ETV Bharat / international

এক্সৰ ওপৰত ইহুদীবিৰোধী অভিযোগৰ মাজতে ইজৰাইল ভ্ৰমণ ইলন মাস্কৰ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 12:35 PM IST

Updated : Nov 28, 2023, 3:07 PM IST

সামাজিক মাধ্যমৰ মঞ্চ এক্সত ইহুদীবিৰোধী প্ৰচাৰক বিকশিত হ'বলৈ দিয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে বিলিয়নাৰ ইলন মাস্ক । কিন্তু তাৰ মাজতে সোমবাৰে তেওঁ ইজৰাইল ভ্ৰমণ কৰে । ভ্ৰমণকালত তেওঁ হামাছৰ আক্ৰমণৰ লক্ষ্য হোৱা কিবুটজ গাঁৱত উপস্থিত হয় আৰু উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় ।

Elon Musk visits Israel
এক্সৰ ওপৰত ইহুদীবিৰোধী অভিযোগৰ মাজতে ইজৰাইল ভ্ৰমণ এলন মাস্কৰ

ইণ্টাৰনেচনেল ডেস্ক, ২৮ নৱেম্বৰ : ইজৰাইল-হামাছ সংঘৰ্ষ সন্দৰ্ভত এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ইলন মাস্ক আৰু তেওঁৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স । ইলন মাস্কে এক্সত সৃষ্টি হোৱা এক ইহুদীবিৰোধী ষড়যন্ত্ৰ তত্ত্ব আৰু ঘৃণাৰ ব্যাপক অভিযোগক সমৰ্থন কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে । তাৰ মাজতে মাস্কে ইজৰাইল ভ্ৰমণ কৰে । এই ভ্ৰমণত তেওঁ হামাছে আক্ৰমণ কৰা কিবুটজ গাঁৱত উপস্থিত হয় আৰু শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয় ।

মাস্কে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজগকো সাক্ষাৎ কৰে । উল্লেখ্য যে তেওঁ এক্স প্লেটফৰ্মৰ বিষয়বস্তুৰ বাবে মাস্কক গালি পাৰিছিল । ইয়াৰ উপৰি তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৰ সৈতে ক্ৰফাৰ আজ্জা কিবুটজ ভ্ৰমণ কৰে । এই গাঁওখনতে হামাছে ৭ অক্টোবৰত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰা এক মাৰাত্মক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ।

নেতান্য়াহুৰ কাৰ্যালয়ে প্ৰকাশ কৰা ভিডিঅ' অনুসৰি, সুৰক্ষামূলক কৱচ পিন্ধি তেওঁ নিৰাপত্তাৰক্ষীৰ বেষ্টনীত আছিল । উল্লেখ্য যে মাস্কৰ এই ভ্ৰমণ ইজৰাইল আৰু হামাছে আৰু দুদিনৰ বাবে যুদ্ধবিৰতি সম্প্ৰসাৰণৰ চুক্তিত উপনীত হোৱাৰ সময়তে আহিছে ।

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ পৰিদৰ্শন কৰে । ইয়াৰ ভিতৰত আছে ইজৰাইল-আমেৰিকাৰ দ্বিনাগৰিকত্ব থকা ৪ বছৰীয়া কন্যা এবিগেল এডানৰ পৰিয়াল । তেওঁক পিতৃ-মাতৃক হত্যা কৰাৰ পিছত হামাছে বন্দী কৰি ৰাখিছিল । আনহাতে, সোমবাৰৰ পিছত শেষ হ'বলগীয়া গাজাত যুদ্ধবিৰতিৰ সময়ত শেহতীয়া পৰ্যায়ৰ বন্দী বিনিময়ত তেওঁক দেওবাৰে মুকলি কৰি দিয়া হৈছিল ।

এক্সত প্ৰচাৰিত নেতানিয়াহুৰ সৈতে এক বাৰ্তালাপত মাস্কে কয়, "গণহত্যাৰ দৃশ্যটো দেখি অতি কষ্ট পালোঁ ।" তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁক শিশুসহ সাধাৰণ লোকৰ হত্যাৰ বিষয়ে দেখুওৱা ভিডিঅ' আৰু ফটোবোৰে অতি দুখ দিয়ে ।

লগতে পঢ়ক :হামাছশাসিত গাজাত নেতান্যাহুৰ হুংকাৰ; হামাছ শেষ নোহোৱালৈকে যুদ্ধ অব্যাহত থাকিব

Last Updated : Nov 28, 2023, 3:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.