ETV Bharat / international

Fire broke out at Marriage hall: বিবাহ ভৱনত অগ্নিদগ্ধ হৈ 100 জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 11:36 AM IST

বিবাহ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত 100 জন লোকৰ মৃত্যু হোৱাৰ লগতে 150 জন লোক আহত হয় । মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা ৷

Hall fire in Iraq
ভয়ংকৰ অগ্নিকাণ্ড

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: উত্তৰ ইৰাকত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ বুধবাৰে কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উত্তৰ ইৰাকৰ এটা বিবাহগৃহত হোৱা অগ্নিকাণ্ডৰ ফলত 100 জন লোকৰ মৃত্যু হোৱাৰ লগতে 150 জন লোক আহত হয় । ইৰাকৰ হামদানিয়া অঞ্চলৰ নীনব প্ৰদেশত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । ৰাজধানী বাগদাদৰ পৰা প্ৰায় 335 কিলোমিটাৰ উত্তৰ-পশ্চিমে এয়া এখন খ্ৰীষ্টান প্ৰধান অঞ্চল ।

এজন লোকে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক চিঞৰি থকাৰ সময়তে বিবাহগৃহৰ ভিতৰত জ্বলি যোৱা ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰিব পৰা গৈছে সংবাদ মাধ্যমৰ যোগেদি । স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰ ছাইফ আল বদৰে চৰকাৰী ইৰাকী নিউজ এজেন্সীৰ জৰিয়তে এই হতাহতিৰ পৰিসংখ্যা প্ৰদান কৰে । এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলক সকাহ দিয়াৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলি আল-বদৰে কয় ।

নিনিভেৰ প্ৰাদেশিক গৱৰ্ণৰ নাজিম আল জুবুৰীয়ে কয় যে আহতসকলৰ কিছুমানক আঞ্চলিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । তেওঁ সকীয়াই দিয়ে যে অগ্নিকাণ্ডৰ ফলত এতিয়াও কোনো চূড়ান্ত হতাহতিৰ পৰিসংখ্যা পোৱা নাই, যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তাৎক্ষণিকভাৱে কোনো আনুষ্ঠানিক খবৰ পোৱা নাই যদিও স্থানীয় সংবাদ সূত্ৰ অনুসৰি সভাস্থলীত আতচবাজীৰ ফলত জুইৰ সূত্ৰপাত হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে ।

ইৰাকৰ সংবাদ সংস্থাৰ উদ্ধৃতিৰে অসামৰিক প্ৰতিৰক্ষা বিষয়াসকলে বিবাহগৃহৰ বাহিৰৰ অংশ অতি জ্বলনশীল ক্লেডিংৰে সজাই তোলা বুলি অভিহিত কৰিছে যিটো দেশখনত অবৈধ । অগ্নিকাণ্ডৰ ফলত অতি জ্বলনশীল, কম খৰচী নিৰ্মাণ সামগ্ৰীৰ ব্যৱহাৰৰ ফলত হলটোৰ কিছু অংশ ভাঙি যায় ৷

ইৰাক কৰ্তৃপক্ষই কিয় হলটোত ক্লেডিং ব্যৱহাৰ কৰিবলৈ অনুমতি কিয় দিলে সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই যদিও আমেৰিকাৰ নেতৃত্বত ছাদ্দাম হুছেইনক উফৰাই পেলোৱা আক্ৰমণৰ দুটা দশকৰ পাছতো দুৰ্নীতি আৰু অপব্যৱস্থাপনা দেশখনত বাহাল আছে ।

কিছুমান ধৰণৰ ক্লেডিং জুই প্ৰতিৰোধী সামগ্ৰীৰে বনাব পাৰি যদিও বিশেষজ্ঞসকলে কয় যে যিবোৰ বিবাহ হল আৰু অন্যান্য ঠাইত জুই লাগিছে সেইবোৰ কঠোৰ সুৰক্ষা মানদণ্ড পূৰণ কৰিব পৰাকৈ ডিজাইন কৰা হোৱা নাছিল ৷ সদৃশ ঘটনাবোৰৰ ভিতৰত 2017 চনত লণ্ডনত সংঘটিত গ্ৰেনফেল অগ্নিকাণ্ডত 72 জন লোকৰ মৃত্যু হোৱাৰ লগতে সংযুক্ত আৰব আমিৰশ্বাহীত একাধিক উচ্চ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা অন্তৰ্ভুক্ত ।

লগতে পঢ়ক: EAM Jaishankar on Nijjar’s killing: মই দ্য ফাইভ আইজৰ অংশ নহয়; জয়শংকৰৰ আশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.