ETV Bharat / international

Japan PM Bomb Attack : বোমা আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা জাপানৰ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Apr 15, 2023, 11:33 AM IST

জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাক ধোঁৱা বোমাৰে আক্ৰমণ ৷ ঘটনাস্থলীৰ পৰা নিৰাপদে উদ্ধাৰ প্ৰধানমন্ত্ৰীগৰাকীক (Japan Prime Minister Bomb Attack) ৷

Japan Prime Minister Bomb Attack
Japan Prime Minister Bomb Attack

ইণ্টাৰনেশ্যনেল ডেস্ক, 15 এপ্ৰিল : জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাক আক্ৰমণৰ ঘটনা ৷ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ এগৰাকী প্ৰাৰ্থীৰ সৈতে এখন সভাত ভাষণ দি থকা অৱস্থাতে সংঘটিত হয় আক্ৰমণৰ ঘটনাটো (Attack occurred Japan PM Kishida)।

শনিবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই অংশগ্ৰহণ কৰা এক ৰেলীত বোমা বিস্ফোৰণ হোৱাৰ বাতৰি প্ৰকাশ কৰিছে জাপানৰ সংবাদ মাধ্যমে । খবৰ অনুসৰি এই আক্ৰমণত প্ৰধানমন্ত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হোৱা নাই ৷ আক্ৰমণ সংঘটিত হোৱা স্থানৰ পৰা নিৰাপত্তাৰক্ষীয়ে নিৰাপদ স্থানলৈ লৈ যাবলৈ সক্ষম হয় প্ৰধানমন্ত্ৰীগৰাকীক । দেশখনৰ এক সংবাদ মাধ্যম কিয়’ড’ নিউজে প্ৰকাশ কৰা অনুসৰি শনিবাৰে পশ্চিম জাপান ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাৰ ওপৰত ধোঁৱা বোমা যেন লগা এক বস্তু নিক্ষেপ কৰা হৈছিল (Japan Prime Minister Bomb Attack) ।

শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ এগৰাকী প্ৰাৰ্থীৰ সৈতে এখন সভাত ভাষণ দি থকা অৱস্থাতে সংঘটিত এই আক্ৰমণৰ ঘটনা ৷ অৱশ্যে আক্ৰমণটোৰ দ্বাৰা কিছিদাই কোনো আঘাত পোৱা নাই বুলি সংবাদ সূত্ৰটোৱে জানিবলৈ দিয়ে ৷ আনফালে জাপানৰ এন এইচ কে টিভিয়ে প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ ভ্ৰমণৰ সময়ত জাপানৰ বন্দৰত তীব্ৰ বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰিছে ৷ অৱশ্যে এই বিস্ফোৰণত কোনো লোক আহত হোৱা নাই বুলি এ পিৰ নিউজ এলাৰ্টত প্ৰকাশ পাইছে (Japan PM Kishida unhurt bomb attack port rally) ।

এন এইচ কে ৱৰ্ল্ড-জাপানে জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ' কোনো আঘাতপ্ৰাপ্ত হোৱা নাই আৰু তেওঁ ভাষণ দিয়াৰ পূৰ্বে উক্ত স্থানত জোৰেৰে বিস্ফোৰণৰ শব্দ শুনা পোৱাৰ বাবে প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা পশ্চিম জাপানৰ বন্দৰৰ পৰা উক্ত স্থানত গৈ উপস্থিত নহ’ল বুলি উল্লেখ কৰে । শনিবাৰে পুৱা কিছিদাই ৱাকায়ামা প্ৰিফেকচাৰৰ চাইকাজাকি বন্দৰ ভ্ৰমণ কৰিছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰে (Japan PM Kishida unhurt after smoke bomb attack evacuated from rally) ৷

মন কৰিবলগীয়া যে শুকুৰবাৰে জাপান চৰকাৰে ওছাকা চহৰত দেশখনৰ প্ৰথমটো কেচিনো মুকলি কৰাৰ এক বিতৰ্কিত পৰিকল্পনাত অনুমোদন জনাইছিল , যাৰ লক্ষ্য আছিল অধিক বিদেশী পৰ্যটক দেশখনৰ প্ৰতি আকৰ্ষিত কৰা । ওছাকাত বিশ্ব এক্সপ’ অনুষ্ঠিত হোৱাৰ চাৰি বছৰৰ পাছত এইখন মুকলি কৰা হ’ব আৰু কেচিনো ৰিজ’ৰ্টত সন্মিলনৰ সুবিধা, প্ৰদৰ্শনী হ’ল, হোটেল আৰু থিয়েটাৰ থাকিব ।

লগতে পঢ়ক : Electricity Subsidy in Delhi: দিল্লীৰ ৪৬ লাখ বাসিন্দাৰ বিদ্যুতৰ ৰাজসাহায্য বন্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.