ETV Bharat / international

Bomb threat on Moscow-Goa flight: চলন্ত বিমানত বোমাতংক, জামনগৰ বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ

জামনগৰ বিমানবন্দৰত বোমা থকাৰ আশংকা কৰি জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় এখন আন্তঃৰাষ্ট্ৰীয় বিমান (International Flight From Moscow to goa)। সূত্ৰই জানিবলৈ দিয়া অনুসৰি বোমা বিশেষজ্ঞৰ দলৰ লগতে জামনগৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দল ততাতৈয়াকৈ উপস্থিত হয় জামনগৰ বিমানবন্দৰটোত ৷

author img

By

Published : Jan 10, 2023, 7:33 AM IST

Moscow to goa flight Emergency landed
মস্কো গোৱা অভিমুখী বিমানত বোমাতংক

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী: জামনগৰ বিমানবন্দৰত বোমাতংক (Bomb threat at Jamnagar airport) ৷ সোমবাৰে জামনগৰ বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰা হয় এখন আন্তঃৰাষ্ট্ৰীয় বিমান ৷ কোনো অসাধু চক্ৰই বিমানখনত বোমা ৰখা হৈছে বুলি ভাবুকি প্ৰদান কৰাৰ পাছতেই চলন্ত বিমানখনৰ যাত্ৰীসকল আতংকিত হৈ পৰে আৰু বিমানখনৰ ভিতৰত সৃষ্টি হয় এক হুৱা-দুৱাময় পৰিস্থিতিৰ ৷

অজ্ঞাত সূত্ৰৰ পৰা ভাবুকি লাভ কৰাৰ পাছতেই যাত্ৰীৰ লগতে বিমান কৰ্তৃপক্ষৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পাছতেই বিমানখনৰ ভিতৰত বোমা থকাৰ আশংকা প্ৰকাশ কৰি জৰুৰীভাৱে জামনগৰ বিমানবন্দৰত অৱতৰণ কৰোৱা হয় আন্তঃৰাষ্ট্ৰীয় বিমানখন ৷ খবৰটো অৱগত হোৱাৰ হোৱাৰ পাছতেই আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত এটা বোমা বিশেষজ্ঞ তথা বোমা নিষ্ক্ৰিয়কাৰী দল জামনগৰ বিমানবন্দৰত উপস্থিত হয় ৷

বিমানখন জৰুৰীভাৱে অৱতৰণৰ সময়ত নিৰপত্তা তথা সুৰক্ষা সম্বন্ধীয় বিষয়টোলৈ লক্ষ্য ৰাখি বিমান বন্দৰটোৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ৷ জানিব পৰা মতে, বিমানখন মেক্সিকোৰ পৰা গোৱালৈ আহি আছিল (Moscow to goa) ৷ মেক্সিকোৰ পৰা গোৱা অভিমুখে আহি থকা অৱস্থাতে বোমা সম্পৰ্কীয় এক ভাবুকি লাভ কৰি আন্তঃৰাষ্ট্ৰীয় বিমানখন জামনগৰ বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰা হয় ৷ জানিব পৰা মতে, গোৱা এয়াৰ ট্ৰাফিক কণ্ট্ৰ’লে লাভ কৰিছিল বোমা সংক্ৰান্তীয় সতৰ্কবাণীটো (International Flight From Moscow to goa Emergency landed at Jamnagar Airport due to bomb suspect)৷

অৱতৰণৰ পাছতে 236 গৰাকী যাত্ৰী আৰু বিমানখনৰ 8 গৰাকী কৰ্ম-কৰ্তাক বিশেষজ্ঞৰ দলটোৱে নিৰাপদে বিমানখনৰ পৰা নমাবলৈ সক্ষম হয় বুলি আৰক্ষী ৰেঞ্জৰ মহাপৰিদৰ্শক অশোক কুমাৰ যাদৱে জানিবলৈ দিয়ে । 244 গৰাকী যাত্ৰী তথা বিমানখনৰ কৰ্ম-কৰ্তাক নিৰাপদে বিমানখনৰ পৰা নমোৱাৰ পাছত আৰক্ষী, বোমা পৰীক্ষা আৰু নিষ্ক্ৰিয়কাৰী দল (bomb detection and disposal squads) আৰু স্থানীয় কৰ্তৃপক্ষই সমগ্ৰ বিমানখনত তন্ন তন্নকৈ তালাচী চলাই থকা বুলি জানিব পৰা গৈছে ( Moscow to goa flight Emergency landed at Jamnagar Airport )।

উল্লেখ্য যে, মস্কোৰ পৰা গোৱা অভিমুখী আন্তঃৰাষ্ট্ৰীয় বিমানখন গোৱাৰ ডাব’লিম বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল যদিও আকস্মিকভাৱে বোমা সম্পৰ্কীয় সতৰ্কবাণী লাভ কৰি যাত্ৰী তথা বিমান কৰ্তৃপক্ষৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু গুজৰাটৰ জামনগৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক : Jayantamalla Baruah on protest: আন্দোলন নোহোৱাৰ বাবেই ৰাজহ পালে চৰকাৰে; জয়ন্তমল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.