ETV Bharat / international

Belarusian Journalist In Prison : বিৰোধীৰ বাতৰি পৰিবেশনেই অপৰাধ; বেলাৰুছৰ সাংবাদিকক ৬ বছৰৰ কাৰাদণ্ড

বেলাৰুছৰ এখন আদালতে ৪৫ বছৰীয়া সাংবাদিক পাভেল মাজহেইকাক ৰাজনৈতিক বিৰোধী দলৰ বাতৰি পৰিবেশন কৰাৰ বাবে 'উগ্ৰপন্থী কাৰ্যকলাপত জড়িত' বুলি দোষী সাব্যস্ত কৰি ৰায় দিয়ে । আদালতে বেলাৰুছৰ ৰাজনৈতিক বন্দীসকলৰ বিষয়ে মাঝেইকাক তথ্য দিয়াৰ অভিযোগত অভিযুক্ত অধিবক্তা য়ুলিয়া য়ুৰহিলেভিচকো শাস্তি প্ৰদান কৰে ।

Belarusian Journalist In Prison
Belarusian Journalist In Prison
author img

By

Published : Jul 27, 2023, 12:54 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ২৭ জুলাই : বেলাৰুছৰ এজন বিশিষ্ট সাংবাদিকক বুধবাৰে ছয় বছৰৰ কাৰাদণ্ডৰ আদেশ দিয়া হয় । যিটো হৈছে বিৰোধী দলৰ ব্যক্তি, স্বতন্ত্ৰ সাংবাদিকতা আৰু মানৱ অধিকাৰ কৰ্মীসকলৰ ওপৰত বছৰজোৰা অভিযানৰ শেহতীয়া পদক্ষেপ । পশ্চিম বেলাৰুছৰ গ্ৰোডনো চহৰত বিচাৰৰ সময়ত ৪৫ বছৰীয়া পাভেল মাজহেইকাক ৰাজনৈতিক বিৰোধীৰ কাৰ্যকলাপৰ বিষয়ে বাতৰি পৰিবেশন কৰাৰ বাবে 'উগ্ৰপন্থী কাৰ্যকলাপত জড়িত' বুলি দোষী সাব্যস্ত কৰা হয় ।

তেওঁৰ বিৰুদ্ধে বেলচাট টিভিকে ধৰি বিভিন্ন বাতৰি প্ৰতিষ্ঠানৰ বাবে কাম কৰাৰ অভিযোগ আছিল । বেলচাট টিভি হৈছে চুবুৰীয়া পোলেণ্ড ভিত্তিক চেনেল আৰু ই বেলাৰুছত বাতৰি সম্প্ৰচাৰ কৰে । বেলাৰুছৰ কৰ্তৃপক্ষই বেলচাটক 'উগ্ৰপন্থী' বুলি অভিহিত কৰিছে । আনহাতে, অধিবক্তা য়ুলিয়া য়ুৰহিলেভিচকো বেলাৰুছৰ ৰাজনৈতিক বন্দীসকলৰ বিষয়ে মাজহেইকাক তথ্য দিয়াৰ অভিযোগত ছয় বছৰৰ কাৰাদণ্ড বিহা হৈছে । বিশেষকৈ এই মাহৰ আৰম্ভণিতে বেলাৰুছৰ কাৰাগাৰত মৃত্যু হোৱা ভিন্ন মতাদৰ্শী শিল্পী এলেছ পুছকিনৰ ওপৰত বাতৰি পৰিবেশনৰ বাবে এই শাস্তি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, প্ৰায় ১৮ বছৰ ধৰি ওকালতি কৰি অহা আৰু মানৱ অধিকাৰ কৰ্মীসকলক ৰক্ষা কৰা ৪২ বছৰীয়া য়ুৰহিলেভিচকৰ ২০২২ চনৰ ফেব্ৰুৱাৰীত ওকালতিৰ অনুজ্ঞা-পত্ৰ প্ৰত্যাহাৰ কৰা হৈছিল । বিচাৰৰ সময়ত মাজহেইকাই কয়, "এয়া কোনো বিচাৰ নহয়, এয়া বিচাৰ প্ৰক্ৰিয়াৰ নামত প্ৰহসন, নাটক- এজন সাংবাদিক আৰু এজন উকীলক তথ্য প্ৰচাৰৰ বাবে বিচাৰৰ কাঠগড়াত থিয় কৰোৱা হৈছে ।"

মাজহেইকা হৈছে বেলাৰুছৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি । ২০০২ চনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আলিয়াকচেন্দ্ৰ মিলিংকেভিচৰ প্ৰেছ সচিব হোৱাৰ পূৰ্বে তেওঁক 'ৰাষ্ট্ৰপতিক অপবাদ দিয়াৰ' বাবে দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল ।

মাজহেইকাই তেতিয়াৰে পৰা বেলাৰুছ আৰু পোলেণ্ড দুয়োখন দেশতে আগশাৰীৰ স্বতন্ত্ৰ বাতৰি প্ৰতিষ্ঠানৰ বাবে কাম কৰি আহিছে । লগতে কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিছে আৰু বেলচাট টিভিৰ কাৰ্যবাহী সঞ্চালক হিচাপে কাম কৰি আহিছে ।

সাংবাদিকজনে ২০২২ চনৰ আগষ্টত গ্ৰেপ্তাৰ হোৱাৰ পিছত ১১ মাহ কাৰাবাস খাটিছিল । ইয়াৰ পূৰ্বে মাজহেইকাই কৈছিল যে, আটকৰ সময়ত তেওঁক আৰক্ষী বিষয়াসকলে গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল । লগতে তেওঁৰ চকু উলিয়াই দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

আনহাতে, বেলাৰুছৰ বিৰোধী নেতাসকলে এই শাস্তি প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰিছে । ইয়াৰ ভিতৰত অন্যতম হৈছে চভিয়েটলানা শিখানুস্কায়া মাজহেইকা আৰু য়ুৰহিলেভিচ ।

তেওঁ কয়, "আজি সাহসী সাংবাদিক পাভেল মাজহেইকা আৰু অধিবক্তা য়ুলিয়া য়ুৰহিলেভিচক বেলাৰুছত ন্যায়ৰ আন এক উপহাসত ছয় বছৰৰ কাৰাদণ্ড দিয়া হৈছে । যিসকলে সঁচা কথা ক'বলৈ সাহস কৰে তেওঁলোকৰ ওপৰত এয়া এক স্পষ্ট আক্ৰমণ । সাংবাদিক আৰু উকীলসকলক তেওঁলোকৰ বৃত্তি সম্পাদন কৰাৰ বাবে অত্যাচাৰ কৰা হৈছে ।"

উল্লেখ্য, বেলাৰুছৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে ২০২০ চনৰ আগষ্টৰ নিৰ্বাচনৰ পিছৰ পৰা বৃহৎ মাত্ৰাত দমনৰ সন্মুখীন হৈছে । এই নিৰ্বাচনত ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৱে ষষ্ঠবাৰৰ বাবে শাসনভাৰ দখল কৰে ।

লগতে পঢ়ক :Kim Jong Un meets Russian Defense Minister : ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কিম জং উনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.