ETV Bharat / international

Imran Khan in Attock jail : মোৰ স্বামীক এটক কাৰাগাৰত বিষ দিব পাৰে; ইমৰান খানৰ পত্নী বুশ্ৰা বিবি - Pakistan Tehreek e Insaf

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্নী বুশ্ৰা বিবিয়ে পঞ্জাব প্ৰদেশৰ গৃহ সচিবলৈ লিখা এখন পত্ৰত তেওঁৰ কাৰাগাৰত থকা স্বামীক সম্ভাব্য বিষক্ৰিয়াৰ উদ্বেগৰ বাবে এটক কাৰাগাৰৰ পৰা আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰ কৰিবলৈ বিচাৰিছে ।

Imran Khan in Attock jail
Imran Khan in Attock jail
author img

By

Published : Aug 19, 2023, 2:03 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৯ আগষ্ট : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্নী বুশ্ৰা বিবিয়ে কাৰাগাৰত বন্দী তেওঁৰ স্বামীৰ নিৰাপত্তা আৰু সুৰক্ষা সম্পৰ্কে উদ্বেগ ব্যক্ত কৰিছে । তেওঁ কয় যে এটক কাৰাগাৰত তেওঁক বিষা দিব পাৰে । পঞ্জাব প্ৰদেশৰ গৃহ সচিবলৈ লিখা এখন পত্ৰত বুশ্ৰা বিবিয়ে কয় যে আদালতে সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁৰ স্বামীক ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে । জিঅ' নিউজৰ সূত্ৰত প্ৰকাশ ।

"মোৰ স্বামীক কোনো যুক্তি অবিহনে এটক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । আইন অনুসৰি মোৰ স্বামীক আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰ কৰা উচিত ।" তেওঁ লগতে কয় । উল্লেখ্য যে ২০১৮-২২ বৰ্ষৰ কাৰ্যকালত বিদেশী গণ্যমান্য ব্যক্তিসকলৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰা ৰাষ্ট্ৰীয় উপহাৰ বিক্ৰী সম্পৰ্কীয় তশখানা গোচৰত আদালতে তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ পিছত চলিত মাহৰ আৰম্ভণিতে পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) অধ্যক্ষগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

ফলস্বৰূপে তেওঁক পাঁচ বছৰৰ বাবে ৰাজনীতিৰ পৰাও বাৰণ কৰা হৈছে । জিঅ' নিউজৰ বাতৰি অনুসৰি, পত্ৰখনত বহিষ্কৃত প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নীয়ে পিটিআইৰ মুৰব্বীগৰাকীক তেওঁৰ সামাজিক আৰু ৰাজনৈতিক মৰ্যাদাৰ বাবে কাৰাগাৰত বি শ্ৰেণীৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে । কিয়নো তেওঁ এজন 'অক্সফোৰ্ড স্নাতক আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক' । তেওঁ কৈছে যে এনে ধৰণৰ সুবিধা এটক কাৰাগাৰত উপলব্ধ নহয়, যিটো তেওঁৰ স্বামীৰ প্ৰাপ্ত অধিকাৰ ।

বুশ্ৰাই লগতে কয় যে অতীজত খানৰ জীৱনত দুটাকৈ হত্যাৰ চেষ্টা কৰা হৈছিল আৰু জড়িত অভিযুক্তসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই । "তেওঁৰ (খান) জীৱন এতিয়াও বিপদত আছে (আৰু) মোৰ স্বামীক এটক কাৰাগাৰত বিষাক্ত পদাৰ্থ দিয়াৰ আশংকা আছে ।" তেওঁ পত্ৰখনত উল্লেখ কৰিছে । তেওঁ কয় যে দেশৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ বাবে তেওঁৰ স্বামীক কাৰাগাৰত ঘৰত ৰন্ধা খাদ্য খাবলৈ দিয়া উচিত ।

লগতে পঢ়ক :UK Nurse killed babies injecting insulin : সাতটা কেঁচুৱাক হত্যা; দোষী সাব্যস্ত হ’ল লুচি লেটবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.