ETV Bharat / international

Hindu temple vandalised in Canada : কানাডাৰ হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ

কানাডাৰ উইণ্ডছৰত থকা এটা হিন্দু মন্দিৰত অচিনাক্ত দুজন লোকে আক্ৰমণ কৰে । মন্দিৰটোৰ দেৱালত দুৰ্বৃত্তই ভাৰত বিৰোধী কিছুমান শব্দ লিখা বুলি আৰক্ষীয়ে জনাইছে (Anti India graffiti in Windsor)। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

author img

By

Published : Apr 6, 2023, 8:53 PM IST

Hindu temple vandalised in Canada
কানাডাৰ হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ এপ্ৰিল : কানাডাৰ অ'ণ্টাৰিঅ'ৰ উইণ্ডছৰত দুৰ্বৃত্তই হিন্দু মন্দিৰত আক্ৰমণ কৰে (Hindu temple vandalised in Windsor)। ভাৰত বিৰোধী শক্তিয়ে হিন্দু মন্দিৰটো ভাঙি লণ্ডভণ্ড কৰে বুলি উইণ্ডছৰ আৰক্ষীয়ে জনাইছে । ইতিমধ্যে উইণ্ডছৰ আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ঘটনাটোত জড়িত থকাৰ সন্দেহত দুজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । আৰক্ষীৰ বিবৃতি অনুসৰি, ৫ এপ্ৰিলত সংঘটিত এই ঘটনাটোৰ পাছতে আৰক্ষীৰ লোকসকলক সেই স্থানলৈ ততালিকে প্ৰেৰণ কৰা হয় ।

বিবৃতি অনুসৰি নৰ্থৱে এভিনিউৰ ১৭০০ ব্লকত আছে হিন্দু মন্দিৰটো । বিষয়াসকলে জনোৱা মতে মন্দিৰটোৰ দেৱালত দুৰ্বৃত্তই ভাৰত বিৰোধী কিছুমান শব্দ লিখাৰ লগতে ক'লা ৰঙৰ স্প্ৰে’ কৰিছিল (Anti India graffiti in Windsor)। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে । চিচিটিভি ফুটেজ অনুসৰি নিশা প্ৰায় ১২ বজাত (স্থানীয় সময় অনুসৰি) অঞ্চলটোত দুগৰাকী সন্দেহজনক ব্যক্তিক দেখা গৈছিল । তাৰ ভিতৰত এজনে মন্দিৰ ভৱনটোৰ দেৱালত আক্ৰমণ কৰা দেখা গৈছে আৰু আনজনে ওচৰৰ পৰিৱেশত নজৰ ৰাখিছে ।

এজন সন্দেহযুক্ত লোকক ক'লা চুৱেটাৰ, বাওঁ ভৰিত সৰু বগা লোগো থকা ক'লা পেণ্ট আৰু ক'লা আৰু বগা হাই-টপ জোতা পিন্ধা দেখা গৈছে । দ্বিতীয়জনক ক'লা পেণ্ট, চুৱেটশ্বীট ক'লা জোতা আৰু বগা মোজা পিন্ধি থকা দেখা গৈছে । উইণ্ডছৰ আৰক্ষীয়ে মন্দিৰৰ নিকটৱৰ্তী অঞ্চলৰ বাসিন্দাসকলক সন্দেহযুক্তলোকৰ প্ৰমাণৰ বাবে নিশা ১১ বজাৰ পৰা পুৱা ১ বজাৰ ভিতৰত তেওঁলোকৰ ঘৰৰ চিচিটিভি পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে (Unidentified man attacks Hindu temple in Canada)। লোকসকলক ঘটনা সন্দৰ্ভত কোনো তথ্য থাকিলে আৰক্ষীক ফোন কৰিবলৈ আহ্বান জনাইছে ।

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত কানাডাৰ মিচিচাগাৰ ৰাম মন্দিৰত ভাৰত বিৰোধী শক্তিয়ে আক্ৰমণ কৰিছিল (Canada Hindu temple vandalised)। ইফালে ট'ৰণ্টোত থকা ভাৰতৰ কনচুলেট জেনেৰেলে মন্দিৰৰ আক্ৰমণক গৰিহণা দিয়ে আৰু কানাডিয়ান কৰ্তৃপক্ষক ঘটনাটোৰ তদন্ত কৰিবলৈ আৰু অপৰাধীসকলৰ বিৰুদ্ধে তৎক্ষণাৎ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে ।

জানুৱাৰী মাহত ব্ৰেম্পটনৰ এটা হিন্দু মন্দিৰত ভাৰত বিৰোধী ছবি অংকন কৰা হৈছিল । যাক লৈ ভাৰতীয় সম্প্ৰদায়ৰ মাজত ক্ষোভৰ সৃষ্টি হয় । ইফালে ট'ৰণ্টোত ভাৰতৰ কনচুলেট জেনেৰেলে গৌৰী শংকৰ মন্দিৰত হোৱা আক্ৰমণক গৰিহণা দি কয় যে, এই কাৰ্যই কানাডাৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুভূতিক গভীৰভাৱে আঘাত কৰিছে ।

লগতে পঢ়ক :Donald Trump arrested: পৰ্ণ তাৰকাৰে ধনৰ লেনদেন; আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.