ETV Bharat / international

ভাই এহাজাৰ শতাংশ সুস্থ; ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ উৰাবাতৰি সন্দৰ্ভত ছোটা শ্বাকিল

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 12:37 PM IST

Dawood Ibrahim Death Rumours : আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিম সুস্থ শৰীৰে আৰু সক্ৰিয় হৈ আছে । এই দাবী তেওঁৰ সহায়ক ছোটা শ্বাকিলৰ । তেওঁ কয় যে এনে ভিত্তিহীন উৰাবাতৰি সময়ে সময়ে বিদ্বেষপূৰ্ণ অভিপ্ৰায়েৰে ইচ্ছাকৃতভাৱে বিয়পাই দিয়া হৈছে ।

Chhota Shakeel on Dawood Ibrahim death rumours
ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ উৰাবাতৰি সন্দৰ্ভত চোটা চাকিল

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ বাতৰি অস্বীকাৰ কৰি তেওঁৰ ঘনিষ্ঠ সহযোগী ছোটা শ্বাকিলে কয় যে 'ভাই ১০০০ শতাংশ ফিট আৰু স্বাস্থ্যৱান' । এক সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, পাকিস্তানত ডাউদ ইব্ৰাহিম সুস্থ শৰীৰে থকাটো নিশ্চিত কৰি চোটা শ্বাকিল কৈছে যে চুবুৰীয়া দেশখনত ডনক সাক্ষাতৰ পিছত তেওঁ এই কথা কৈছে ।

শ্বাকিলে মৃত্যুৰ উৰাবাতৰিক ভিত্তিহীন বুলি প্ৰত্যাখ্যান কৰি কয় যে এনেধৰণৰ খবৰ সময়ে সময়ে বিদ্বেষপূৰ্ণ অভিপ্ৰায়েৰে বিয়পাই দিয়া হৈছে । তেওঁৰ এই স্পষ্টীকৰণ ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ডনৰ মৃত্যুৰ বাতৰিৰ পিছত আহিছে । খবৰ ওলাইছিল যে নতুন দিল্লীৰ ম'ষ্ট ৱাণ্টেড আণ্ডাৰৱৰ্ল্ড গেংষ্টাৰজনক পাকিস্তানৰ কৰাচীত বিহপান কৰাই হত্যা কৰা হৈছে ।

উল্লেখ্য যে বিগত দুদিন ধৰি পাক সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে ভাৰতৰ ম'ষ্ট ৱাণ্টেড ডাউদক কোনো অজ্ঞাত লোকে বিহ সেৱন কৰাইছে ।

তাৰ পিছত গুৰুতৰভাৱে অসুস্থ হৈ পৰা ডাউদক কৰাচীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তাত তেওঁ চিকিৎসাধীন হৈ আছে যদিও স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে, চিকিৎসালয়খনৰ এটা মহলা সম্পূৰ্ণভাৱে ডাউদৰ বাবেই আছুতীয়াকৈ প্ৰদান কৰা হৈছে । তাত তেওঁৰ চিকিৎসা চলি আছে । কিন্তু তাৰ পিছত সোমবাৰে প্ৰকাশ পায় যে ডাউদৰ বিষক্ৰিয়াত মৃত্যু ঘটিছে ।

আনহাতে, ডাউদৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ প্ৰখ্যাত ক্ৰিকেটাৰ জাভেদ মিয়াঁদাদক পাকিস্তান আৰক্ষীয়ে সতৰ্কতামূলক পদক্ষেপ হিচাপে গৃহবন্দী কৰি ৰখা বুলিও খবৰ ওলায় । উল্লেখ্য যে ডাউদ আৰু মিয়াঁদাদ হৈছে আত্মীয় । ডাউদৰ ডাঙৰ জীয়ৰী মাহৰুখ ইব্ৰাহিম মিয়াঁদাদৰ পুত্ৰ জুনেইদ মিয়াঁদাদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোক দুয়ো এই সম্পৰ্কৰ বাবে বিয়ৈ ।

উল্লেখ্য যে ডাউদৰ জন্ম মুম্বাইত । তেওঁ ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ গোচৰত অভিযুক্ত অপৰাধী । ক্ৰিকেট খেলৰ সময়ত ডাউদক প্ৰায়ে ষ্টেডিয়ামত খেল উপভোগ কৰা দেখা গৈছিল ।

লগতে পঢ়ক :6.2 প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি গ’ল চীনৰ গানছু প্ৰদেশ, 111 জন মৃত্যুৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.