ETV Bharat / international

Explosion in Peshawar Mosque : পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণত নিহত ২৫

পাকিস্তানৰ পোছোৱাৰৰ এটা মছজিদত ভয়ংকৰ বিস্ফোৰণ (massive explosion in Peshawar mosque) । বিস্ফোৰণৰ ফলত নিহত ২৫ গৰাকী । আনহাতে গুৰুতৰভাৱে আহত আন ১২০ জন লোক । দুপৰীয়াৰ নমাজ পঢ়ি থকাৰ সময়তে আত্মঘাতী বোমাৰুৱে সংঘটিত কৰে এই বিস্ফোৰণ ।

author img

By

Published : Jan 30, 2023, 5:10 PM IST

Pakistan
Pakistan

ইণ্টাৰনেচনেল ডেস্ক, ৩০ জানুৱাৰী : পাকিস্তানৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰ ডনে জনাইছে যে, সোমবাৰে পাকিস্তানৰ পেছোৱাৰৰ এটা মছজিদৰ ভিতৰত হোৱা বিস্ফোৰণত কমেও ২৫ জন লোক নিহত হয় (massive explosion in Peshawar mosque) । লগতে আৰু প্ৰায় ১২০ জন আহত হয় । নিৰাপত্তা বিষয়াসকলৰ সূত্ৰৰ উদ্ধৃতি কৰি জনোৱা হৈছে যে, দুপৰীয়া প্ৰায় ১.৪০ বজাত পুলিচ লাইনচ অঞ্চলৰ মছজিদত এই বিস্ফোৰণ সংঘটিত হয় (25 killed in explosion in peshawar mosque) । সেই সময়ত মছজিদটোত জহুৰৰ নামাজ বা দুপৰীয়াৰ প্ৰাৰ্থনাৰ সময়ত সন্মুখৰ শাৰীত উপস্থিত থকা এজন আত্মঘাতী বোমাৰুৱে নিজকে বোমাৰে উৰুৱাই দিয়ে (120 injured in explosion in Peshawar mosque) ।

আনহাতে, উপায়ুক্ত চফিউল্লাহ খানৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে যে এই শক্তিশালী বিস্ফোৰণত ২৫ জন লোক নিহত আৰু ১২০ জন আহত হয় (bomb blast in Pakistan mosque) । আহতসকলৰ ভিতৰত বেছিভাগ আৰক্ষীৰ লোক বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে । অৱশ্যে এই পৰ্যন্ত কোনো উগ্ৰপন্থী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই । উল্লেখ্য যে পাকিস্তান তালিবান নামেৰে জনাজাত অবৈধ তেহৰিক-ই-তালিবান পাকিস্তানে পূৰ্বতেও নিৰাপত্তাৰক্ষীসকলক লক্ষ্য কৰি এনেধৰণৰ কেইবাটাও আত্মঘাতী আক্ৰমণ চলাইছিল ।

ইফালে মছজিদটোৰ কাষৰতে কাৰ্যালয় থকা পেছোৱাৰৰ আৰক্ষী অধীক্ষক (অনুসন্ধান) চাজাদ কাউকাবে সংবাদ মাধ্যমক জনায় যে, তেওঁ প্ৰাৰ্থনা কৰিবলৈ মছজিদত প্ৰৱেশ কৰাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয় । সৌভাগ্যক্ৰমে তেওঁ উক্ত আক্ৰমণৰ পৰা বাচি যোৱা বুলিও তেওঁ প্ৰকাশ কৰে । উল্লেখ্য যে আত্মঘাতী বোমাৰুজনে পুলিচ লাইনৰ ভিতৰত থকা অত্যন্ত সুৰক্ষিত এই মছজিদটোত প্ৰৱেশ কৰিছিল, য'ত মছজিদটোত প্ৰৱেশ পথত চাৰিটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা আছিল (suicide bomber attacked in peshawar mosque) ।

এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰে যে বিস্ফোৰণটোত মছজিদটোৰ এটা অংশ খহি পৰে আৰু কেইবাজনো লোক তাৰ তলত থকা বুলি অনুমান কৰা হৈছিল । আহতসকলক পেছোৱাৰৰ লেডী ৰিডিং হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, আহতসকলৰ ভিতৰত ১৩ জনৰ অৱস্থা সংকটজনক । ইফালে পেছোৱাৰৰ চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । চিকিৎসালয়খনে নাগৰিকসকলক পীড়িতসকলৰ বাবে ৰক্তদান কৰিবলৈও আহ্বান জনাইছে ।

পেছোৱাৰ বিস্ফোৰণৰ পিছত ইছলামাবাদকে ধৰি অন্যান্য মুখ্য চহৰসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী আজম খানে এই আক্ৰমণৰ গৰিহণা দিয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । আনহাতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানেও মছজিদত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা প্ৰদান কৰিছে ।

"মোৰ প্ৰাৰ্থনা আৰু সমবেদনা ভুক্তভোগী পৰিয়ালক জনালোঁ । সন্ত্ৰাসবাদৰ বৰ্ধিত ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ আমি আমাৰ চোৰাংচোৱা ব্যৱস্থা উন্নত কৰা আৰু আমাৰ আৰক্ষী বাহিনীক সঠিকভাৱে সজ্জিত কৰাটো অতি প্ৰয়োজনীয় ।" পাকিস্তান তেহৰিক-ই-ইনচাফে এনেদৰে টুইট কৰে । উল্লেখ্য, বিগত বছৰতো চহৰখনৰ কোচা ৰিচালদাৰ অঞ্চলৰ এটা চিয়া মছজিদৰ ভিতৰত একেধৰণৰ আক্ৰমণত ৬৩ জন লোক নিহত হৈছিল ।

উল্লেখ্য যে এই বিস্ফোৰণটো এনে এক সময়ত সংঘটিত হৈছে যেতিয়া পাকিস্তানে এক তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে । যাৰ ফলত খাদ্য, গেছ আৰু তেলৰ মূল্য বৃদ্ধি পাইছে । ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধই দেশখনত আৰু অধিক শক্তিৰ সমস্যাৰ সৃষ্টি কৰিছে । কিয়নো মুদ্ৰাস্ফীতি সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈ আছে ।

লগতে পঢ়ক :Adani Hindenburg Dispute : ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ; হিণ্ডেনবাৰ্গক প্ৰত্যুত্তৰ আদানিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.