ETV Bharat / international

Jet Crashes at US Air Show : আমেৰিকাৰ এয়াৰ শ্ব'ত দুৰ্ঘটনাগ্ৰস্ত মিগ ২৩ যুঁজাৰু জেট; সুৰক্ষিতভাৱে উদ্ধাৰ দুজনক - 2 people eject safely in fighter jet crash

চিবিএছ নিউজে ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ (এফএএ) উদ্ধৃতি দি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়িপচিলাণ্টি চহৰৰ ওচৰৰ ৱিলো ৰান বিমানবন্দৰৰ দক্ষিণে থকা মিগ-২৩ যুঁজাৰু জেটৰ পৰা দুজন আৰোহীয়ে পেৰাচুটেৰে অৱতৰণ কৰাৰ পিছত জেটখন দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত এক এয়াৰ শ্ব'ৰ সময়ত সংঘটিত হয় ।

Jet Crashes at US Air Show
Jet Crashes at US Air Show
author img

By

Published : Aug 14, 2023, 2:07 PM IST

ইণ্টাৰেচনেল ডেস্ক, ১৪ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান প্ৰদেশত এয়াৰ শ্ব'ৰ সময়ত এখন যুঁজাৰু জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । সংবাদ মাধ্যমৰ সূত্ৰত এই কথা প্ৰাকশ । আনহাতে, দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু জেটখনৰ পৰা দুজন লোকে সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হয় । দেওবাৰে সন্ধিয়া ঠিক ৪ বজাৰ পিছতে জেটখনত থকা আৰোহী দুজনে য়িপচিলাণ্টি চহৰৰ ওচৰৰ ৱিলো ৰান বিমানবন্দৰৰ দক্ষিণে মিগ-২৩ যুঁজাৰু জেটৰ পৰা পেৰাচুটেৰে বেলেভিল হ্ৰদত অৱতৰণ কৰে । চিবিএছ নিউজে ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ (এফএএ) উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে ।

আনহাতে, এক বিবৃতিত ৱেইন কাউণ্টি বিমানবন্দৰ কৰ্তৃপক্ষই কয় যে, দুয়োজন লোক অৱশ্যে কোনোধৰণৰ গুৰুতৰ আঘাত নোহোৱাকৈ জেটখনৰ পৰা ওলাই আহিবলৈ সক্ষম হয় । কিন্তু দুয়োকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি চিএনএনৰ প্ৰতিবেদনত প্ৰকাশ । ইয়াৰ পিছত বিমানখন ওচৰৰ এপাৰ্টমেণ্ট কমপ্লেক্সৰ পাৰ্কিং লটত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ৰখাই থোৱা বাহনসমূহত খুন্দা মাৰে বুলি কৰ্তৃপক্ষই জনাইছে । আনহাতে, ইয়াৰ ফলত এপাৰ্টমেণ্ট কমপ্লেক্সৰ এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় বুলিও লগতে প্ৰকাশ কৰা হৈছে ।

এয়াৰ শ্ব'ৰ দুদিনীয়া অনুষ্ঠান 'থাণ্ডাৰ অ'ভাৰ মিচিগান'ৰ আয়োজকসকলে প্ৰকাশ কৰিছে যে তেওঁলোকে এই পৰিস্থিতিৰ পিছত অনুষ্ঠানটো বন্ধ কৰিছে । অৱশ্যে ইয়াতকৈ অধিক তথ্য তেওঁলোকে একো প্ৰকাশ কৰা নাই । "অনুগ্ৰহ কৰি আপোনালোকে নিজৰ বাহনত উঠক আৰু শান্তভাৱে বিমানক্ষেত্ৰৰ পৰা বাহিৰলৈ যাওক । অনুগ্ৰহ কৰি ধৈৰ্য ধৰক, যাতে আমি অঞ্চলটোৰ চাৰিওফালে যান-বাহনবোৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ ।" ছ'চিয়েল মিডিয়া পোষ্টত এই ঘোষণা কৰা হৈছে । আনহাতে, আইএএনএছৰ এক প্ৰতিবেদন অনুসৰি, ঘটনাটোৰ তদন্ত এফএএ আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা বোৰ্ডে (এনটিএছবি) কৰিব ।

লগতে পঢ়ক :Hawaii wildfire : আমেৰিকাত শতিকাৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড, মৃতকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.