ETV Bharat / international

Spain hit by scorching heat: প্ৰচণ্ড গৰমত মৃত্যু ৮৪ গৰাকীৰ - Heat wave increases every day in Spain

৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে গৰমে । উৎকট গৰমত প্ৰাণ হেৰুৱাইছে ৮৪ গৰাকী লোকে । ১০ৰ পৰা ১২ জুলাইৰ ভিতৰত যথেষ্ট বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ(Heat wave increases every day in Spain) । তাপমাত্ৰা অতিক্ৰম কৰিছে ৪৫ ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ(Temperatures even rose above 45 degrees Celsius) ।

heatwave dead 84 in 3 days in spain
Spain hit by scorching heat: প্ৰচণ্ড গৰমত মৃত্যু ৮৪ গৰাকীৰ
author img

By

Published : Jul 16, 2022, 2:24 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ১৬ জুলাই: প্ৰচণ্ড গৰমত দহিছে ৰাজ্যবাসী । তাৰমাজতে পোহৰলৈ এক ভয়ংকৰ খবৰ । উৎকট গৰমত প্ৰাণ হেৰুৱালে ৮৪ গৰাকী লোকে । স্পেইনত সংঘটিত এই ঘটনা । দেশখনত প্ৰতিদিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ(Heat wave increases every day in Spain) । দেশখনত ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে গ্ৰীষ্ম প্ৰৱাহে ।

১০ ৰ পৰা ১২ জুলাইৰ ভিতৰত যথেষ্ট বৃদ্ধি পাইছিল গ্ৰীষ্মপ্ৰৱাহ আৰু সেই সময়ৰ পৰা বৰ্তমানলৈ মৃত্যু ৮৪ গৰাকী লোকৰ । এই তথ্য প্ৰকাশ কৰিছে Carlos III নামৰ স্বাস্থ্য প্ৰতিষ্ঠানটোৱে । আনকি পৰৱৰ্তী সময়ত দেশখনৰ দক্ষিণ আৰু দক্ষিণ-পশ্চিমত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ বৃদ্ধি পাইছে (Temperatures even rose above 45 degrees Celsius) ।

উল্লেখ্য যে ছিনহুয়া সংবাদ সংস্থাই জনোৱা অনুসৰি অহা সপ্তাহলৈ এই গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থাকিব । লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে । আনহাতে এয়া স্পেইনত বছৰটোৰ দ্বিতীয় মুখ্য গ্ৰীষ্ম প্ৰৱাহ হিচাপে বিবেচিত হৈছে । স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰে যে দেশখনত প্ৰথমটো গ্ৰীষ্ম প্ৰৱাহ ১১ জুনৰ পৰা ২০ জুনলৈ চলিছিল আৰু সমগ্ৰ দেশখন প্ৰায় ৮২৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক: চীনক বাধা দিয়াত ভাৰতক সহায় কৰিবলৈ আমেৰিকাৰ প্ৰতিনিধি সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.