ETV Bharat / international

ফৰাচী লেখিকা এনি আৰন’লৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা - এনি আৰন’লৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Literature) । ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে ফৰাচী লেখিকা এনি আৰন’লৈ (Annie Ernaux awarded Nobel prize in Literature)।

Nobel prize
Nobel prize
author img

By

Published : Oct 6, 2022, 6:10 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ৬ অক্টোবৰ : ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Literature) । বৃহস্পতিবাৰে ছুইডেনৰ ষ্টকহমত ছুইডিছ একাডেমীৰ স্থায়ী সচিব মেটছ মালমে ঘোষণা কাৰমতে ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে ফৰাচী লেখিকা এনি আৰন’ৱে (Annie Ernaux awarded Nobel prize in Literature)।

৮২ বছৰীয়া আৰন’ক সাহস আৰু নিদানিক তীক্ষ্ণতাৰ বাবে এই বঁটা প্ৰদান কৰে । তেওঁৰ লেখনিৰ জৰিয়তে ব্যক্তিগত স্মৃতিৰ শিপা, বিচ্ছিন্নতা আৰু সামূহিক সংযম উন্মোচন কৰাৰ বাবে এই বঁটা প্ৰদান কৰা বুলি নোবেল সমিতিয়ে উল্লেখ কৰিছে ।

উল্লেখ্য, ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বুধবাৰে ঘোষণা (2022 Nobel prize in Chemistry) কৰা হয় । কেৰোলিন বেৰ্টজি, মৰ্টেন মেলডেল আৰু কে বেৰী শ্বাৰ্পলেছক ক্লিক কেমিষ্ট্ৰীত তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই বঁটা । ৰয়েল ছুইডিছ একাডেমী অফ ছায়েন্সেছৰ (Royal Swedish Academy of Sciences) ছোক্ৰেটেৰী জেনেৰেল হান্স এলেগ্ৰেনে বুধবাৰে ষ্টকহোমৰ কাৰোলিন্সকা ইনষ্টিটিউটত বঁটা বিজয়ীৰ নাম ঘোষণা কৰে ।

উল্লেখ্য, ২০২২ চনৰ নোবেল শান্তি বঁটা (Nobel Peace Prize) শুকুৰবাৰে আৰু অৰ্থনীতিৰ নোবেল বঁটা ১০ অক্টোবৰত ঘোষণা কৰা হ'ব । বঁটাসমূহত 10 নিযুত ছুইডিছ ক্ৰ'নাৰ (প্ৰায় 900,000 আমেৰিকান ডলাৰ) নগদ ধন প্ৰদান কৰা হয় আৰু এই বঁটা 10 ডিচেম্বৰত প্ৰদান কৰা হ'ব ।

ইতিমধ্যে মঙলবাৰে এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে । এই বঁটা লাভ কৰিছে পদাৰ্থবিজ্ঞানী এলাইন এস্পেক্ট, জন ক্লজাৰ আৰু এণ্টন জেইলিংগাৰক (Nobel prize for quantum information science) ৷

কোৱাণ্টাম তথ্য বিজ্ঞানৰ ওপৰত তেওঁলোকৰ কামৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (2022 Nobel Prize in Physics declared) । আনহাতে, ছুইডিছ বিজ্ঞানী স্বন্তে পাবোৱে সোমবাৰে নিয়াণ্ডাৰথাল ডিএনএৰ গোপনীয়তা উন্মোচন কৰাৰ বাবে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰে । যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ মূল অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল ।

লগতে পঢ়ক :2022 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.