে পিয়ংইয়ঙে জাপান সাগৰৰ ফালে এক অনিৰ্দিষ্ট বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ লগে লগে জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই গুৰুত্বপূৰ্ণ সময়ত 'সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন' কৰাৰ সতৰ্কবাণী জাৰি কৰে । জাপানে এটা সতৰ্কবাণী জাৰি কৰিছিল যে উত্তৰ কোৰিয়াৰ মিছাইল এটা হোক্কাইডো প্ৰিফেকচাৰ বা চুবুৰীয়া জলপথত অৱতৰণ কৰিব পাৰে । অৱশ্যে কিছু সময়ৰ পিচত জাপানে এক বিবৃতি জাৰি কৰি কয় যে পিয়ংইয়ঙে হোক্কাইডোত বা ইয়াৰ ওচৰে-পাজৰে নিক্ষেপ কৰা মিছাইল পৰাৰ সম্ভাৱনা আৰু নাই ।
লগতে পঢ়ক :Exercise Orion in France : ফ্ৰান্সৰ বৃহৎ সামৰিক অনুশীলনত থাকিব ভাৰতৰ ৰাফেল