ETV Bharat / international

Russia Ukraine War : ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ যুঁজাৰু বিমান ভূপতিত

author img

By

Published : May 14, 2023, 11:07 AM IST

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজতে দুখনকৈ ৰাছিয়াৰ যুঁজাৰু বিমান আৰু দুখন সামৰিক হেলিকপ্টাৰক গুলীবৰ্ষণ কৰি ধ্বংস কৰা হয় (Four Russian military aircraft shot down)। একাংশই দুৰ্ঘটনা বুলি দাবী কৰিছে । অৱশ্যে ইউক্ৰেইন পক্ষই কোনো স্পষ্টীকৰণ দিয়া নাই ।

Russia Ukraine War
ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ যুঁজাৰু বিমান ভূপতিত

নেশ্যনেল ডেস্ক, ১৪ মে': ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Russia Ukraine War)। ৰাছিয়াই ধাৰাবাহিকভাৱে ইউক্ৰেইনৰ ওপৰত বিভিন্ন ধৰণে আক্ৰমণ কৰি আছে । ইয়াৰ মাজতে ইউক্ৰেইনৰ সীমান্তত দুখনকৈ ৰাছিয়াৰ যুঁজাৰু বিমান আৰু দুখন সামৰিক হেলিকপ্টাৰ গুলীবৰ্ষণ কৰি ধ্বংস কৰা হয় । এছইউ-৩৪ যুঁজাৰু-বোমাৰু, এছইউ-৩৫ যুঁজাৰু আৰু দুখন এমআই-৮ হেলিকপ্টাৰ ধ্বংস হয় (Four Russian military aircraft shot down)।

উত্তৰ-পূব ইউক্ৰেইনৰ কাষৰীয়া ব্ৰাইনস্ক অঞ্চলত সংঘটিত এক আক্ৰমণৰ সময়তে গুলীবৰ্ষণ কৰা হয় বুলি ৰাছিয়াৰ সংবাদ মাধ্যম প্ৰকাশ কৰিছে । অৱশ্যে ইউক্ৰেইন পক্ষই এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই ।

প্ৰাথমিক তথ্য অনুসৰি বায়ু সেনাৰ যুঁজাৰু বিমানকেইখনে ইউক্ৰেইনৰ চেৰনিহিভ অঞ্চলৰ মিছাইল আৰু বোমা আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল আৰু হেলিকপ্টাৰকেইখন তেওঁলোকক সমৰ্থন কৰিবলৈ গৈছিল । ইফালে, ৰাছিয়াৰ সামাজিক মাধ্যমত পোষ্ট কৰা ভিডিঅ'সমূহত দেখা গৈছে যে ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাছিয়াৰ ব্ৰাইনস্ক অঞ্চলত এখন হেলিকপ্টাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কৰা হৈছে (Russian military aircraft shot down near Ukraine)।

অৱশ্যে বিভিন্ন সংস্থাৰ খবৰ অনুসৰি হেলিকপ্টাৰৰ ইঞ্জিনত অগ্নিসংযোগৰ পাছতে সীমান্তৰ পৰা ৪০ কিলোমিটাৰ দূৰত দুৰ্ঘটনাত পতিত হয় । অৱশ্যে আন এখন হেলিকপ্টাৰৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই ।

কিন্তু ইউক্ৰেইনৰ পৰা এই ক্ষেত্ৰত কোনো আনুষ্ঠানিক সঁহাৰি দিয়া হোৱা নাই । অৱশ্যে ৰাছিয়াৰ ভিতৰত আক্ৰমণৰ প্ৰতিবেদনৰ ওপৰত ইউক্ৰেইনে মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে । অৱশ্যে, এক টুইটযোগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠ উপদেষ্টা মাইখাইলো পোডোলিয়াকে ঘটনাটোক তাৎক্ষণিক ঘটনা বুলি অভিহিত কৰিছে । ইফালে, যুদ্ধবিধ্বস্ত পূব চহৰ বাখমুটৰ ওচৰত ৰাছিয়াৰ সৈন্যৰ বিৰুদ্ধে ইউক্ৰেইন বাহিনী আগবাঢ়ি আছে ।

শেহতীয়াকৈ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে সেনা বাহিনীয়ে বাখমুটৰ আন এটা খণ্ডৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছে । বায়ু সেনাই স্থল সেনাৰ গ্ৰুপবোৰক সমৰ্থন প্ৰদান কৰিছিল আৰু শত্ৰুৰ বিৰুদ্ধে যুঁজত সহায় কৰিছিল ।

লগতে পঢ়ক :Palestinian Islamic Jihad Targets Jerusalem : জেৰুজালেমত পেলেষ্টাইনী ইছলামিক জিহাদৰ ৰকেট আক্ৰমণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.