ETV Bharat / international

Boris Johnson resigns as UK MP : সাংসদ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ

author img

By

Published : Jun 10, 2023, 11:49 AM IST

ক'ভিড মহামাৰীৰ সম্পৰ্কীয় আইন উলংঘনৰ অভিযোগ উঠিছিল বৰিছ জনছনৰ বিৰুদ্ধে (UK MP Boris Johnson)। তেওঁ সংসদক বিপথে পৰিচালিত কৰাৰ কথাও প্ৰায় নিশ্চিত হৈছে । তদন্তকাৰী সমিতিৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পূৰ্বেই বৰিছ জনছনৰ পদত্যাগ ।

Boris Johnson resigns as UK MP
সাংসদ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ জুন : ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে শুকুৰবাৰে সাংসদ পদৰ পৰা পদত্যাগ কৰে (Boris Johnson resigns as UK MP)। তেওঁৰ বিৰুদ্ধে সংসদক বিপথে পৰিচালিত কৰাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পূৰ্বে তেওঁ পদত্যাগ কৰে । যি খবৰে সমগ্ৰ ব্ৰিটেইনক হতবাক কৰি তুলিছে । ইফালে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিৰোধীৰ লগতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰে । ইয়াৰ লগে লগে শাসনাধিস্থ কনজাৰ্ভেটিভ পাৰ্টিৰ ভিতৰচ'ৰাতো তীব্ৰ উত্তেজনা হোৱাৰ আশংকা কৰা হৈছে (UK politics)।

উল্লেখ্য যে জনছনে ক'ভিড মহামাৰীৰ সময়ত নিয়ম ভংগ কৰা চৰকাৰী দলবোৰৰ "পাৰ্টিগেট" সম্পৰ্কে সংসদত দিয়া বিভ্ৰান্তিকৰ মন্তব্যৰ বিষয়ে সাংসদসকলে তদন্ত কৰিছিল আৰু সেই তদন্তৰ ফলাফল পোৱাৰ পাছতে জনছনে পদত্যাগ কৰে (Boris Johnson resigns)। এক দীঘলীয়া পদত্যাগ পত্ৰত জনছনে বিৰোধীসকলক তেওঁক বিতাড়িত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ ইংগিত দিয়ে যে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ইমানতে শেষ নহয় । তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে এই মুহূৰ্তত সংসদ ত্যাগ কৰি যোৱাটো অতি বেদনাদায়ক ।

৫৮ বছৰীয়া জনছনে কয় যে তেওঁ বিশেষাধিকাৰ সমিতিৰ পৰা এখন পত্ৰ লাভ কৰিছিল য'ত স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকে জনছনক সংসদৰ পৰা বিতাড়িত কৰিবলৈ কাৰ্য্যক্ৰম ব্যৱহাৰ কৰিবলৈ সংকল্পবদ্ধ (Boris Johnson misleading Parliament)। জনছনৰ বিৰুদ্ধে তদন্ত কৰা সমিতিখনক কেংগাৰু আদালত বুলিও অভিহিত কৰে জনছনে । তদন্ত সমিতিখনত চৰকাৰ আৰু বিৰোধী পক্ষৰ সদস্য আছে ।

জনছনে অভিযোগ কৰা মতে পূৰ্বৰে পৰা তেওঁক দোষী কৰাৰ এক ষড়যন্ত্ৰ চলি আছিল । জনছনৰ পদত্যাগৰ পাছতে হাউচ অফ কমন্সৰ উপনগৰীয় লণ্ডন আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । উল্লেখ্য যে জনছনৰ ৰাজনৈতিক কেৰিয়াৰত কেইবাটাও কেলেংকাৰী আৰু প্ৰত্যাৱৰ্তন দেখা গৈছে । ২০১৯ চনত কনজাৰ্ভেটিভ দলটোৱে এক বৃহৎ বিজয়ৰ মুখ দেখিছিল । তাৰ নেতৃত্ব দিছিল জনছনে । কিন্তু ৩ বছৰতকৈও কম সময়ৰ ভিতৰতে তেওঁৰ নিজৰ দলেই তেওঁক বহিষ্কাৰ কৰিবলৈ বাধ্য হৈছিল ।

২০২০ আৰু ২০২১ চনত চৰকাৰী ভৱনসমূহত কেইবাটাও সমাৱেশৰ বিষয়ে সংসদত দিয়া বিভ্ৰান্তিকৰ মন্তব্যৰ ওপৰত হাউচ অফ কমন্সৰ মানক সমিতিৰ তদন্তৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে ব্ৰিটেইনে । আনকি জনছনে সংসদক বিপথে পৰিচালিত কৰাৰ কথাও স্বীকাৰ কৰিছে । তেওঁ সাংসদসকলক আশ্বাস দিছে যে কোনো নিয়ম ভংগ কৰা হোৱা নাই । তেওঁ ইচ্ছাকৃতভাৱে এনে কৰা নাছিল বুলিও দাবী কৰিছিল । তেওঁ সমিতিক কৈছিল যে তেওঁ ৫ টা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । মহামাৰীৰ সৈতে যুঁজি থকা অত্যাধিক পৰিশ্ৰমী কৰ্মচাৰীসকলৰ মাজত মনোবল বৃদ্ধি কৰাৰ বাবেহে তেওঁ সেই অনুষ্ঠানত উপস্থিত আছিল বুলি উল্লেখ কৰে ।

উল্লেখ্য যে ক'ভিড মহামাৰীৰ ফলত ব্ৰিটেইন যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল । আনকি ইউৰোপৰ ভিতৰতে ব্ৰিটেইনত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যাও সৰ্বাধিক আছিল । তেনে পৰিস্থিতিত বৰিছ জনছনে ক'ভিড বিধি উলংঘন কৰি পাৰ্টিত উপস্থিত থকা বিষয়টো পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ব্ৰিটেইনতে ব্যাপক প্ৰতিক্ৰিয়া হৈছে ।

লগতে পঢ়ক :White House Documents case : হোৱাইট হাউচৰ নথি পত্ৰৰ অপব্যৱহাৰৰ গোচৰত অভিযুক্ত ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.