ETV Bharat / international

PIA Account Freezes : পাকিস্তান ইণ্টাৰনেচনেল এয়ালাইনছৰ একাউণ্ট ফ্ৰীজ - পাকিস্তান ইণ্টাৰনেচনেল এয়ালাইনছৰ একাউণ্ট ফ্ৰীজ

বিত্তীয় অসুবিধাৰ সন্মুখীন হোৱা পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছ পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে । শেহতীয়াভাৱে পিআইএৰ বেংক একাউণ্টটো ফ্ৰীজ কৰা হৈছে । পাকিস্তানৰ কৰ সম্পৰ্কীয় অনুসন্ধানকাৰী সংস্থা ফেডাৰেল বোৰ্ড অব ৰেভিনিউয়ে (এফবিআৰ) এই পদক্ষেপ গ্ৰহণ কৰিছে ।

PIA Account Freezes
PIA Account Freezes
author img

By

Published : Jul 27, 2023, 7:00 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ২৭ জুলাই : পাকিস্তানৰ আগশাৰীৰ বিমান সেৱা কোম্পানী পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ (পিআইএ) একাউণ্ট ফ্ৰীজ কৰা হৈছে । এআৰআই নিউজৰ প্ৰতিবেদন অনুসৰি, পাকিস্তানী বিমান সংস্থাটোৱে ২ বিলিয়নতকৈ অধিক টকা (পাকিস্তানী মুদ্ৰাত) কৰ পৰিশোধ কৰা নাই । যাৰ বাবে ফেডাৰেল বোৰ্ড অব ৰেভিনিউয়ে (এফবিআৰ) এই পদক্ষেপ গ্ৰহণ কৰিছে । যোৱা বছৰ জানুৱাৰীত এফবিআৰে পিআইএৰ ৫৩ টা বেংক একাউণ্ট ফ্ৰীজ কৰিছিল । সেই সময়ত ইয়াৰ পৰিমাণ আছিল ২৬ বিলিয়ন টকা ।

অৱশ্যে পিআইএয়ে এফবিআৰক আশ্বাস দিছিল যে কোম্পানীটোৱে সোনকালেই তেওঁলোকৰ কৰ পৰিশোধ কৰিব । যাৰ ফলত উক্ত বন্ধ কৰা একাউণ্টবোৰ পুনৰ ঘূৰাই দিছিল । সূত্ৰঅনুসৰি, পিআইএৰ এফবিআৰৰ ওচৰত প্ৰায় ২.৮ বিলিয়ন টকাৰ কৰ পৰিশোধ কৰিবলগা আছে । অৱশ্যে পাক সংবাদপত্ৰ ডনৰ প্ৰতিবেদন অনুসৰি, এয়াৰলাইনছটোৱে দাবী কৰিছে যে তেওঁলোকৰ বকেয়া কৰ প্ৰায় ১.৩ বিলিয়ন টকা ।

এআৰআই নিউজে লগতে জনাইছে যে কেৱল পাকিস্তানী এয়াৰলাইনছৰ একাউণ্টেই ফ্ৰীজ কৰা হোৱা নাই, পাকিস্তান ষ্টেট অইলে (পিএছঅ') তিনিখন পিআইএ বিমানৰ বাবে ইন্ধন যোগান ধৰিবলৈও অস্বীকাৰ কৰিছে । যাৰ বাবে পিকে-৩০৯ ইছলামাবাদ-কৰাচী, পিকে-৩৩০ কৰাচী-মুলতান আৰু পিকে-৭৩৯ মুলতান-জেড্ডাৰ ধৰি নিৰ্ধাৰিত বিমান চলাচল ব্যাহত হৈ আছে ।

এই সন্দৰ্ভত পিআইএৰ মুখপাত্ৰই কয়, "আমি একাউণ্টবোৰ পুনৰ উদ্ধাৰ কৰিবলৈ চৰকাৰী পৰ্যায়ত এফবিআৰৰ সৈতে যোগাযোগ কৰি আছোঁ ।" অৱশ্যে তেওঁ লগতে কয় যে পিআইএৰ বেংক একাউণ্ট বন্ধ কৰিলেও ইয়াৰ বিমানৰ উৰণ ব্যাহত নহ'ব ।

দ্য নিউজ ইণ্টাৰনেচনেলৰ মতে, বিগত সপ্তাহত পিআইএৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছিল যে কোম্পানীটোৰ হাতত এদিনৰ বাবে বিমান চলাচল কৰিবলৈও ধন নাছিল । এনে পৰিস্থিতিত চৰকাৰে পিআইএৰ লোকচান কেনেদৰে বন্ধ কৰিব লাগে সেয়া বিবেচনা কৰি আছে । সদ্যহতে পিআইএৰ লোকচান ৬০০ বিলিয়ন পাকিস্তানী টকা হৈ পৰিছে । ইয়াৰ বাবে চৰকাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পুনৰ্গঠন পৰিকল্পনা কৰাৰ কথাও বিবেচনা কৰি আছে । একে সময়তে পিআইএৰ ব্যক্তিগতকৰণৰ কথাও বিবেচনা কৰা হৈছে ।

ইয়াৰ পূৰ্বে দেশৰ আগশাৰীৰ এয়াৰলাইনছ পিআইএৰ বোৰ্ডে আৰ্থিক অসুবিধাৰ বাবে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব পৰা নাছিল । তাৰ উপৰি ইউৰোপীয় ইউনিয়ন এভিয়েচন ছেফটী এজেন্সীৰ (ইএএছএ) এটা দল ফিজিকেল অডিটৰ বাবে ছেপ্টেম্বৰত পাকিস্তানত উপস্থিত হ'ব ।

লগতে পঢ়ক :Belarusian Journalist In Prison : বিৰোধীৰ বাতৰি পৰিবেশনেই অপৰাধ; বেলাৰুছৰ সাংবাদিকক ৬ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.