ইন্টাৰনেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ : ম্যানমাৰৰ এখন আদালতে শুকুৰবাৰে দেশখনৰ অপসাৰিত নেত্ৰী আং ছান ছ্যু কীক(Aung San Suu Kyi) নিৰ্বাচনী জালিয়াতিৰ সৈতে জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । ইতিমধ্যে সামৰিক শাসিত দেশখনত আন কেইবাটাও গোচৰত দোষী সাব্যস্ত কৰি ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে ছ্যু কীক(Myanmar deposed former leader Aung San Suu Kyi) । এনে অৱস্থাত এই শাস্তিৰ পিছত তেওঁ এতিয়া কাৰাগাৰত অধিক সময় কটাব লাগিব । ইয়াৰ ফলত ছ্যু কীৰ নেচনেল লীগ ফৰ ডেম’ক্ৰেচি পাৰ্টিৰ অস্তিত্বও বিপদত পৰিছে(Aung Suu Kyi Jailed For 3 Years) ।
২০২৩ চনত দেশত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে সেনাই । এই গোচৰত ছ্যু কীৰ পূৰ্বৰ চৰকাৰৰ দুজন জ্যেষ্ঠ সদস্যকো তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল । তাৎপৰ্যপূৰ্ণভাৱে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ সেনাই দেশখনৰ বাঘজৰী দখল কৰি ছ্যু কী আৰু ম্যানমাৰৰ কেইবাজনো বিশিষ্ট নেতাক জিম্মাত লৈছিল । যোৱা সাধাৰণ নিৰ্বাচনত ছ্যু কীৰ দলটোৱে জয়লাভ কৰিছিল যদিও সেনাই কয় যে নিৰ্বাচনত বহুলাংশে ঠগ খাইছিল । স্বতন্ত্ৰ নিৰ্বাচনী পৰ্যবেক্ষকে কোনো ডাঙৰ অনিয়ম বিচাৰি নাপালে ।
বেংককস্থিত এছিয়ান নেটৱৰ্ক ফৰ ফ্ৰী ইলেকচনৰ মুখপাত্ৰ আমেল ৱেয়াৰে শুকুৰবাৰে কয় যে তেওঁ নিৰ্বাচনত কোনো ধৰণৰ প্ৰৱঞ্চনা দেখা নাই । ৱেইৰে ‘দ্য এছ’চিয়েটেড প্ৰেছ’ক কয় যে, ‘ম্যানমাৰৰ স্থানীয় নিৰ্বাচনী পৰ্যবেক্ষকসকলেও এনেধৰণৰ একোৱেই তথ্য পোৱা নাছিল ।’
সেনা শাসনলৈ অহাৰ পাছৰে পৰা দেশত ব্যাপক পৰিসৰত আৰম্ভ হোৱা শান্তিপূৰ্ণ বিক্ষোভ বলপূৰ্বকভাৱে বন্ধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল । ইয়াৰ পিছতে দেশত বহু হিংসাত্মক বিক্ষোভ সংঘটিত হয় । ৰাষ্ট্ৰসংঘৰ একাংশ বিশেষজ্ঞই ইয়াক গৃহযুদ্ধ বুলিও অভিহিত কৰিছে ।
ইতিমধ্যে, অবৈধভাৱে ৱাকিটকী আমদানি কৰি ৰখা, কৰ’নাৰ নিষেধাজ্ঞা উলংঘা কৰা, দেশদ্ৰোহী আৰু ৫টা দুৰ্নীতিৰ গোচৰত ছ্যু কীক ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে । তেওঁৰ দল আৰু চৰকাৰৰ বহু শীৰ্ষ সদস্যও কাৰাগাৰত আছে, আনহাতে বহু লোক লুকাই আছে বা বহিঃৰাজ্যলৈ পলায়ন কৰিছে ।
লগতে পঢ়ক : আগন্তুক সময়ত Maruti Suzukiত পৰিৱৰ্তন হ’ব: আৰ চি ভাৰ্গৱ